শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমলৈ আহিব মোদী-শ্বাহ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে উন্মোচিত কৰিব বিজেপিৰ ৰাজনৈতিক আখ্যান

২৯ আগষ্টত অমিত শ্বাহৰ ভ্ৰমণৰ ঠিক ১০ দিনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম ভ্ৰমণ কৰাৰ কথা। ৰাজ্যিক বিজেপিয়ে দুয়োগৰাকী নেতাৰ ভ্ৰমণৰ সফলতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

অসমলৈ আহিব মোদী-শ্বাহ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে উন্মোচিত কৰিব বিজেপিৰ ৰাজনৈতিক আখ্যান
অসমত অমিত শ্বাহ (ফাইল ফটো)Image Credit source: PTI
raj-saikia
Raj Saikia | Published: 09 Aug 2025 15:21 PM

অহা ২৯ আগষ্টত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, এই ভ্ৰমণৰ সময়ত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক আখ্যান গঢ়ি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

শ্বাহৰ ভ্ৰমণৰ ঠিক ১০ দিনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম ভ্ৰমণ কৰাৰ কথা। ৰাজ্যিক বিজেপিয়ে দুয়োগৰাকী নেতাৰ ভ্ৰমণৰ সফলতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শুকুৰবাৰে সন্ধিয়া বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দুয়োটা হাইপ্ৰফাইল ভ্ৰমণৰ বাবে প্ৰস্তুতিমূলক বৈঠকত অনুষ্ঠিত কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ২৯ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত নতুনকৈ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব।

দিনটোৰ দ্বিতীয়টো কাৰ্যসূচীত শ্বাহে এন ডি এৰ সদ্য নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া ৰাজ্যৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলিও শৰ্মাই লগতে কয়। ৰাজ্যিক নিৰ্বাচনলৈ ছয়ৰ পৰা সাত মাহ বাকী থকাৰ সময়ত শ্বাহৰ ভ্ৰমণৰ তাৎপৰ্যপূৰ্ণ বুলি কয় মুখ্যমন্ত্ৰীয়ে।

‘‘অমিত শ্বাহজীয়ে পঞ্চায়ত প্ৰতিনিধিসকলৰ আগত দিয়া ভাষণ নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ভাষণ হ’ব। সেইদিনাৰ পৰা ৰাজনৈতিক আখ্যান নিৰ্মাণৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে আৰম্ভ হ’ব।’‘ ডঃ শৰ্মাই কয়। অহা বৰ্ষৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি আৰু সহযোগী দলসমূহে চৰকাৰ গঠনৰ লক্ষ্যৰে যুঁজ দিব।

হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৮ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰিব। তেওঁ নুমলীগড়ত ৪ হাজাৰ কোটিৰো অধিক ব্যয়ৰে স্থাপন কৰা প্ৰথমটো বায়’-ইথানল শোধনাগাৰ দেশৰ বাবে উৎসৰ্গা কৰিব।

ইয়াৰ পিছত তেওঁ মঙলদৈত তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই তিনিটা প্ৰকল্প হৈছে গুৱাহাটী ৰিং ৰোড, নাৰেংগী আৰু কুৰুৱাৰ মাজৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন দলং আৰু মঙলদৈ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত এক কাৰ্যসূচীত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি কৰিব বুলিও শৰ্মাই লগতে কয়।

যদিও পঞ্চায়ত প্ৰতিনিধিৰ বৈঠকৰ বাহিৰে প্ৰধানমন্ত্ৰী আৰু শ্বাহৰ সকলো কাৰ্যসূচী চৰকাৰী, বিজেপিয়ে সকলো অনুষ্ঠানৰ সফলতা নিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলিও তেওঁ কয়। শৰ্মাই কয়, ‘‘বিজেপিৰ সকলো সাংসদ, বিধায়ক, জিলা নেতৃত্বই গুৱাহাটীত বৈঠকত মিলিত হৈ ভ্ৰমণ সফলতা নিশ্চিত কৰে।”

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৈঠকৰ অন্তত এক্সত পোষ্ট কৰি দলীয় সকলো কৰ্মকৰ্তাক দুয়োটা ভ্ৰমণৰ সফলতা নিশ্চিত কৰিবলৈ আহ্বান জনায়। ‘‘২৯ আগষ্টত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী @AmitShah জীয়ে অংশগ্ৰহণ কৰিবলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পূৰ্বে আজি ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়।‘‘ দিলীপ শইকীয়াই পোষ্টত এইদৰে কয়।

মুখ্যমন্ত্ৰীয়ে অধিৱেশনৰ ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণৰ পৰ্যালোচনা কৰে বুলিও তেওঁ কয়। শইকীয়াই লগতে কয়, ‘‘আমি সাংসদ, বিধায়ক, আৰু আয়োজক সমিতিসমূহক কাৰ্যসূচীৰ ভৱিষ্যৎ সফলতাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ আহ্বান জনাইছোঁ।‘‘