ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা পৰিস্থিতি কেনেকুৱা ! পৰ্যালোচনা কৰিলে BSF ৰ অতিৰিক্ত সঞ্চালক প্ৰধানে
বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰবি গান্ধীয়ে ভাৰত-বাংলাদেশ সীমান্তত কাৰ্যকৰী প্ৰস্তুতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে। উল্লেখ্য় যে, বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকী চাৰিদিনীয়া বি এছ এফ গুৱাহাটী ফ্ৰনটিয়াৰ ভ্ৰমণত আছে । এই ভ্ৰমণ কালতে গান্ধীয়ে ব্ৰহ্মপুত্ৰৰ চৰ ভূমিত নদীৰ পাৰৰ সীমান্তৰ আউটপোষ্ট পৰিদৰ্শন কৰি Comprehensive Integrated Border Management System (CIBMS)ৰ মূল্যায়ন কৰে।

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ভাৰতৰ উত্তৰ-পূব অঞ্চলত । যাৰ ফলস্বৰূপে বৰ্তমানে বাংলাদেশীৰ অনুপ্ৰৱেশকে ধৰি উত্তৰ-পূৰ্বৰ নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । বহুতে ধাৰণা কৰিছে যে, বাংলাদেশৰ পৰিৱৰ্তীত ৰাজনৈতিক পৰিৱেশে উত্তৰ-পূৰ্ব ভাৰতত বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটাব পাৰে । ইয়াৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনে সমূহেও পুনৰবাৰ বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিব পাৰে । যাৰ দ্বাৰা উত্তৰ-পূৰ্বৰ শান্তি-শৃংখলাত প্ৰত্যক্ষ প্ৰভাৱ পৰা সম্ভাৱনা আছে ।
এই উদ্বেগজনক বিষয় সমূহ চৰ্চাত থকাৰ সময়তে বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰবি গান্ধীয়ে ভাৰত-বাংলাদেশ সীমান্তত কাৰ্যকৰী প্ৰস্তুতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে। উল্লেখ্য় যে, বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকী চাৰিদিনীয়া বি এছ এফ গুৱাহাটী ফ্ৰনটিয়াৰ ভ্ৰমণত আছে । এই ভ্ৰমণ কালতে গান্ধীয়ে ব্ৰহ্মপুত্ৰৰ চৰ ভূমিত নদীৰ পাৰৰ সীমান্তৰ আউটপোষ্ট পৰিদৰ্শন কৰি Comprehensive Integrated Border Management System (CIBMS)ৰ মূল্যায়ন কৰে।
উল্লেখ্য যে, এই ব্যৱস্থাৰ লক্ষ্য হৈছে সীমা অতিক্ৰম কৰা অপৰাধ নিয়ন্ত্ৰণ কৰা আৰু ২৪ ঘণ্টাই নিৰীক্ষণ প্ৰদান কৰা। তদুপৰি এই ভ্ৰমণ কালত ফিল্ড কমাণ্ডাৰৰ সৈতে বৈঠকত মিলিত হৈ নিৰাপত্তা পৰিস্থিতিৰ মূল্যায়ন কৰাৰ লগতে সমীন্তত প্ৰয়োগ কৰা কৌশৰ ওপৰত পৰ্যালোচনা কৰে । ইয়াৰ সমান্তৰালভাৱে গান্ধীয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু লোকসেৱাৰ অধিকাৰৰ মুখ্য আয়ুক্তৰ সৈতেও সীমা ব্যৱস্থাপনাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।
উল্লেখ্য যে, আঞ্চলিক প্ৰত্যাহ্বান সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এডিজি ৰবি গান্ধীয়ে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত গুৱাহাটী ফ্ৰনটিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
উল্লেখ্য যে, বাংলাদেশৰ পৰিৱৰ্তীত ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰা সম্ভাৱ্য অবৈধ অনুপ্রৱেশক লৈ উদ্বেগ প্রকাশ কৰিছিল ৷ এই সম্ভাৱনাক লৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্ত সুৰক্ষিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল । ইফালে, যোৱা ২৪ ঘণ্টাত চাৰি গৰাকীকৈ অবৈধ বাংলাদেশীক আটক কৰিছে অসম আৰক্ষীয়ে । ধুবুৰী আৰক্ষীয়ে এগৰাকী বাংলাদেশী মহিলাক আটক কৰাৰ লগতে ত্ৰিপুৰা দিশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনি বাংলাদেশী নাগৰিক আটক কৰে অসম আৰক্ষীয়ে ।
মনকৰিবলগীয়া যে, ধুবুৰীত আটক হোৱা বাংলাদেশ মহিলা গৰাকীয়ে দুজন দালালৰ সহায়ত অবৈধভাৱে ভাৰত তথা অসমত প্ৰৱেশ কৰিছিল । ইয়াৰ বিপৰীতে কৰ্মসূত্ৰে চেন্নাই লৈ যোৱাৰ উদ্দেশ্যে ত্ৰিপুৰা দিশৰ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰিছিল আন তিনি বাংলাদেশী নাগৰিকে ।
লগতে পঢ়ক: ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ ! পুনৰ তিনি বাংলাদেশীক আটক অসম আৰক্ষীৰ