শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছামিউল হকৰ মৃত্যুৰ পাছতে আটক অভিনেত্ৰী নন্দিনী কাশ্যপ, কি শাস্তি হ’ব পাৰে?

অৱশেষত আটক হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। কিছুদিন পূৰ্বে নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হৈছিল ছামিউল হক নামৰ এজন যুৱক। এই যুৱকজনৰ আজি মৃত্যু হয়।

ছামিউল হকৰ মৃত্যুৰ পাছতে আটক অভিনেত্ৰী নন্দিনী কাশ্যপ, কি শাস্তি হ’ব পাৰে?
Nandini Kashyap (1)Image Credit source: Facebook (Nandini kashyap)
barasha-sarma
Barasha Sarma | Published: 29 Jul 2025 23:00 PM

অৱশেষত আৰক্ষীৰ জালত বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপ। ৰাজধানী থিয়েটাৰৰ আখৰা গৃহৰ পৰা আহি থাকোতে শৰাইঘাট দলঙৰ সমীপত আৰক্ষীয়ে আটক কৰে নন্দিনীক। কিছু সময় পূৰ্বে (২৯ জুলাই) মৃত্যু হৈছিল নন্দিনী কাশ্যপে খুন্দিওৱা ছামিউল হকৰ। জানিব পৰা মতে, আখৰাত ব্যস্ত থকা নন্দিনীয়া ছামিউলৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই আখৰা গৃহৰ পৰা ওলাই আহিছিল। তাৰ পাছত আদবাটতে তেওঁক আৰক্ষীয়ে আটক কৰে।

জানিব পৰা মতে, দিছপুৰ আৰক্ষীয়ে মান্দাকতাত অভিযান চলাবলৈ গৈছিল। কিন্তু তাৰ পূৰ্বে নন্দিনী কাশ্যপ তাৰ পৰা ওলাই গৈছিল। পাছত নন্দিনীৰ মোবাইল ফোন ট্ৰেক কৰি আদবাটৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে তেওঁক। দিছপুৰ আৰক্ষীৰ ওচৰত নন্দিনীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে। গোচৰ নম্বৰ ৬৩০/২০২৫ BNS ৰ অধীনত 115(1), 281 আৰু 125(1) সংযোগ হৈ আছে। BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৬ (১), ১০৬ (২)ৰ অধীনত গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা। এই ধাৰাই হিট এণ্ড ৰাণৰ কথা বুজায়।

ইফালে ৰাজধানী থিয়েটাৰে চুক্তি বাতিল কৰিছে নন্দিনী কাশ্যপৰ সৈতে। আগন্তুক দুটা বছৰৰ বাবে নন্দিনী কাশ্যপ চুক্তিবদ্ধ হৈ আছিল যদিও হিট এণ্ড ৰাণৰ গোচৰৰ অভিযুক্ত হয় অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ মাজতে আজি আঘাতপ্ৰাপ্ত যুৱকজন মৃত্যু মুখত  পৰে। অভিনেত্ৰীগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতাই যাতে নাট প্ৰদৰ্শনত কোনো প্ৰভাৱ নেপেলাই তাৰ বাবে থিয়েটাৰ প্ৰয়োজকে তেওঁৰ সৈতে থকা ২ বছৰৰ চুক্তি বাতিল কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নন্দিনী কাশ্যপ নামৰ অভিনেত্ৰীগৰাকীয়ে পুৱতি নিশা মহটিয়াই নিছিল এজন যুৱকক। ছামিউল হক নামৰ যুৱকজনক লগে লগে হাস্পাতালত ভৰ্তি কৰা হৈছিল। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে যুৱকজনৰ হাত-ভৰি, ৰাজহাড় আদি ভাঙি গৈছিল। বিগত কেইটামান দিন যুৱকজন হাস্পাতালত ভৰ্তি হৈ আছিল যদিও অৱশেষত আজি মৃত্যু মুখত পৰে। এই ঘটনাৰ পাছতে আজি আটক হয় নন্দিনী কাশ্যপ।

কি শাস্তি হ’ব পাৰে নন্দিনীৰ?

ভাৰতীয় ন্যায় সংহিতাই IPC ৰ ঠাইত হিট এণ্ড ৰাণ কাণ্ডৰ ক্ষেত্ৰত অধিক কঠোৰ শাস্তি প্ৰৱৰ্তন কৰিছে। ধাৰা ১০৬(১)ৰ অধীনত গাফিলতিৰ ফলত মৃত্যু ঘটা আৰু লগে লগে ঘটনাৰ খবৰ দিয়া চালকক ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ’ব পাৰে। ধাৰা ১০৬(২)ৰ অধীনত যদি কোনো চালকে ৰেচ বা গাফিলতিৰে গাড়ী চলোৱাৰ ফলত মৃত্যু ঘটায় আৰু ৰিপৰ্ট নিদিয়াকৈ পলায়ন কৰে তেন্তে তেওঁলোকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৭ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। গতিকে নন্দিনী কাশ্যপ সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

 

অন্য খবৰ পঢ়কঃ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহটিয়াই নিয়া ছামিউল হকৰ মৃত্যু…