WCL 2025 semifinal: পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট নেখেলাৰ সিদ্ধান্ত ভাৰতীয় দলৰ!
পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচ খেলিবলৈ অস্বীকাৰ ভাৰতীয় দলৰ। এদিন পূৰ্বে সৌৰভ গাংগুলীয়ে আগন্তুক এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেল হোৱাৰ পোষকতা কৰিছিল। সেই চৰ্চা চলি থকাৰ মাজতেই ভাৰতে এখন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিছে।

ইংলেণ্ডত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ (WCL) 2025 এ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৬খন দেশৰ কিংবদন্তি খেলুৱৈয়ে এই লীগত খেলি আছে। এই লীগৰ ছেমি ফাইনেল খেলসমূহ অহা ৩১ জুলাইত অনুষ্ঠিত হ’ব। ইণ্ডিয়া চেম্পিয়ন আৰু পাকিস্তান চেম্পিয়ন দলৰ মাজত প্ৰথমখন ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব। কিন্তু এই মেচখন সন্দৰ্ভত এটা ডাঙৰ আপডেট চৰ্চালৈ আহিছে।
পুনৰ বাতিল হ’ব ভাৰত-পাকিস্তানৰ মেচ
বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ ছেমি ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰিছে ইণ্ডিয়া চেম্পিয়নে। ভাৰতীয় খেলুৱৈসকলে নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী দলটোৰ সৈতে কোনো প্ৰতিযোগিতামূলক মেচত অংশগ্ৰহণ নকৰাৰ নীতি অক্ষুণ্ণ ৰাখিছে। এই সিদ্ধান্ত লোৱা হৈছে লীগ পৰ্যায়ৰ মেচখনৰ পিছত। ভাৰতীয় খেলুৱৈ আৰু প্ৰতিযোগিতাখনৰ এজন মূল পৃষ্ঠপোষকে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ আপত্তি কৰিছে।
লীগ পৰ্যায়তো মেচ খেলা নহ’ল
এই লীগত এইটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে লীগ পৰ্যায়তো ইণ্ডিয়া চেম্পিয়ন আৰু পাকিস্তান চেম্পিয়নৰ মাজত এখন মেচ অনুষ্ঠিত হ’বলগীয়া আছিল। কিন্তু তেতিয়াও ভাৰতীয় খেলুৱৈসকলে মেচখন নেখেলাৰ সিদ্ধান্ত লৈছিল আৰু পইণ্ট দুটা দলৰ মাজত বিভক্ত হৈছিল। কিন্তু এইবাৰ নকআউট মেচ আৰু ফাইনেলৰ টিকট বাজিত পৰিছে। এনে পৰিস্থিতিত কোনটো দলে ফাইনেলত স্থান পাব সেয়া এক ডাঙৰ প্ৰশ্ন। অথবা ভাৰতীয় দলৰ ছেমি ফাইনেল মেচখনো আন কোনো দলৰ সৈতে অনুষ্ঠিত কৰিব পাৰে।
দৰাচলতে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক অধিক বেয়া হৈ পৰিছে। যাৰ প্ৰভাৱ ক্ৰীড়াতো পৰিল। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানে ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে ছেমি ফাইনেল খেল খেলিবলৈ অস্বীকাৰ কৰিছিল।
ৰোমাঞ্চকৰ মেচত জয়ী হৈ ছেমি ফাইনেলত স্থান লাভ কৰে ভাৰতে
মঙলবাৰে গ্ৰুপৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজ চেম্পিয়নছক মাত্ৰ ১৩.২ অভাৰত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান লাভ কৰে ইণ্ডিয়া চেম্পিয়নে। এই ছিজনত ইণ্ডিয়া চেম্পিয়নৰ এয়া প্ৰথমটো জয় আছিল, যাৰ বাবে তেওঁলোকে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰাত সফল হৈছিল। ইয়াৰ পূৰ্বে ইণ্ডিয়া চেম্পিয়নে দক্ষিণ আফ্ৰিকা চেম্পিয়ন আৰু অষ্ট্ৰেলিয়া চেম্পিয়নৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।