শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ, আজি হাজিৰ কৰোৱা হ’ব আদালতত

সূত্ৰ অনুসৰি গুৱাহাটীৰ ৰাজধানী থিয়েটাৰৰ আখৰা চৌহদৰ পৰা আটক কৰা হৈছিল নন্দিনীক। সোধা-পোছাৰ অন্তত কাশ্যপক মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ সম্ভাৱনা আছে। ইফালে ২৫ জুলাইৰ পুৱতি নিশা ৩ বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি হৈছে।

অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ, আজি হাজিৰ কৰোৱা হ’ব আদালতত
অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ
trishna-kalita
Trishna Kalita | Updated On: 30 Jul 2025 11:52 AM

অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক । পানবজাৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দিনীক। শৰাইঘাট দলঙৰ সমীপৰ পৰা নন্দিনীক নিশা আটক কৰিছিল আৰক্ষীয়ে।থিয়েটাৰৰ আখৰাস্থলীৰ পৰা অহাৰ পথত আটক কৰিছিল নন্দিনীক। ছামিউল হকৰ মৃত্যুৰ পাছতেই আখৰাগৃহ ত্যাগ কৰিছিল নন্দিনীয়ে।

নন্দিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল কেইবাটাও ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ সংগঠনে।  বিষয়টো তদন্ত অব্যাহত আছে বুলি জনাইছে আৰক্ষীৰ সূত্ৰই। জেৰাৰ বাবে পানবজাৰ মহিলা আৰক্ষী থানালৈ অনা হৈছে নন্দিনী কাশ্যপক। ২৫ জুলাইৰ হিট এণ্ড ৰান গোচৰৰ সৈতে জড়িত নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ২১ বছৰীয়া নলবাৰী পলিটেকনিকৰ ছাত্ৰ ছামিউল হকৰ মৃত্যু হয়।

সূত্ৰ অনুসৰি গুৱাহাটীৰ ৰাজধানী থিয়েটাৰৰ আখৰা চৌহদৰ পৰা আটক কৰা হৈছিল নন্দিনীক। সোধা-পোছাৰ অন্তত কাশ্যপক মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ সম্ভাৱনা আছে। ইফালে ২৫ জুলাইৰ পুৱতি নিশা ৩ বজাত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি হৈছে। ঘটনাৰ পিছৰে পৰা নন্দিনীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল কেইবাটাও ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ সংগঠনে। প্ৰত্যক্ষদৰ্শীৰ মতে, কাশ্যপে চলোৱা তীব্ৰবেগী বলেৰো নিঅ’ বাহনৰ গুৰুতৰভাৱে আহত হয় ছামিউল । নলবাৰী পলিটেকনিকৰ ছাত্ৰ আছিল ছামিউল হক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছত ৫ দিন ধৰি জীৱন-মৃত্যুৰে যুঁজি থকা ছামিউল হকে মঙলবাৰে  এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তাৰ পিছতে সদৌ অসম পলিটেকনিক ছাত্ৰ সন্থাই দিছপুৰ থানাত এফআইআৰ দাখিল কৰি অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইফালে ন্যায়ৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে।

ৰাজধানী থিয়েটাৰে বাতিল কৰিলে চুক্তি

ইফালে এই বিতৰ্কৰ মাজতে কাশ্যপে দুবছৰৰ বাবে চুক্তি স্বাক্ষৰ কৰা ৰাজধানী থিয়েটাৰে চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ইফালে অসমীয়া চলচ্চিত্ৰ উদ্যোগেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। সদ্য মুক্তি পোৱা অসমীয়া ছবি ৰুদ্ৰত নন্দিনীৰ সৈতে সহ অভিনয় কৰা মুখ্য অভিনেতা ৰবি শৰ্মাই ছামিউলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

ছচিয়েল মিডিয়াত শৰ্মাই লিখিছে, “ছামিউল হকৰ মৃত্যুৰ খবৰে মোক দুখ দিছে। তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ পৰিয়ালে এই অপৰিসীম ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো।” ৰুদ্ৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ আৰু অৰ্চিতা আগৰৱালে। ইয়াৰ উপৰিও ইয়াত নন্দিনী কাশ্যপে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।

জানিব পৰা মতে দুৰ্ঘটনাটোৰ সন্দৰ্ভত প্ৰথমাৱস্থাত সন্নিবিষ্ট কৰা ধাৰাসমূহ জামিনযোগ্য আছিল। ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰা বাবে আবেদন কৰিছিল আৰক্ষীয়ে। প্ৰথমে দিছপুৰ থানাত 630/25।নম্বৰত 115(2)/125(b)/281 BNS ধাৰাত গোচৰ ৰুজু হৈছিল। সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। পিছত ১০৫ নং জামিনবিহীন ধাৰাটো সংযোগ কৰি তেওঁক নিশা ১:৩০ বজাত গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি MVI কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেন্সিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব। তথ্য অনুসৰি দুৰ্ঘটনা সন্দৰ্ভত অৱগত নাছিল দিছপুৰ যান-বাহন আৰক্ষী। কোন বিষয়াৰে নন্দিনীয়ে যোগাযোগ কৰিছিল অথবা ছামিউলৰ সতীৰ্থসকলে ১০০ নম্বৰত ফোন কৰাৰ কথাত অজ্ঞতা প্ৰকাশ যান-বাহন শাখাৰ DCPৰ।

২৫ জুলাইৰ নিশা গুৱাহাটীৰ ওদালবাক্ৰাত সংঘটিত হৈছিল দুৰ্ঘটনাটো। ২৬ জুলাইতহে যান-বাহন আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অৱগত হয়। তাৰ পিছতেই নন্দিনী কাশ্যপক থানালৈ মাতি সোধ-পোছ কৰি clear bondত যাবলৈ দিয়া হৈছিল। গুৱাহাটী যান-বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই। অৱশ্যে পূৰ্বে বিভিন্ন জিলাত তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে।