৬ হাজাৰ টকা নিদিলে নহয় পেঞ্চনৰ কাম ! হাতে-লোটে ধৰা পৰিল লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গ্ৰেপ্তাৰ কৰিছে লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া (BEEO)মেহবুব আহমেদ লস্কৰক। পেঞ্চনৰ কামৰ বাবে বিচাৰিছিল ৬ হাজাৰ টকা উৎকোচ।

এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া। পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গ্ৰেপ্তাৰ কৰিছে লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া (BEEO)মেহবুব আহমেদ লস্কৰক।
প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত এইগৰাকী বিষয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। সেই এজাহাৰত উল্লেখ আছিল যে, অভিযোগকাৰীৰ পৰা এইগৰাকী বিষয়াই পেঞ্চনৰ কামৰ বাবে ৬ হাজাৰ টকা উৎকোচ হিচাপে বিচাৰিছিল। ইয়াৰ পাছতে উৎকোচ দিবলৈ অনিচ্ছুক হৈ অভিযোগকাৰীয়ে বিষয়াজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ কাষ চাপিছিল।
সেই অনুসৰি আজি মঙলবাৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অভিযান আৰম্ভ কৰে। যেতিয়া BEEO মেহবুব আহমেদে ৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰে, সেই সময়ত তেওঁক হাতে-লোটে ধৰে তদন্তকাৰী দলটোৱে। ইতিমধ্যে তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰা উৎকোচৰ ধন স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰা হৈছে।
পৰ্যাপ্ত প্ৰমাণ পোৱাৰ লগে লগে মেহবুব আহমেদক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে। এই সন্দৰ্ভত ০৫/০৮/২০২৫ তাৰিখে এচিবি থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ ধাৰা ৭(ক)ৰ অধীনত ৪৫/২০২৫ নং গোচৰ ৰুজু কৰা হৈছে। প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিবৃতি উল্লেখ কৰা হৈছে।
লগতে পঢ়ক- মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ গুৱাহাটী আৰক্ষী, GMCH ৰ ১১ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ…