অথ’লে নাযায় পুৰণি বা ফাটি যোৱা নোট! RBI ৰ ডাঙৰ পদক্ষেপ…
বহু সময়ত নোটসমূহ ফাটি বা নষ্ট হৈ যোৱা দেখা যায়। কিন্তু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে পুৰণি বা ফাটি যোৱা নোটসমূহৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

পুৰণি, ফাটি যোৱা বা প্ৰচলনৰ পৰা বাহিৰ হৈ যোৱা নোট সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে। বেংকটোৱে এতিয়া পুৰণি, ফাটি যোৱা আৰু প্ৰচলনৰ বাহিৰত থকা নোটবোৰ কেৱল জ্বলাই বা গলাই পেলোৱাৰ পৰিৱৰ্তে পৰিৱেশ অনুকূলভাৱে পুনৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। RBI য়ে শেহতীয়াকৈ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ কৰিছে যে, এই নোটসমূহৰ সহায়ত এতিয়া পাৰ্টিকল বোৰ্ড তৈয়াৰ কৰা হ’ব, যাৰ সহায়ত চকী, টেবুল আৰু অন্যান্য আচবাব তৈয়াৰ কৰিব পৰা যাব।
তথ্য অনুসৰি, প্ৰতি বছৰে ৰিজাৰ্ভ বেংকে ১৫ হাজাৰ টনতকৈ অধিক নোট লাভ কৰে। এই নোটসমূহ সাধাৰণতে পুৰণি, ফাটি যোৱা বা বিভিন্ন কাৰণত প্ৰচলনৰ পৰা বাহিৰ হয়। এতিয়ালৈকে এই নোটবোৰ জ্বলাই দিয়া হৈছিল বা গলাই পেলোৱা হৈছিল। এই প্ৰক্ৰিয়া অতি ব্যয়বহুল আছিল, লগতে ই পৰিবেশৰ বাবেও ক্ষতিকাৰক।
কিন্তু এতিয়া RBI-য়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বেংকটোৱে পাৰ্টিকেল বোৰ্ড নিৰ্মাণ কৰা কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰি এক আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিৰ অধীনত ৰিজাৰ্ভ বেংকে এই ক্ষতিগ্ৰস্ত নোটসমূহ মিহি টুকুৰালৈ ৰূপান্তৰিত কৰি এই কোম্পানীসমূহক বিক্ৰী কৰিব। ইয়াৰ ফলত কোম্পানীসমূহে সস্তীয়া আৰু ভাল কেঁচামাল লাভ কৰিব, আনহাতে আৰ বি আইৰ বাবে নোট নষ্ট কৰাৰ খৰচো হ্ৰাস পাব। আনকি এই প্ৰক্ৰিয়াৰ পৰা ৰিজাৰ্ভ বেংকে আয় লাভ কৰিব।
পৰিৱেশৰ স্বাৰ্থত বেংকটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছে। এতিয়ালৈকে নোট জ্বলোৱা বা লেণ্ডফিলত পেলোৱা প্ৰক্ৰিয়া চলি আহিছিল। কিন্তু এই প্ৰক্ৰিয়া পৰিৱেশৰ বাবে ক্ষতিকাৰক আছিল। যাৰ বাবে বেংকটোৱে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ কাঠ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা এই বিষয়ত এক অধ্যয়ন কৰিছিল। অধ্যয়নত প্ৰকাশ পাইছিল যে পুৰণি নোটৰ টুকুৰাবোৰ পাৰ্টিকেল বৰ্ড নিৰ্মাণত ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি।
উল্লেখ কৰা প্ৰয়োজন যে, পাৰ্টিকেল বোৰ্ড হৈছে এক প্ৰকাৰৰ ইঞ্জিনিয়াৰ্ড কাঠ, যি কাঠৰ চেভিং, কটাৰী বা অন্যান্য ফাইবাৰক আঠা আৰু ৰেজিনৰ সৈতে মিহলাই প্ৰস্তুত কৰা হয়। এতিয়াৰ পৰা এই প্ৰক্ৰিয়াত পুৰণি বা নষ্ট হৈ যোৱা নোটৰ টুকুৰা অন্তৰ্ভুক্ত হ’ব। যাৰ সহায়ত চকী, টেবুল, আলমাৰীৰ দৰে আচবাব তৈয়াৰ কৰা হ’ব। ই নিশ্চয়কৈ এক আকৰ্ষণীয় পদক্ষেপ বুলি অভিহিত কৰিছে বহুতে।
অন্য খবৰ পঢ়কঃ এতিয়া মই জনপ্ৰিয়- পাকিস্তানৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীৰ…