Today’s horoscope: কাৰ ভাল-কাৰ বেয়া, আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ চাকৰিৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানে আজি সাৱধানে চলা দৰকাৰ।

আজি ৩০ মে’, শুকুৰবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। সংগীৰ সৈতে ভ্ৰমণত যাব পাৰে। বৈবাহিক জীৱন সুখৰ হ’ব। নিজৰ দায়িত্ব পালন কৰিব। পুৰণি ভুলৰ পৰা শিক্ষা লোৱা ভাল। কোনো সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় যাত্ৰাৰ প্ৰস্তুতি কৰিব পাৰে। স্বাস্থ্য ভাল।
বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। যদি কোনো সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে তেন্তে ভালদৰে চাই ল’ব। অনলাইন কাম কৰাসকলে ডাঙৰ অৰ্ডাৰ পাব পাৰে। খৰখেদাকৈ কোনো কাম নকৰিব। চাকৰি কৰাসকল সাৱধান। চিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। স্বাস্থ্য ভাল।
মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। অনুভৱী হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। ঘৰলৈ কোনো আলহী আহিব পাৰে। কোনো সামাজিত কামত ভাগ লোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। অন্যথা সমস্যা আহিব পাৰে। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা।
কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। প্ৰতিশ্ৰুতি কৰাৰ আগতে চিন্তা কৰিব। মহিলা মিত্ৰৰ পৰা সাৱধান। মনত যদি কিবা ভয় আছে তেন্তে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰক। ব্যৱসায়ত গুৰুত্ব দিয়া প্ৰয়োজন। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। কোনো কামৰ পৰা পুৰস্কাৰ পাব পাৰে। স্বাস্থ্য ভাল।
সিংহ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে কোনো ভাল ফলাফল লৈ আহিব। কোনো কামত লৈ যদি সংশয় আছে তেন্তে সেয়া নকৰিব। ধৰ্মীয় কামত অংশ গ্ৰহণ কৰিব পাৰে। যদি কোনো আইনী কাম বহু দিন ধৰি চলি আছে তেন্তে সেয়া সমাপ্ত হ’ব পাৰে। কামৰ ক্ষেত্ৰত পৰিকল্পনা কৰা দৰকাৰ। স্বাস্থ্যত গুৰুত্ব দিয়ক।
কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। আয়ৰ নতুন বাট মুকলি হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব। সংগীয়ে আপোনাৰ কোনো গোপন কথা গম পাব পাৰে। কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান হোৱা ভাল। বাহন চলাওতে সাৱধান হ’ব।স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ আজিৰ দিনটো আপুনি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। নতুন কামৰ পৰা লাভ পাব পাৰে। কৰ্মক্ষেত্ৰত কোন ডাঙৰ সফলতা লাভ কৰিব পাৰে। আয় বৃদ্ধি হোৱাৰ বাবে সুখী হ’ব। ধন ধাৰলৈ নিদিব। ঘৰত নতুন বাহন ক্ৰয় কৰিব পাৰে। কৰ্মক্ষেত্ৰত ভাল খবৰ লাভ কৰিব পাৰে। পদোন্নতিৰ যোগ আছে। স্বাস্থ্য ভাল।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটোত আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কামত গুৰুত্ব দিয়া প্ৰয়োজন। সংগীৰ সৈতে ভাল সময় কটাব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা আছে। কিন্তু ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। স্বাস্থ্য ভাল।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কোনো কথাক লৈ চিন্তিত হৈ থাকিব পাৰে। কোনো ভ্ৰমণৰ বাবে প্ৰস্তুতি কৰিব পাৰে। পৰিয়ালত কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰিকল্পনাত কিছু সাল-সলনি কৰা দৰকাৰ। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যম। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। উন্নতিৰ যোগ আছে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগ আছে। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। ধৰ্মীয় দিশত মন বাঢ়িব পাৰে। আনৰ সহায় কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। নতুন সম্পৰ্কৰ পৰা কোনো লাভ হ’ব। কোনো বিশিষ্ট ব্যক্তিক লগ পাব পাৰে। স্বাস্থ্য ভাল।
কুম্ভ ৰাশিঃ আজি আপোনাৰ সুখ বৃদ্ধিৰ সম্ভাৱনা আছে। আয়ৰ নতুন বাট মুকলি হ’ব। ধন লাভ হ’ব। সামাজিক কামত অংশ গ্ৰহণ কৰিব পাৰে। ধৰ্মীয় কামত মন বাঢ়িব। ঘৰ বা দোকান আদি ক্ৰয় কৰিব পাৰে। কোনো কামত ধন বিনিয়োগ কৰিলে লাভ পাব পাৰে। নতুন কোনো কাম কৰিব পাৰে। স্বাস্থ্য ভাল।
মীন ৰাশিঃ ভাগ্যৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ডাঙৰ লক্ষ্য আগত ৰাখি কোনো কাম কৰিব পাৰে। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি লাভৰ সম্ভাৱনা আছে। বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।