TV9 ASSAM
কিডনী বা বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ পৰা টক্সিক পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। লগতে ই তেজ চাফা কৰে। গতিকে বৃক্কৰ যত্ন লোৱা আৱশ্যক।
বহু সময়ত বহুৰ কিডনীত পাথৰ হোৱা দেখা যায়। যেতিয়া কিডনীত কেলছিয়াম, অক্সলেট বা ইউৰিক এচিড আদিৰ দৰে উপাদান জমা হয় তেতিয়া ই পাথৰৰ ৰূপ লয়।
কিডনীত পাথৰ হ'লে কিছুমান বিশেষ লক্ষণে দেখা দিয়। গতিকে এইসমূহ আওকান নকৰি সময়মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। ইয়াৰোপৰি স্বাস্থ্যৰ যত্ন ল'ব লাগে।
নেফ্ৰোলোজিষ্ট ডাঃ হিমাংশু বৰ্মাই কয় যে, কিডনীত পাথৰ হোৱাৰ ফলত পিঠি, পেট আৰু কঁকালৰ তলৰ অংশত বিষ হ'ব পাৰে। কেতিয়াবা এই বিষ অতি তীব্ৰ হয়।
যেতিয়া কাৰোবাৰ কিডনীত পাথৰ হয় তেতিয়া বমি ভাব বা বমি হৈ থাকিব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
কিডনীত পাথৰ হোৱাৰ ফলত প্ৰস্ৰাৱৰ পৰা তেজ ওলাব পাৰে। এই সমস্যাক হেমচুৰিয়া বুলি কোৱা হয়। কেতিয়াবা প্ৰস্ৰাৱৰ ৰং অতি ডাঠ আৰু কেতিয়াবা জ্বলা পোৰা কৰিব পাৰে।
কিডনীত পাথৰ হোৱাৰ ফলত বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই সন্দৰ্ভত অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক