শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছাল আৰু চুলিত এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত, পাব সুফল…

তুলসী পাতৰ বহু উপকাৰী গুণ আছে। ইয়াক আপুনি ছাল আৰু চুলিৰ বাবেও ব্যৱহাৰ কৰৰিব পাৰে। তুলসী পাতে আপোনাৰ ছাল উজ্বল কৰি তোলাৰ লগতে চুলি ধুনীয়া কৰিব পাৰে।

ছাল আৰু চুলিত এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত, পাব সুফল…
তুলসী পাতImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 30 May 2025 07:00 AM

হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মহত্ব আছে। কেৱল ধৰ্ম বুলিয়েই নহয়,তুলসীৰ আন বহু গুণাগুন আছে। তুলসীত ভিটামিন চি, কে, আইৰণ, কেলচিয়াম, মেগনেছিয়াম আৰু এন্টিঅক্সিডেন্ট আদি থাকে। যাৰ বাবে ই স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ বাবেও উপকাৰী। ইয়াত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। তুলসী পাত আপুনি প্ৰতিদিনে এটা বা দুটাকৈ খোৱাৰ লগতে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ই ছালক উজ্বলৰ লগতে স্বাস্থ্যবান কৰি তোলাত সহায় কৰে।

ঔষধি গুণৰ বাবে বহুতে তুলসীৰ পাত চাহত বা চোবাই খাই বহুতে তুলসীৰ পাত চাহত বা চোবাই খাই ভাল পায়। কিন্তু ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে। যাৰ বাবে ই আপোনাৰ ছালৰ বাবে অতি উপকাৰী হ’ব পাৰে। গতিকে এই লেখাটোত তুলসীৰ কিছুমান বিশেষ গুণৰ বিষয়ে উল্লেখ কৰা হ’ল-

তুলসী পাতৰ পানী

প্ৰথমে আপুনি ভালদৰে তুলসী পাত কেইটামান ধুই লওক। ইয়াৰ পাছত এগিলাছ পানীত তিয়াই ৰাখি পিছদিনা সেইখিনি পানী সেৱন কৰক। ইয়াৰ ফলত আপোনাৰ ছালত উজ্বলতা আহিব আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। কিন্তু তুলসীৰ পাত গৰম, যাৰ বাবে গ্ৰীষ্মকালত বেছি সেৱন কৰিব নালাগে। ইয়াৰোপৰি যিকোনো ধৰণৰ চিকিৎসাজনিত অৱস্থাত ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

ছাল উজ্বল

তুলসী পাতত ভিটামিন ন চি আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে। ইয়াৰ পৰা ফেচ পেক তৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে আপোনাত কেইটামান নিম পাতৰো প্ৰয়োজন হব। নিম পাত আৰু তুলসী পাতৰ মিশ্ৰণ তৈয়াৰ কৰি ইয়াক আপুনি ছালত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি তুলসীৰ পাতত হালধী, গোলাপ জল আদি মিহলাই ফেচ পেক তৈয়াৰ কৰিব পাৰে। লগতে তুলসীৰ সৈতে বেচনৰ ফেচপেক তৈয়াৰ কৰি মুখত লগাব পাৰে। ই ছাল সুস্থ কৰি ৰখাত সহায় কৰে।

চুলিৰ বাবে উপকাৰী

আপুনি চুলিতো তুলসী পাত ব্যৱহাৰ কৰিব পাৰে। তুলসীৰ এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে। যিয়ে উফিৰ সমস্যা কমোৱাত আৰু চুলি সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে তুলসীৰ পাত নাৰিকল তেলত দি গৰম কৰিব লাগে। তেলখিনি ঠাণ্ডা হোৱাৰ পাছত ইয়াক চুলিত লগাই ৪০-৪৫ মিনিট ৰাখি ধুই দিব লাগে। ইয়াৰোপৰি তুলসীত দৈ মিহলাই চুলিৰ মাস্ক তৈয়াৰ কৰিব পাৰি। ইয়াৰোপৰি আমলখিৰ সৈতে তুলসীৰ পাত উতলাই সেয়া ঠাণ্ডা হোৱাৰ পাছত চুলিত ব্যৱহাৰ কৰিব পাৰে। ইয়ে চুলিত পুষ্টিকৰ উপাদান প্ৰদান কৰে।

অৱশ্যে, আপোনাৰ যদি কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে এয়া ব্যৱহাৰৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ গৰমৰ দিনত কিয় বৃদ্ধি পাই কিডনীত পাথৰ হোৱাৰ সমস্যা? চিকিৎসকে জনালে লক্ষণ আৰু পৰিত্ৰাণৰ উপায়…