শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“গৌৰৱৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল”- চি এম ভিজিলেন্সত হাজিৰ ৰিপুণ বৰা…

চি এম ভিজিলেন্সত হাজিৰ প্ৰাক্তন কংগ্ৰেছ সাংসদ ৰিপুণ বৰা। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে লিংক থকা সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীক তলব কৰিছে ভিজিলেন্সে।

“গৌৰৱৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল”- চি এম ভিজিলেন্সত হাজিৰ ৰিপুণ বৰা…
ৰিপুন বৰাImage Credit source: facebook
barasha-sarma
Barasha Sarma | Updated On: 29 May 2025 16:20 PM

বৃহস্পতিবাৰে চি এম ভিজিলেন্সত হাজিৰ হয় প্ৰাক্তন কংগ্ৰেছ সাংসদ ৰিপুণ বৰা। চি আই ডিৰ 5/25 নং গোচৰত তলব কৰা হৈছে কংগ্ৰেছ নেতাগৰাকী। জানিব পৰা মতে, আজি পুৱা ১০.৩০ বজাত ৰিপুণ বৰাক চি এম ভিজিলেন্সত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। তাৰ পাছতে আজি চি এম ভিজিলেন্সত হাজিৰ হৈছে তেওঁ। বিষয়টো সন্দৰ্ভত এতিয়ালৈকে বৰাই কোনো মন্তব্য প্ৰদান কৰা নাই যদিও সোধা পোছাৰ অন্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিছে। বৰ্তমান SIT য়ে জেৰা চলাই আছে তেওঁক।

উল্লেখ্য যে, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে লিংক থকা সন্দৰ্ভত নাম সাঙোৰ খাইছিল ৰিপুণ বৰাৰ। যোৱা কেইটামান মাহ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰি আহিছে যে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক আছে। আই এছ আইৰ আমন্ত্ৰণমৰ্মে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল।

তাৰ পাছতে কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰিছিল ৰিপুণ বৰাই। এই সময়চোৱাত তেওঁ কৈছিল যে, গৌৰৱ গগৈৰ পত্নীয়ে বিধিসন্মতভাবে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল। কিয়নো সেই সময়ত তেওঁ এটা সংস্থাৰ সৈতে জড়িত হৈ আছিল। গতিকে পেচাগতভাবে বা বিধিসন্মতভাবে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা ভুল নহয় বুলি কৈছিল বৰাই।

বৰাৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্তি কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে- “কালি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰীৰিপুন বৰা ডাঙৰীয়াই এটা চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে৷ তেওঁ স্বীকাৰ কৰে যে মাননীয় সাংসদ শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়াৰ ব্ৰিটিছ পত্নী আচলতে পাকিস্তান চৰকাৰৰ পে-ৰোলত আছিল। যদি এই বিষয়টি সঁচা হয়, তেন্তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ ই অতি গুৰুতৰ আৰু চিন্তনীয় প্ৰশ্নৰ উত্থাপন কৰিছে। শত্ৰু ৰাষ্ট্ৰৰ সৈতে জড়িত কোনো ব্যক্তিৰ অবিৰত উপস্থিতি, তাকো সংসদ সদস্যৰ নিকটতম পাৰিবাৰিক মহলত— ইয়ে ভাৰতৰ সংস্থাসমূহৰ অখণ্ডতাৰ প্ৰতি এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে।

এই চাঞ্চল্যকৰ তথ্যৰ বিষয়ে আমি আগতে অৱগত নাছিলোঁ। এতিয়া এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আমি এই বিষয়টোক গুৰুত্বসহকাৰে লৈছোঁ৷ কিয়নো ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয়।
বৰা ডাঙৰীয়াৰ বক্তব্য আমি লিপিবদ্ধ কৰি এই বিষয়ত অধিক ব্যৱস্থা গ্ৰহণ কৰিম”।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতে আজি চি এন ভিজিলেন্সত হাজিৰ হৈছে কংগ্ৰেছ নেতাগৰাকী। গতিকে এছ আই টিৰ জেৰাৰ সময়ত বৰাক কি প্ৰশ্ন  কৰে, কিমান সময় সোধা পোছা কৰে সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

অন্য খবৰ পঢ়কঃ হয়, গৌৰৱৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, তেওঁ ভাৰতীয় নহয়! অকপট স্বীকাৰৰ পাছতে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ…