সৰস্বতী পূজাৰ দিনটোত মহানগৰীত শোকাৱহ দুৰ্ঘটনা, ১০৮ এম্বুলেঞ্চৰ খুন্দাত থিতাতে নিহত যুৱতী…
দুৰ্ঘটনাত এগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ খবৰ পোৱাৰ গৈছে। ইয়াৰ লগতে এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ১০৮ এম্বুলেঞ্চৰ খুন্দাত নিহত হয় যুৱতীগৰাকী।
সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহৰে উদযাপিত শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ মাজতে মহানগৰীৰ কালিলিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ খবৰ পোৱাৰ গৈছে। ইয়াৰ লগতে এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ১০৮ এম্বুলেঞ্চৰ খুন্দাত নিহত হয় যুৱতীগৰাকী।
খবৰ অনুসৰি, ১০৮ এম্বুলেঞ্চ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ হয়। যুৱতীগৰাকী আৰু আন এজন যুৱকৰ সৈতে এখন স্কুটিৰে আহি থকাৰ অৱস্থাত বিপৰীতে ফালৰ পৰা অহা এম্বুলেঞ্চে খুন্দা মাৰে। জানিব পৰা মতে, দুৰ্ঘটনাত থিতাতে নিহত হয় যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম লুনা ভৰদ্বাজ। ২৬ বছৰীয়া যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁৱৰ উত্তৰ শালমাৰাত। JB Law College ৰ আইনৰ ছাত্ৰী আছিল যুৱতীগৰাকী।
লগতে পঢ়ক: দেখা পাব অপাৰেচন সেন্দূৰৰ শক্তি, ৯০ মিনিটৰ এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত আৰু কি কি প্ৰদৰ্শিত হ’ব ?
ইফালে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অচ্যুত বৰুৱা বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত GMCH ত ভৰ্তি কৰোৱা হৈছে। যুৱকজনৰ ঘৰ গোলাঘাটৰ দেৰগাঁৱত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, আজি সৰস্বতী পূজাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মা সৰস্বতী বন্দনাৰে মুখৰিত প্ৰতিখন শিক্ষানুষ্ঠান। সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহৰে দেৱী সৰস্বতী পূজা আনুষ্ঠিত কৰাৰ সময়তে এইধৰণৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা।
সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ মূল্যায়ন কৰি দুৰ্ঘটনাগ্ৰস্ত বাহনৰ দ্বাৰা যান-বাহন আইন উলংঘাৰ কৰিছিল নেতা সেয়াও জানিবলৈ চেষ্টা কৰিছে। অৱশ্যে স্থানীয় একাংশ লোকে এম্বুলেন্সখন দ্ৰুতগতি অহা বুলি অভিযোগ উত্থাপন কৰিছে।
লগতে পঢ়ক: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিন ঘোষণা, কোন তাৰিখে দাখিল কৰা হ’ব বাজেট ?
লগতে পঢ়ক: Budget 2026: প্ৰত্যেক বছৰে ১ ফেব্ৰুৱাৰীত কিয় কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? এই তাৰিখৰ আঁৰৰ ৰহস্য জানক