শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Bank Holiday: আজিয়েই কৰি লওক সকলো কাম! ৪ দিন বন্ধ থাকিব বেংক...

Bank Holiday: আজিয়েই কৰি লওক সকলো কাম! ৪ দিন বন্ধ থাকিব বেংক…

Barasha Sarma
Barasha Sarma | Published: 23 Jan 2026 19:30 PM

Bank Holiday: আপোনাৰ বেংকৰ কোনো কাম আছে নেকি? যদি আছে তেন্তে আজিয়েই কৰি লওক। কিয়নো অহা সপ্তাহত ৪ দিন পৰ্যন্ত বন্ধ থাকিব পাৰে বেংক। যাৰ বাবে হ'ব পাৰে সমস্যা।

বেংকত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম আছে নেকি? যদি আছে তেন্তে সেয়া আজিয়েই সমাপন কৰক। অন্যথা বহু পলম হৈ যাব পাৰে। ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব পাৰে প্ৰায় এসপ্তাহ। কিয়নো অহা সপ্তাহত একেৰাহে ৪ দিন পৰ্যন্ত বন্ধ থাকিব বেংক। পিছে ইয়াৰ কাৰণ কি জানেনে?

পুনৰবাৰ ধৰ্মঘটৰ আহ্বান জনাইছে বেংকৰ কৰ্মচাৰীয়ে। ২৭ জানুৱাৰীত ধৰ্মঘটৰ আহ্বান কৰ্মচাৰীসকলৰ। গতিকে এই দিনটোত বেংকৰ কাম কাজত সমস্যা আহিব পাৰে। মাহটোৰ চতুৰ্থ শনিবাৰ ২৪ জানুৱাৰী। গতিকে এই দিনা বেংক বন্ধ থাকিব। ২৫ জানুৱাৰী দেওবাৰ আৰু ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উপলক্ষে বন্ধ থাকিব বেংক। ইয়াৰ পাছত যিহেতু ২৭ তাৰিখে বেংক ষ্ট্ৰাইক আহ্বান কৰা হৈছে গতিকে সেইদিনাও বেংকৰ কাম প্ৰভাৱিত হ’ব পাৰে। ইয়াৰোপৰি অসমত ২৭ জানুৱাৰী বাথৌ পূজাৰ চৰকাৰী বন্ধ থাকিব।

উল্লেখ কৰা প্ৰয়োজন যে, বেংকৰ কৰ্মচাৰীয়ে ৫ দিনৰ কৰ্মসপ্তাহ বিচাৰি এই ধৰ্মঘট আহ্বান জনাইছে। অৰ্থাৎ সপ্তাহত পাঁচ দিন কাৰ্যালয় খোলা থাকিব, শনিবাৰ আৰু দেওবাৰ বন্ধ থকাতো বিচাৰে কৰ্মচাৰীসকলে। বেংক ইউনিয়নে দাবী কৰে যে পাঁচদিনীয়া কৰ্ম সপ্তাহ থাকিলে কামৰ বোজা বহু পৰিমাণে হ্ৰাস পাব আৰু কৰ্মদক্ষতা বৃদ্ধি পাব। কেন্দ্রীয় চৰকাৰী কেবাটাও প্রতিষ্ঠানে সপ্তাহত পাঁচ দিন কাম কৰে আৰু দুদিন ছুটী থাকে৷ ভাৰতীয় ৰিজাৰ্ভ বেংক, এল আই চি, ষ্টক মাৰ্কেট আদি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানেও পাঁচ দিন কাম কৰে। বেংকৰ কৰ্মচাৰীসকলেও বিচাৰে পাঁচ দিন কাম আৰু দুদিনৰ ছুটী।

অৱশ্যে ২৭ জানুৱাৰীত বেংক সম্পূৰ্ণৰূপে বন্ধ হৈ নপৰিব পাৰে। ধৰ্মঘটৰ বাবে কামত যাতে প্ৰভাৱ নপৰে তাৰ বাবে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে প্ৰতিদিনে সোমবাৰৰ পৰা শুকুৰবাৰলৈ অতিৰিক্ত ৪০ মিনিট কাম কৰাৰ প্ৰস্তাৱ দিছিল।