সৰস্বতী পূজাৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০ লৈ দিনটোৰ শীৰ্ষ খবৰ
ৰাজনীতিলৈ আহিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। এক ফেচবুক পোষ্টত ইংগিত দিলে যুৱনেতাগৰাকীয়ে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে তেওঁ বিজেপিত যোগদান কৰিব বুলিও ধাৰণা কৰিছে বহুতে।
1. আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু বিভিন্ন প্ৰতিষ্ঠান। সকলোৱেই আশিস বিচাৰি শৰণাপন্ন হৈছে দেৱী সৰস্বতীৰ।
২. ঐতিহাসিক জোনবিল মেলাত আজি সম্পন্ন হ’ল পৰম্পৰাগত বিনিময় প্ৰথা। গোভা ৰজাই আনুষ্ঠানিকভাৱে এই প্ৰথা আৰম্ভ কৰে। পাহাৰৰ পৰা অহা মামা-মামীৰ সৈতে বিভিন্ন সামগ্ৰী বিনিময় কৰিলে ভৈয়ামৰ লোকসকলে।
৩. ৰাজনীতিলৈ আহিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। এক ফেচবুক পোষ্টত ইংগিত দিলে যুৱনেতাগৰাকীয়ে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে তেওঁ বিজেপিত যোগদান কৰিব বুলিও ধাৰণা কৰিছে বহুতে।
৪. অহা ৩০ জানুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাৰ পাছতেই ১৪ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেবাটাও উন্নয়নমূলক প্ৰকল্প ৰাজ্যবাসীক উপহাৰ দিব দুয়োগৰাকী ৰাষ্ট্ৰনেতাই।
৫. বকো-ছয়গাঁও সমজিলা কাৰ্যালয়ত চাঞ্চল্যকৰ ঘটনা। বিজেপি কৰ্মীৰ বিৰুদ্ধে আয়োগৰ পৰ্টেল খুলি ভোটাৰ তালিকাৰ পৰা একাংশ লোকৰ নাম কৰ্তনৰ অভিযোগ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অঞ্চলটোত।
