শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীৰ ৰাজপথত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল ৰোডশ্ব’, জনতাক হাত জোকাৰি অভিবাদন…

দুদিনীয়া ভ্ৰমণত প্ৰায় ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি প্ৰায় চাৰি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আজাৰাত সামৰণি পৰে প্ৰধানমন্ত্ৰী মোদী ৰোডশ্ব’।

গুৱাহাটীৰ ৰাজপথত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল ৰোডশ্ব’, জনতাক হাত জোকাৰি অভিবাদন…
গুৱাহাটীৰ ৰাজপথত প্ৰধানমন্ত্ৰীৰ ৰোডশ্ব’
Trishna Kalita
Trishna Kalita | Updated On: 17 Jan 2026 20:10 PM

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে সন্ধিয়া অসমত হৈছে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সৰুসজাইত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।  এক বৰ্ণিল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটী বিমানবন্দৰত মোদীক আদৰণি জনায় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াই।

দুদিনীয়া ভ্ৰমণত প্ৰায় ৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি প্ৰায় চাৰি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আজাৰাত সামৰণি পৰে প্ৰধানমন্ত্ৰী মোদী ৰোডশ্ব’। এখন ক’লা ৰঙৰ এছ ইউ ভিৰ সন্মুখত বহি থকা মোদীয়ে উৎসাহী জনতাক হাত জোকাৰি থকা দেখা গ’ল।

“মোদী জী জিন্দাবাদ” আৰু “ভাৰত মাতা কি জয়” আদি শ্লোগানেৰে  প্ৰতিধ্বনিত হৈ পৰে ৰাজপথ। নিৰাপত্তাৰৰ বাবে পথৰ দুয়োকাষত বাঁহৰ বেৰিকেড লগোৱা হৈছিল।  ৰোডশ্ব’ৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে মোদীৰ সৈতে যোগদান কৰে। তাৰ পিছতে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ ভিতৰৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বাগুৰুম্বা নৃত্যৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী।

দেওবাৰে কলিয়াবৰলৈ যাত্ৰা কৰিব মোদীয়ে। য’ত তেওঁ ৬,৯৫৭ কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব, যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত যান-জঁটৰ সমস্যা লাঘৱ আৰু বন্যপ্ৰাণী সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। পশ্চিম বংগলৈ যোৱাৰ পূৰ্বে তেওঁ কাৰ্যতঃ দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰি ৰাজহুৱা সভাত ভাষণ দিব। ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে সাংস্কৃতিক প্ৰসাৰৰ সৈতে বৃহৎ আন্তঃগাঁথনি আৰু সংযোগৰ পদক্ষেপৰ সংমিশ্ৰণ ঘটাই প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক অসমৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।