শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গো কোৰবানীৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছক ৭টা জনম লাগিবঃ মুখ্যমন্ত্ৰী

পুনৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়।

গো কোৰবানীৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছক ৭টা জনম লাগিবঃ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা Image Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 04 Jul 2025 14:03 PM

গৰুৰ কোৰবানী সন্দৰ্ভত পুনৰ কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, “মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পাৰো। কোৰবানীৰ ওপৰত তেওঁলোকৰ মাত মতাৰ সাহস নাই। বিজেপিয়ে গৰুৰ কোৰবানীক মান্যতা নিদিয়ে। সেয়ে আমি ক’ব পাৰো যে, অহাবাৰ গৰু নহয় , ছাগলীৰ কোৰবানী দিয়ক। আমাৰ সাহস আছে, কংগ্ৰেছৰ নাই। এনেকৈ কবৰ বাবে কংগ্ৰেছক ৭ জনম লাগিব”।

এই সন্দৰ্ভত সামাজিক মাধ্যমত শৰ্মাই লিখে যে- “কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই ক’ব খোজোঁ, কোৰবানীত গো-হত্যা নকৰিবলৈ কোৱাৰ সাহস তেওঁলোকৰ নাই৷ বিজেপিৰ সাহস আছে বাবেই আমি ৰাইজক আহ্বান জনাব পাৰোঁ”৷

 

মুখ্যমন্ত্ৰীয়ে বিৰোধী দল কংগ্ৰেছক গো মাতা কোৰবানী দিয়া সন্দৰ্ভত মাত মতাৰ সাহস নাই বুলি কয়। ইছলামিক প্ৰথাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুক্তি আগবঢ়ায় যে ইছলামৰ অধীনত গৰু বলি দিয়াটো বাধ্যতামূলক নহয়। তেওঁ লগতে কয়, কোৰবানী আন জীৱ-জন্তুৰও হ’ব পাৰে।বিজেপিয়ে মানুহক আহ্বান জনোৱাৰ সাহস কৰে যে — পৰৱৰ্তী ঈদত অনুগ্ৰহ কৰি গৰু নহয়, ছাগলী এটা আগবঢ়াওক। ইয়াৰোপৰি মন্দিৰ, নামঘৰ, ৰাজহুৱা স্থানৰ ওচৰত গো-মাংস বিক্ৰী হোৱা বিষয়টোত কংগ্ৰেছে মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে শৰ্মাই।

উল্লেখ্য যে, ঈদৰ পাছৰে পৰা ৰাজ্যত গো- হত্যাকেন্দ্ৰিক বিতৰ্কই গা কৰি উঠিছে।  ঈদৰ পাছদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈছিল। এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে বহু লোক গ্ৰেপ্তাৰ হৈছে, লগতে গো সুৰক্ষা আইনৰ হৈ সৰৱ হৈ উঠিছে অসম আৰক্ষী। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সকীয়নি দি আহিছে যে এনেলোকক ৰেহাই দিয়া নহয়।

ইয়াৰোপৰি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে, মইতো বিচাৰো কোনোৱে যদি মন্দিৰৰ আগত গো মাংস থৈ যায় তেন্তে হিন্দুসকলেও গাহৰি মাংস হৈ থাকক। তেতিয়া বৰাবৰ হৈ যাব। ৰাজ্যত চলি থকা এনে চৰ্চাৰ মাজতে পুনৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি মন্তব্য কৰে।

 

 

অন্য খবৰ পঢ়কঃ কি হ’ব? মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হ’লে কোনোবা দিনা মছজিদৰ আগত গাহৰি মাংস ৰাখি দিব: মুখ্যমন্ত্ৰী