আগষ্টত ৰাজ্যৰ এইসকল মহিলাৰ একাউণ্টলৈ ১০ হাজাৰকৈ টকাঃ মুখ্যমন্ত্ৰীৰ বৈঠকত তালিকা প্ৰস্তুত সন্দৰ্ভত আলোচনা..
ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এক পর্যালোচনা বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু শীর্ষ বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ উন্নয়নৰ বাবে গ্রহণ কৰা আঁচনিসমূহ ১০০ শতাংশ সফলভাৱে ৰূপায়ণ কৰা তথা ইয়াৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ এই বৈঠকত বুজ লয়।

ওদালগুৰি জিলাত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি জিলাখনৰ আৱৰ্ত ভৱনত এখন বৈঠকত মিলিত হয়। এই বৈঠকত অৰুণোদয় ৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কার্ড প্রদানৰ বিষয়টো বিতংভাবে আলোচনা কৰা হয়। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হোৱা এই পর্যালোচনা বৈঠকত বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু শীর্ষ বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ উন্নয়নৰ বাবে গ্রহণ কৰা আঁচনিসমূহ ১০০ শতাংশ সফলভাৱে ৰূপায়ণ কৰা তথা ইয়াৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ পাৱাৰ পইন্ট প্রেজেন্টেশ্যনৰ জৰিয়তে বুজ লয়।
আজিৰ এই বৈঠকত অৰুণোদয় ৩.০ আঁচনিখন জিলাখনত ৰূপায়ণৰ অৰ্থে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে সেই দিশত সবিশেষ আলোচনা কৰা হয়। ওদালগুৰি জিলাত পূর্বে ৫৮ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছিল যদিও হিতাধিকাৰীৰ সংখ্যা ১.১৭ লাখ পৰিয়াললৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ জৰিয়তে যাতে দুখীয়া-দৰিদ্ৰ জনসাধাৰণ উপকৃত হ’ব পাৰে সেই দিশত সুনিশ্চিত পদক্ষেপ ল’বলৈ জিলা প্রশাসনক নির্দেশ দিয়ে।
আনহাতে, আজিৰ এই বৈঠকত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান সন্দর্ভতো পর্যালোচনা কৰা হয়। এই আঁচনিৰ অধীনত নির্বাচিত আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে প্রথম পর্যায়ত ১০ হাজাৰ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্রীগৰাকীয়ে আগষ্ট মাহৰ পৰা ৰূপায়িত হ’বলগীয়া আঁচনিখন সফল কৰাৰ দিশত সকলোধৰণৰ প্ৰয়াস চলাবলৈ নির্দেশ দিয়ে। এই বৈঠকতে আঁচনিখনৰ চূড়ান্ত তালিকা প্রস্তুত কৰাৰ দিশত আলোচনা কৰা হয়। এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ ১.৭ লাখ মহিলা উপকৃত হ’ব।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিখনৰ জৰিয়তে ওদালগুৰি জিলাত প্রায় আঢ়ৈ হাজাৰ যুৱক-যুৱতীয়ে ২ লাখ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। আনহাতে, আজিৰ এই বৈঠকতে এটি কলি দুটি পাত আঁচনিখন ৰূপায়ণৰ দিশতো পর্যালোচনা কৰা হয়। অসমৰ চাহ উদ্যোগে ২০০ বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্রমিকসকলে ৫ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰিব।
আঁচনিখনৰ জৰিয়তে ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্রমিকে যাতে উপকৃত হ’ব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে ৪ হাজাৰ জনসংখ্যাক সামৰি ল’ব পৰাকৈ ৰেচন কার্ড মুকলি কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে যিসকল লোকে ৰেচন কার্ড লাভ কৰা নাই, তেওঁলোকে যাতে এই ৰেচন কার্ড লাভ কৰে তাক সুনিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। ৰাজ্য চৰকাৰে এই ৰেচন কাৰ্ডৰ জৰিয়তে চাউল লাভ কৰাৰ লগতে আয়ুষ্মান ভাৰত, আয়ুস্মান অসম আঁচনিৰ দ্বাৰা চিকিৎসা সুবিধা পদান কৰিব বিচাৰিছে।
তেওঁ লগতে ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি, ভেৰগাঁও, টংলা আৰু মাজবাট বিধানসভা সমষ্টিৰ বাবে এই আঁচনি কেইখনৰ হিতাধিকাৰী নিৰ্বাচন যাতে সমানুপাতিকভাৱে কৰা হয় সেই দিশত দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে। তেওঁ কয় যে এইকেইখন আঁচনি পৰ্যালোচনা কৰাৰ বাবে তেওঁ বিটিআৰৰ অন্তৰ্গত পাঁচখন জিলা ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ওদালগুৰি ভ্ৰমণ কৰাৰ পিছত পৰৱৰ্তী তামুলপুৰ, বাক্সা, কোকৰাঝাৰ আৰু চিৰাং জিলা ভ্রমণ কৰিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীগৰাকীয়ে এই আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচনকে ধৰি সকলো কাম নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নির্দেশনা প্রদান কৰে।
আজি এই বৈঠকত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জলসম্পদ আদি বিভাগ তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্রী পীযূষ হাজৰিকা, বিজেপি, অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিটিআৰৰ উপমুখ্য কার্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য, কেবাগৰাকীও এম চি এল এ-ৰ উপৰি বিটিআৰৰ প্ৰধান সচিব আকাশ দ্বীপ, জিলা আযুক্ত পুলক পাটগিৰি তথা বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ পিছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি আৱৰ্ত ভৱনত জিলাখনৰ কেইবাটাও দল-সংগঠন তথা ব্যক্তিৰ সৈতে বার্তালাপত মিলিত হৈ বিভিন্ন বিষয়ত তেওঁলোকৰ সমস্যাৰ বুজ লয়। এই সময়চোৱাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সম্মিলনী, সদৌ বাথৌ মহাসভা, ওদালগুৰি জিলা, সদৌ অসম আদিবাসী ছাত্র সন্থা, এ জে বাই চি পি, ওদালগুৰি জিলা, সদৌ অসম বেংগলী যুৱ আৰু ছাত্র ফেডাৰেশ্যন, অখিল অসম হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ, ব্রহ্ম সমাজ, ওদালগুৰি জিলা, ওদালগুৰি খিলঞ্জীয়া ভূমিপট্টা অধিকাৰ সমিতি, এ টি টি এছ এ ওদালগুৰি জিলা, এন ডি এফ বি, ৰাভা ছাত্ৰ সন্থা, ফৰ্মাৰ ক্ৰিকেট ফৰাম ওদালগুৰি, সদৌ অসম গোর্খা ছাত্র সস্থা, অসম নেপালী সভা, ইউনাইটেড গোর্খা পিপলছ অর্গেনাইজেশ্যন, টংলা টাউন ৰে’লৱে লিজ হল্ডাৰ কমিটী, বেডমিন্টন সন্থা, পলাশঘৰ সমাজ, বি টি চি গাঁওবুঢ়া সস্থা, ভেৰগাঁও জিলা শংকৰ সংঘ, ওদালগুৰি জিলা জীৱিকা সখী সংঘ, দৰং-ওদালগুৰি বণিয়া সন্মিলনীৰ উপৰি কেইবাগৰাকীও সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে বার্তালাপ কৰে।