শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মাত্ৰ ৬০ দিনৰ ভিতৰত দেশত উপলব্ধ হ'ব ষ্টাৰলিংকৰ সেৱা!

মাত্ৰ ৬০ দিনৰ ভিতৰত দেশত উপলব্ধ হ’ব ষ্টাৰলিংকৰ সেৱা!

barasha-sarma
Barasha Sarma | Published: 03 Jul 2025 18:40 PM

ষ্টাৰ লিংকে সমগ্ৰ বিশ্বৰ বহু দেশত সেৱা আগবঢ়ায়। ২৬ জুন, ২০২৫ - তথ্য অনুসৰি ইতিমধ্যে ইলন মাস্কৰ কোম্পানীয়ে  পৃথিৱীৰ তলৰ ভাগৰ অৰ্বিটলৈ ৭ হাজাৰ ৮৭৫ টা ছেটেলাইট প্ৰেৰণ কৰিছে।

ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ। অহা  ৬০ দিনৰ ভিতৰত ভাৰতত ষ্টাৰলিংকে আৰম্ভ কৰিব ইন্টাৰনেট সেৱা।  ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে প্ৰায় ৩ বছৰ পূৰ্বে আবেদন কৰিছিল।  অৱশেষত তেওঁলোকে ক্লিয়াৰেন্স লাভ কৰিলে। এই সংস্থাটোৱে অহা ২ মাহৰ ভিতৰত দেশ তেওঁলোকৰ সেৱা আৰম্ভ কৰিব পাৰে বুলি জানিব পৰা গৈছে।

বৰ্তমান ষ্টাৰ লিংকে সমগ্ৰ বিশ্বৰ বহু দেশত সেৱা আগবঢ়ায়। ২৬ জুন, ২০২৫ – তথ্য অনুসৰি ইতিমধ্যে ইলন মাস্কৰ কোম্পানীয়ে  পৃথিৱীৰ তলৰ ভাগৰ অৰ্বিটলৈ ৭ হাজাৰ ৮৭৫ টা ছেটেলাইট প্ৰেৰণ কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ষ্টাৰলিংকৰ গতি ৫০ৰ পৰা ২৫০ এমবিপিএছৰ ভিতৰত হ’ব।  উল্লেখ্য যে, দুৰ্গম অঞ্চলসমূহতো এই সেৱাৰ সুবিধা লাভ কৰিব। কিয়নো তাঁৰৰ জৰিয়তে নহয়, ছেটেলাইটৰ দ্বাৰা ইয়াৰ সেৱা প্ৰদান কৰা হ’ব।