শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
মাজ আকাশতে খহি পৰিল বিমানৰ খিৰিকী! আতংকিত যাত্ৰী

মাজ আকাশতে খহি পৰিল বিমানৰ খিৰিকী! আতংকিত যাত্ৰী

trishna-kalita
Trishna Kalita | Published: 03 Jul 2025 21:56 PM

গোৱাৰ পৰা পুনে অভিমুখী স্পাইচজেটৰ বিমান SG-1080ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোৱাৰ পৰা পুনেলৈ গৈ থাকোঁতে মাজ আকাশত হঠাতে বিমানখনৰ খিৰিকীৰ ফ্ৰেম খুলি পৰিল। সৌভাগ্যক্ৰমে কেবিনৰ বায়ুৰ চাপ স্বাভাৱিক হোৱাৰ বাবে ডাঙৰ বিপদৰ পৰাৰ ৰক্ষা পৰিল সকলো যাত্ৰী।

আহমেদাবাদৰ দুৰ্ঘটনাৰ পিছৰে পৰা বহুকেইখনত বিমানত বিজুতিৰ খবৰ পোহৰলৈ আহিছে। কেতিয়াবা যদি বিমানে উচ্চতালৈ যাব নোৱাৰে, কেতিয়াবা আকৌ ইঞ্জিন বিকল হয়। এইবাৰ সংঘটিত হ’ল পূৰ্বে নঘটা এক আচৰিত ঘটনা। মাজ আকাশতে খোল খালে বিমানৰ খিৰিকী। যাৰ ফলত আতংকিত হৈ পৰে যাত্ৰীসকল। হয়তো যিকোনো মুহূৰ্ততে  সংঘটিত হ’লহেঁতেন ডাঙৰ অঘটন! বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰো সম্ভাৱনা আছিল।

গোৱাৰ পৰা পুনে অভিমুখী স্পাইচজেটৰ বিমান SG-1080ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গোৱাৰ পৰা পুনেলৈ গৈ থাকোঁতে মাজ আকাশত হঠাতে বিমানখনৰ খিৰিকীৰ ফ্ৰেম খুলি পৰিল। সৌভাগ্যক্ৰমে কেবিনৰ বায়ুৰ চাপ স্বাভাৱিক হোৱাৰ বাবে ডাঙৰ বিপদৰ পৰাৰ ৰক্ষা পৰিল সকলো যাত্ৰী। সকলোৱে জানে যে বিমানৰ খিৰিকী খুলিব নোৱাৰি। বাহিৰৰ বায়ুমণ্ডলৰ পৰা বায়ু প্ৰৱেশ কৰি বিমানখনৰ কেবিনৰ চাপ কমি যোৱাৰ ফলত নিমিষতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে।