শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বনভূমিত আৰক্ষী শিবিৰ স্থাপনৰ নিৰ্দেশ! অসম চৰকাৰৰ বিশেষ মুখ্য সচিবৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

অসম চৰকাৰৰ বিশেষ মুখ্য সচিব (বন) এম কে যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে। বন (সংৰক্ষণ সংবৰ্ধন) অধিনিয়ম ১৯৮০ উলংঘনৰ অভিযোগত বিষয়াগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশ প্ৰদান কৰা হৈছে।

বনভূমিত আৰক্ষী শিবিৰ স্থাপনৰ নিৰ্দেশ! অসম চৰকাৰৰ বিশেষ মুখ্য সচিবৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
monjit-dutta
Monjit Dutta | Published: 03 Jul 2025 22:36 PM

অসম চৰকাৰৰ বিশেষ মুখ্য সচিব (বন) এম কে যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বন (সংৰক্ষণ সংবৰ্ধন) অধিনিয়ম ১৯৮০ উলংঘনৰ অভিযোগত বিষয়াগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশ প্ৰদান কৰা হৈছে অভিযোগ অনুসৰি প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকাৰ সময়ত এম কে যাদৱে শিৱসাগৰ আৰু হাইলাকান্দিৰ বনভূমিত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপনৰ অনুমতি প্রদান কৰিছিল

এতিয়া এই বিষয়ত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছেহাইলাকান্দি জিলাৰ হাইলাকান্দি সংমণ্ডলৰ অন্তৰ্গত ইনাৰলাইন সংৰক্ষিত বনাঞ্চলৰ ডামচেৰাত ১১.৫ হেক্টৰ বনভূমিত কমাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপনৰ বাবে এম কে যাদৱে বে-আইনী ভাৱে অসম আৰক্ষী আৱাস নিগম লিমিটেডক অনুমতি দিছিল

বন (সংৰক্ষণ সংবৰ্ধন) অধিনিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ অনুমতি অবিহনে এনেধৰণৰ কাৰ্যকলাপৰ বাবে বনভূমি মুকলি কৰাৰ অনুমতি প্ৰদানৰ কোনো কৰ্তৃত্ব নাছিল এম কে যাদৱৰসেই অনুসাৰে তেওঁৰ এনে কাৰ্য বন (সংৰক্ষণ সংবৰ্ধন) অধিনিয়ম আৰু ইয়াৰ অধীনত নিৰ্ধাৰণ কৰা কৰা নিয়ম-নিৰ্দেশনা আৰু অধিসূচনাসমূহৰ গুৰুতৰ উলংঘন হিচাপে বিবেচনা কৰা হৈছে

এই সন্দৰ্ভত বিষয়াগৰাকীলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীত উল্লেখ কৰা যুক্তিসমূহ সন্তোষজনক নহয় বুলিও বিবেচনা কৰা হৈছে উত্থাপিত অভিযোগ সন্দৰ্ভত এম কে যাদৱে নিজকে নিৰ্দোষ প্ৰমাণ কৰিব পৰা নাই, আৰু সেই বাবে তেওঁৰ বিৰুদ্ধে বন (সংৰক্ষণ সংবৰ্ধন) অধিনিয়ম ১৯৮০ ধাৰা আৰু বি আৰু সংৰক্ষন নিয়ম, ২০২৩ ধাৰা ১৫ () অনুসৰি আইনী ব্যৱস্থা  গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে