শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পৰিয়ালৰ সৈতে মা কামাখ্যাৰ আশিস ল'লে 'Golden Guys' খ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰে

পৰিয়ালৰ সৈতে মা কামাখ্যাৰ আশিস ল’লে ‘Golden Guys’ খ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰে

Barasha Misra
Barasha Misra | Published: 03 Jul 2025 21:58 PM

অসমলৈ আহি 'Golden guys' এ কয়, অসমীয়াসকল বহুত ভাল, সকলোকে বহুত মৰম কৰে। মা কামাখ্যাৰ দৰ্শন কৰিবলৈ বহুত ইচ্ছা আছিল। অসম তথা অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল 'Golden guys' এ।

অসমলৈ আহিছে ‘Golden guys’। শক্তিপীঠ কামাখ্যাত ‘Golden Guys’ খ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ। বৃহস্পতিবাৰে মা কামাখ্যাত সপৰিয়ালে আশিস লয়। সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে ‘Golden guys’ নামে খ্যাত তেওঁলোক। সোণৰ অলংকাৰ পৰিধান আৰু অত্যাধিক প্ৰদৰ্শনৰ বাবে প্ৰায়ে চৰ্চাত থাকে। সৰুৰে পৰাই সোণৰ অলংকাৰ পৰিধান কৰাৰ এক বিশেষ চখ আছিল তেওঁলোকৰ।

অসমলৈ আহি ‘Golden guys’ এ কয়, অসমীয়াসকল বহুত ভাল, সকলোকে বহুত মৰম কৰে। মা কামাখ্যাৰ দৰ্শন কৰিবলৈ বহুত ইচ্ছা আছিল। অসম তথা অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল ‘Golden guys’ এ।

উল্লেখ্য যে, এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিছে সপৰিয়ালে। শুকুৰবাৰে বেলতলা স্থিত GS coustom ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।