শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সমাজ-ৰাজনীতিৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চকু ফুৰাওক দিনটোৰ কেইটামান চৰ্চিত খবৰত…

ৰাজ্য, দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰ তথা ক্ৰীড়াক্ষেত্ৰৰ বহু খবৰে আজিৰ দিনটোত সংবাদ শিৰোনাম দখল কৰিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ ঘানা ভ্ৰমণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিত নিৰ্বাচনী প্ৰচাৰ আৰু ভাৰত-ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাই আজি যথেষ্ট চৰ্চা লাভ কৰিছে। চাওঁ আহক আজিৰ দিনটোৰ কেতবোৰ চৰ্চিত সংবাদ।

সমাজ-ৰাজনীতিৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চকু ফুৰাওক দিনটোৰ কেইটামান চৰ্চিত খবৰত…
দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 03 Jul 2025 19:59 PM

আজি ৩ জুলাই। ৰাজ্য, দেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰ তথা ক্ৰীড়াক্ষেত্ৰৰ বহু খবৰে আজিৰ দিনটোত সংবাদ শিৰোনাম দখল কৰিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ ঘানা ভ্ৰমণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিচিত নিৰ্বাচনী প্ৰচাৰ আৰু ভাৰত-ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাই আজি যথেষ্ট চৰ্চা লাভ কৰিছে। চাওঁ আহক আজিৰ দিনটোৰ কেতবোৰ চৰ্চিত সংবাদ..

১. দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰেৰে সন্মান প্ৰদান কৰা হয়। এই ভ্ৰমণৰ সময়ত ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীত দেশখনৰ ৰাষ্ট্ৰপতি জন মহামাই প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। ৩০ বছৰৰ পাচত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিছে ঘানা।

২. ঘানা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘানাৰ সংসদত সম্বোধন কৰে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা আৰু ভাৰতৰ সহযোগিতা কেৱল আজিৰ বাবেই নহয়, ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও বুলি উল্লেখ কৰে। ভাৰত-আফ্ৰিকাৰ বিকাশমূলক অংশীদাৰিত্ব প্ৰয়োজনভিত্তিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰাটো তেওঁৰ বাবে এক সন্মানৰ কথা বুলিও মন্তব্য কৰে।

৩. গোৱালপাৰাত কালি এক কাৰ্যসূচীৰ সময়ত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল পংকজ পাঠক। ইয়াৰ পিছতে পংকজ পাঠকে সামাজিক মাধ্যমযোগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফোন কৰি তেওঁক ৰাজ্যখনলৈ আমন্ত্ৰণ জনাইছে বুলি দাবী কৰিছিল। কিন্তু তৃণমূল কংগ্ৰেছে পংকজ পাঠকৰ এই দাবী ভুৱা বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ অসম শাখাই আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ লিখি তদন্তৰ বাবে আহ্বান জনায়

৪. আজি ওদালগুৰিত এক জনসভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে বিটিআৰ নিৰ্বাচনত অংশ লোৱা সন্দৰ্ভত তীক্ষ্ণ আক্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শাসনকালতে বিটিআৰত আটাইতকৈ বেছি হত্যা-হিংসা হৈছিল বুলি মন্তব্য কৰে। দলটোৰ শাসনত বিটিআৰত বোমা-বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ আদি হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কংগ্ৰেছে অঞ্চলটোত কেতিয়াও শান্তি বিচৰা নাছিল বুলিও দাবী কৰে।

৫. ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব বিনামূলীয়া বীমাৰ সুবিধা। এক্সত এক পোষ্ট যোগে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পোষ্টটোত তেওঁ চাকৰিৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিস্তৃত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, “বহুতো সুবিধাৰ উপৰিও আমি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীকে ZERO COST ত বীমাৰ সুবিধা প্ৰদান কৰিছো, গতিকে কোনো অভাৱনীয় পৰিঘটনা হ’লে তেওঁলোকে বিত্তীয় বিষয়ৰ চিন্তা কৰিব নালাগে।”

৬. বিগত কিছুদিনৰ পৰা একালৰ বন্ধুদ্বয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ আটাইতকৈ ধনী ব্য়ক্তি ইলন মাস্কৰ মাজত ব্যাপক বিবাদ হোৱা পৰিলক্ষিত হৈছে। এইবাৰ ট্ৰাম্পৰ ‘ৱান বিগ বিউটিফুল বিল’ৰ তীব্ৰ বিৰোধিতা কৰি মাস্কে এই বিলক সস্তীয়া আৰু উন্মাদ আখ্যা দিছে। এই বিধেয়ক গৃহীত হ’লে আমেৰিকা পাৰ্টি নামৰ এক নতুন দল গঠন কৰাৰ কথা ঘোষণা কৰিছে মাস্কে।

৭. পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পাইছিল সংঘাত। এই উত্তেজনা পৰিস্থিতিৰ পিছত দুয়ো দেশৰ মাজত ক্ৰীড়াক লৈয়ো শংকাৰ পৰিৱেশ গঢ়ি উঠিছিল। কিন্তু অহা আগষ্ট-ছেপ্টম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া হকী এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাৰে পাকিস্তান দল। এই প্ৰতিযোগিতাৰ বাবে পাকিস্তান দলৰ ভাৰত ভ্ৰমণত অনুমতি প্ৰদান কৰিছে ভাৰত চৰকাৰে।

৮. ভাৰত আৰু ইংলেণ্ডৰ মাজত এজবেষ্টনত চলি থকা দ্বিতীয় টেষ্টৰ আজি দ্বিতীয় দিন। মেচখনত অধিনায়ক শুভমন গিলৰ শতক আৰু ৰবীন্দ্ৰ জাদেজাৰ অৰ্ধশতকৰ সহায়েৰে ভাৰত এক শক্তিশালী স্থিতিত উপনীত হৈছে। জাদেজাই ৮৯ ৰান কৰি বিদায় ল’লেও গিলে অধিনায়কোচিত ইনিংছ খেলি দলৰ লগতে নিজৰ ইনিংছ আগুৱাই নিছে। লক্ষণীয়ভাৱে এই টেষ্টখনত তিনিটাকৈ সালসলনি দেখিবলৈ পোৱা গৈছে ভাৰতৰ মূল একাদশত। দলত নাই তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহো।

৯. গো-মাংসৰ বিতৰ্ক চলি থকাৰ মাজতে বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ হৈছে ২০০ গৰাকী লোক। ইফালে আজি পুৱা ধুবুৰীত উদ্ধাৰ হয় প্ৰায় ২০০ কেজি গো-মাংস। ৰাজ্যত অসম গো সুৰক্ষা আইন বলৱত হৈ থকাৰ পাছতো বিভিন্ন স্থানত গো-মাংস বিক্ৰী হৈ আছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই গো-মাংস বিক্ৰীৰ বিৰুদ্ধে।