শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

বৰ্তমান ৫ খন দেশ ভ্ৰমণত ব্যস্ত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘানা ভ্ৰমণৰ পাছত বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) মোদীয়ে ট্ৰিনিদাদ আৰু ট’বাগোত উপস্থিত হয়।

Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 04 Jul 2025 07:18 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ ঘটনা। এনে পৰিস্থিতিত বাতিল কৰা হয় কেইবাখনো ৰে’লৰ চলাচল। গুৱাহাটী-শিলচৰ-ত্ৰিপুৰাৰ মাজত চলাচল কৰা ৰে’ল বাতিল। ইয়াৰোপৰি শিলচৰ-গুৱাহাটী, ৰঙিয়া-শিলচৰ ৰে’ল, আগৰতলা-গুৱাহাটীসহ ৫খনকৈ যাত্ৰীবাহী ৰে’ল বাতিল।
  2. পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত শোকাৱহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ মৃত্যু চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ৰূপলীন ৰংপীপীৰ। জানিব পৰা মতে, ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লওঁতেই বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় যুৱতীগৰাকীৰ।
  3. পংকজ পাঠকৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ গোচৰ। পংকজ পাঠকে অভিযোগ উত্থাপন কৰিছিল যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক ফোন কৰি পশ্চিমবংগত বসতি স্থাপনৰ আহ্বান জনাইছে।
  4. বৰ্তমান ৫ খন দেশ ভ্ৰমণত ব্যস্ত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘানা ভ্ৰমণৰ পাছত বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) মোদীয়ে ট্ৰিনিদাদ আৰু ট’বাগোত উপস্থিত হয়।প’ৰ্ট অৱ স্পেইনৰ পিয়াৰ্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। তেওঁক আদৰণি জনায় কেৰিবিয়ান ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছাৰ লগতে ৩৮ গৰাকী মন্ত্ৰী আৰু চাৰিজন সাংসদে।
  5. হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা। যোৱা ২০ জুনৰ পৰা হোৱা প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ৬৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ বিপৰীতে ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। কেইবা ঠাইত ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
  6. চলি আছে ভাৰত-ইংলেণ্ডৰ মাজত ৫ শৃংখলাৰ টেষ্ট মেচ। দ্বিতীয়খন টেষ্টত ৫৮৭ ৰান কৰি ইনিংছ সামৰে ভাৰতে। এই সময়ত শুভমন গিলে কেইবাটাও ৰেকৰ্ড ভংগ কৰে। অৱশ্যে দ্বিতীয়খন টেষ্টত কোন জয়ী হয় সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।
  7. বৃহস্পতিবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৰ্চিত ‘ৱান বিগ বিউটিফুল বিল’ গৃহীত হয়। ট্ৰাম্পৰ অভিলাষী বিধেয়কখনে দেশৰ সংসদৰ চূড়ান্ত অনুমোদন লাভ কৰিছে। ২১৮জন সাংসদে বিধেয়কখন সমৰ্থন কৰাৰ বিপৰীতে ২১৪জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে।
  8. আফগানিস্তানত থকা তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছে ৰাছিয়াই। ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰদূত দিমিত্ৰী জিৰনভে আই ই এৰ বৈদেশিক মন্ত্ৰী মাউলাৱী আমিৰ খান মুত্তাকীক সাক্ষাৎ কৰে। এই সময়তে ৰাষ্ট্ৰদূতগৰাকীয়ে এই কথা জনায়।

 

অন্য খবৰ পঢ়কঃ তপা মূৰত চুলি গজাবলৈ কোকৰাঝাৰত উপস্থিত পংকজ পাঠক, ক’লে- আকৌ গোৱালপাৰাত কেম্প হ’ব…