শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বন্ধুৰ পৰা ধাৰ লৈ লৈছিল ৭.৭ লাখ টকা, ৯ বছৰে নিদিলে ঘূৰাই, উপায়ন্তৰ হৈ বন্ধুৱে কৰিলে এই কাম

দুজন অতি নলেগলে লগা বন্ধু। কিন্তু এতিয়া দুয়ো প্ৰতিপক্ষ ৰূপে থিয় দিলে আদালতত। ৭ লাখ টকাই দুয়োকে লৈ আহিলে আদালতলৈ।

বন্ধুৰ পৰা ধাৰ লৈ লৈছিল ৭.৭ লাখ টকা, ৯ বছৰে নিদিলে ঘূৰাই, উপায়ন্তৰ হৈ বন্ধুৱে কৰিলে এই কাম
প্ৰতীকী ছবিImage Credit source: tv9 hindi
raj-saikia
Raj Saikia | Updated On: 04 Jul 2025 17:10 PM

আপদে-বিপদে আমি কেতিয়াবা বন্ধু-বান্ধৱ বা আত্মীয়ৰ পৰা টকা ধাৰলৈ লওঁ। হাতলৈ টকা অহাৰ পাচত আমি সেই ধাৰ পৰিশোধ কৰোঁ। কিন্তু কেতিয়াবা এনেকুৱাও হয় যে ধাৰ লোৱা জনে মাহৰ পাছত মাহ, বছৰৰ পিছত বছৰ ধৰি ধাৰ পৰিশোধ নকৰে আৰু পলাই ফুৰে। ধাৰ দিয়া জনে টকা ওভতাই বিচাৰিলে তেওঁকহে আকৌ টান কথা শুনাই।

এইবোৰ চিৰাচৰিত ঘটনা, আমি সকলোৱেই নিজৰ লগত নহ’লেও আনৰ লগত ঘটা দেখিছোঁ। টকা ধাৰ লৈ সময়ত পৰিশোধ নকৰাৰ বাবে বহুতৰে সম্পৰ্কও নষ্ট হয়। আজি ক’বলৈ লৈছোঁ দুজন বন্ধুৰ কাহিনী। তেওঁলোকৰো তেনেকুৱাই হ’ল । জানো আহক সম্পূৰ্ণ ঘটনা।

দুজন অতি নলেগলে লগা বন্ধু। কিন্তু এতিয়া দুয়ো প্ৰতিপক্ষ ৰূপে থিয় দিলে আদালতত। ৭ লাখ টকাই দুয়োকে লৈ আহিলে আদালতলৈ। ঘটনাটো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ ৰ’ব। মহেন্দ্ৰ সিং লাটৱাল আৰু মেঘশ্যাম সিং ৰাৱাট, দুয়োজন বন্ধু। কিছু বছৰ পূৰ্বে মহেন্দ্ৰৰ পৰা ৭.৭০ লাখ টকা ধাৰ লৈছিল মেঘশ্যামে। তাৰ বিনিময়ত মেঘশ্যামে মহেন্দ্ৰক দিছিল এখন চেক।

সময় বাগৰিল মহেন্দ্ৰই টকা বিচাৰিবলৈ ধৰিলে মেঘশ্যামক। কিন্তু মেঘশ্যাম টকা দিবলৈ অপাৰগ। টকা ধাৰ লোৱা সময়ত যিখন চেক মেঘশ্যামে মহেন্দ্ৰক দিছিল, সেই চেকখন বেংকত জমা দি টকা উলিয়াবলৈ গ’ল মহেন্দ্ৰ। কিন্তু চেকখন বাউঞ্চ হয়। উপায়হীন হৈ বন্ধুৰ বিৰুদ্ধে আদালত পালেগৈ মহেন্দ্ৰ।

২০১৬ চনতে আদালতৰ কাষ চাপিছিল মহেন্দ্ৰ সিং লাটৱাল। অৱশেষত আদালতে বিচাৰ কৰি মেঘশ্যামক এবছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনা বিহে। ইয়াৰে ৯.৫ লাখ টকা মহেন্দ্ৰক ক্ষতিপূৰণ হিচাপে দিব লাগিব। উত্তৰাখণ্ডৰ হালদ্বাণীৰ ঘটনা এয়া। প্ৰায় ৯ বছৰ ধৰি এই গোচৰ চলি আছিল।

আদালতৰ ৰায়

বৃহস্পতিবাৰে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অখিলেশ কুমাৰ পাণ্ডেৰ আদালতে ৰায়দান দি কয়, “মহেন্দ্ৰৰ ধন লৈ পলায়ন কৰে মেধশ্যামে। সেয়ে তেওঁক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। লগতে ১০ লাখ টকা জৰিমনাও দিব লাগিব। ইফালে আন এটা গোচৰত মোৰাদাবাদৰ জেললৈও গৈছিল মেধশ্যাম। এতিয়া ঋণ পৰিশোধ নকৰাৰ বাবে তেওঁক পুনৰ জেললৈ প্ৰেৰণ কৰা হৈছে।