শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“মদ খাই মানুহজন ফুলিছে”, মদ্যপান কৰিলে কিয় ওজন বৃদ্ধি পায় ? জানেনে

মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ পাছতো একাংশ লোকে মদ্যপান কৰে। দেখা যায় যে, মদ্যপান কৰাৰ সমান্তৰালভাৱে একাংশ লোকৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়। এই সমস্যা কিয় হয়?

“মদ খাই মানুহজন ফুলিছে”, মদ্যপান কৰিলে কিয় ওজন বৃদ্ধি পায় ? জানেনে
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 04 Jul 2025 18:04 PM

আপুনি প্ৰায়ে শুনা পোৱা এটা বাক্য হৈছে, “মদ খাই মানুহজন ফুলিছে”। আচলতে এই সমস্যা কিয় হয়? মদ্যপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ পাছতো একাংশ লোকে মদ্যপান কৰে। দেখা যায় যে, মদ্যপান কৰাৰ সমান্তৰালভাৱে একাংশ লোকৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়।

বিশেষজ্ঞৰ মতে, মদত যথেষ্ট পৰিমাণৰ কেলৰি থাকে। কিন্তু কেলৰি থাকিলেও মদৰ কোনো স্বাস্থ্য উপকাৰিতা নাই। হয়টো কেলৰি থাকে বাবেই মদ্যপান কৰাৰ লোকৰ ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে, ৩৫০ মিলিলিটাৰ বিয়েৰত ১৫০ কিলোকেলৰি থাকে। ৪৫ মিলিলিটাৰ হুইস্কিত ১০০ কিলোকেলৰি থাকে। গৱেষণাত কোৱা হৈছে যে,মদ্যপান কৰিলে কেৱল ওজন বৃদ্ধি হোৱাই নহয়, মেদবহুলতাৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

মদ্যপান কৰিলে মানুহ কিয় ফুলে ?

দৈনিক খাদ্য হজম কৰাত বিপাকীয় ক্ৰিয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত মদ প্ৰৱেশ মানে অতিৰিক্ত কেলৰি প্ৰৱেশ কৰা। কিন্তু ই চৰ্বিৰ বিপাকীয় ক্ৰিয়াত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত দ্ৰুতগতিত ওজন বৃদ্ধি পায়। ফলত আপোনাৰ পেট বাঢ়ি যাব।

মদ্যপানৰ ফলত চৰ্বিযুক্ত, নিমখীয়া বা মিঠা খাদ্যৰ প্ৰতি লোভ বাঢ়ি যায়। মদ্যপানৰ ফলত ভোক আৰু তৃপ্তি নিয়ন্ত্ৰণ কৰা লেপ্টিন আৰু ঘ্ৰেলিন হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা দেখা যায়।

মদ্যপান কৰিলে ষ্ট্ৰেছ হৰম’ন বুলি জনাজাত কৰ্টিছলৰ নিঃসৰণ বৃদ্ধি পায়। ফলত টোপনিৰ ওপৰতো প্ৰভাৱ পৰে। এলাহ আৰু ভাগৰ বাঢ়ি যায়। গতিকে ওজন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

মদ্যপান কৰিলে যকৃতত চৰ্বি জমা হ’ব পাৰে। চৰ্বিযুক্ত যকৃতে ওজন নিয়ন্ত্ৰণ আৰু সুস্থ বিপাকীয় ক্ৰিয়া বজাই ৰখাটো কঠিন কৰি তোলে। ফলত এজন মানুহ ফুলিবলৈ আৰম্ভ কৰে।

পৰিত্ৰাণ পোৱাৰ উপায়

গতিকে এই সমস্যা ৰোধ কৰিবলৈ মদ্যপান ত্যাগ কৰক বা অত্যধিক মদ্যপান কৰাৰ পৰা বিৰত থাকক। অত্যধিক মদ্যপানে এই সমস্যা সৃষ্টি কৰিব পাৰে। ক্ৰমান্বয়ে মদ্যপান হ্ৰাস কৰি আপুনি এই অভ্যাস নিজৰ নিয়ন্ত্ৰণ আনিব পাৰে। লগতে বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।