শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কি হ’ব? মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হ’লে কোনোবা দিনা মছজিদৰ আগত গাহৰি মাংস ৰাখি দিব: মুখ্যমন্ত্ৰী

নামঘৰ-মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, "গৰু মাংস নামঘৰ-মন্দিৰৰ ঠাইত আহিলে, কোনোবা দিনা নামঘৰ-মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰিৰ মাংস ৰাখি দিব'।

কি হ’ব? মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হ’লে কোনোবা দিনা মছজিদৰ আগত গাহৰি মাংস ৰাখি দিব: মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 24 Jun 2025 16:09 PM

নামঘৰ-মন্দিৰৰ সন্মুখত গো মাংস ৰখাসকলক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰ (২৪ জুন)য়ে গোৱালপাৰাৰ হাচিলা বিল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গো মাংস বিতৰ্ক সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে। শৰ্মাই এইবোৰ বন্ধ হ’ব লাগে বুলি উল্লেখ কৰি কয় যে, আজি যদি কোনোৱে মন্দিৰ-নামঘৰৰ আগত গো মাংস ৰাখিছে, কাইলৈ কোনোৱে মছজিদৰ আগত গাহৰি মাংস ৰাখিব।

শৰ্মাই কয়, “গৰু মাংস ওলাই থকা বিজনেছ বন্ধ কৰি দিব লাগে। নহ’লে কোনবাই আৰু গাহৰি মাংস দি দিব। যিয়ে এই কামটো কৰে তেওঁলোকে বুজি পাব লাগে যে এটা মাংস যদি হিন্দুই বেয়া পাই, আনটো মাংস মুছলিমে বেয়া পায়। গতিকে হিন্দুসকলে বেয়া পোৱা মাংস যদি হিন্দুৰ জাগাত আহে তেন্তে মুছলমানে বেয়া পোৱা বস্তু মুছলমান গাঁৱত আহিব। সেইবাবে এইবোৰ যুদ্ধ কৰিবই নালাগে। গৰু মাংস গৰু মাংসৰ জাগাত থাকক। গৰু মাংস নামঘৰ-মন্দিৰৰ ঠাইত আহিলে, কোনোবা দিনা নামঘৰ-মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰিৰ মাংস ৰাখি দিব। তেতিয়া কি হ’ব”।

লগতে কয়, “আমি গৰু মাংস, গাহৰি মাংস একোৱে বিচৰা নাই। সকলো ভেজিটেৰিয়ান হৈ থাকিব লাগে। তেতিয়া মানুহৰ স্বাস্থ্য ভাল থাকে”।

হাচিলা বিলৰ ওপৰত মন্তব্য প্ৰকাশ কৰি শৰ্মাই কয় যে, মুখ্যমন্ত্ৰীয়ে সকলোৰে কথা শুনিব লাগিব। বেদখলকাৰীয়ে স্মাৰকপত্ৰ দিলে কথা পাতিম। মই কাকো বেয়া নাপাওঁ। তেওঁলোকে আজি মোক গামোচা দিছে”। ইয়াৰোপৰি ৰকিবুল হুছেইনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, ৰকিবুল হুছেইন.  এ কে ৰছিদ আলমে চৰকাৰক চেলেঞ্জ কৰে। নিজৰে ইটা কাৰখানাসমূহে চৰকাৰী মাটিত আছে”।

ইয়াৰোপৰি গোৱালপাৰৰ উন্নতি হ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় যে,  “গোৱালপাৰাত মেডিকেল কলেজ আহিব, অলপ সময় লাগিব। ৰাক্ষসনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব”।

উল্লেখ্য যে, ঈদৰ পিছদিনাই ধুবুৰীকে ধৰি বিভিন্ন স্থানত গো মাংস উদ্ধাৰ হৈছিল। ইয়াকে লৈ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছিল। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি তীব্ৰ কটাক্ষমূলক মন্তব্য কৰিছিল। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি কোনোৱে মন্দিৰৰ আগত গো মাংস থয়, তেন্তে হিন্দুইও গাহৰি মাংস থৈ আহিব লাগে।  ইয়াৰ মাজতে এই সন্দৰ্ভত অভিযান চলাই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ মাজতে আজি পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনে চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে।

 

অন্য খবৰ পঢ়কঃ লখিমপুৰৰ নামঘৰৰ সন্মুখত উদ্ধাৰ গৰুৰ কটা মূৰ, গ্ৰেপ্তাৰ ৭ জন…