ৰাজনীতিলৈ আহি কণ্ঠ হেৰুৱাইছে নেকি সীমান্ত শেখৰে? ক’লে মনৰ কথা…
শনিবাৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে উদ্বোধন কৰে এডুকেশ্যন এক্সপ'। TV9 network ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেষ্টাৰত অনুষ্ঠিত হৈছে টিভি৯ এডুকেশ্যন এক্সপ’ ২০২৫ । TV-9 নেটৱৰ্কৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য দেশৰ ১৫ খন চহৰত এই বিশেষ শিক্ষা মেলা অনুষ্ঠিত হৈ আহিছে । এইবাৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে এই এক্সপ’ অনুষ্ঠিত কৰা হৈছে । ২৪ মেৰ পুৱা প্ৰায় ১১.৩০ বজাত গুৱাহাটীত অনুষ্ঠিত এই এড্যুকেশ্যন এক্সপ’ৰ শুভাৰম্ভণি কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়নৰ অধ্যক্ষ সীমান্ত শেখৰে । প্ৰথমে ফিটা কাটি উদ্বোধন কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰে সীমান্ত শেখৰে । তাৰ পাছতে বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ষ্টলসমূহ পৰিদৰ্শন কৰে । টিভি-৯ নেটৱৰ্কৰ এই পদক্ষেপত প্ৰশংসা কৰে সীমান্ত শেখৰে, লগতে কয় যে, এই পদক্ষেপে বহু ছাত্ৰ-ছাত্ৰীক সহায় কৰিব ।
এই সময়চোৱাত টিভি-৯ অসমৰ সৈতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়নৰ অধ্যক্ষ সীমান্ত শেখৰৰ এক আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠিত হয় । সাক্ষাৎকাৰত কি ক’লে সীমান্ত শেখৰে? তলত ইয়াৰ সবিশেষ আগবঢ়োৱা হ’ল ।
- প্ৰশ্ন- TV9 Netowk এ প্ৰথমবাৰৰ বাবে গুৱাহাটীত এডুকেশ্যন এক্সপ’ অনুষ্ঠিত কৰিছে । এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কেৰিয়াৰ বাচনি কৰাত সহায় কৰিব নে ? আপুনি কি ভাবে?
সীমান্ত শেখৰ- শিক্ষাৰ ক্ষেত্ৰত আজিৰ সময়ত উত্তৰ-পূবত গুৱাহাটীৰ বিশেষ ভূমিকা আছে । গুৱাহাটীত যিমান শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষামেলা হৈছে, তাত দেখিবলৈ পাওঁ যে উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল ইয়ালৈ আহি পৰামৰ্শ গ্ৰহণ কৰে । টিভি৯ এ যি শিক্ষা মেলা অনুষ্ঠিত কৰিছে, তাত দেশৰ বহু আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আহিছে । ইয়াত নিজৰ ষ্টল দিছে । আমি ভাবো ইয়ে অভিভাৱক, ছাত্ৰ-ছাত্ৰীক লাভান্বিত কৰাৰ লগতে উপযুক্ত পৰামৰ্শ দিব । ইয়াৰোপৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সহায় কৰিব ।

শিক্ষা মেলত উপস্থিত শিক্ষাৰ্থী
- প্ৰশ্ন- জনপ্ৰিয় গায়কৰ পৰা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষলৈ…এই যাত্ৰাৰ বিষয়ে আপুনি কি ক’ব?
সীমান্ত শেখৰ- খুব ভাল যাত্ৰা। জনপ্ৰিয় হয়নে নহয় মই নাজানো । সেয়া ৰাইজে ক’ব । ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি কাম কৰিবলৈ সুযোগ পাইছোঁ ই মোৰ বাবে এক শৈক্ষিক পৰিবেশ । মই ইয়াৰ পৰা বহু কথা শিকিছোঁ ।
- প্ৰশ্ন- বহু লোকে আলোচনা কৰে যে ৰাজনীতিত যোগদান কৰাৰ পাছত সীমান্ত শেখৰৰ সেই পুৰণি কণ্ঠ কৰবাত হেৰাই গৈছে । কিন্তু এতিয়াও আপোনাৰ বহু হিট গান অসমৰ ৰাইজৰ মাজত জনপ্ৰিয় । আপুনি ভাবে নেকি ৰাজনীতিত যোগদানে আপোনাৰ কণ্ঠ বা সুৰত প্ৰভাৱ পেলাইছে ।
সীমান্ত শেখৰ- মই ভাবো এতিয়া, ৰাজনীতিত বস্তু কেতিয়াও অস্থায়ী হ’ব নোৱাৰে । আমাৰ পুৰণি এষাৰ কথা আছে যে দুই নাৱত দুই ভৰি দি আগবাঢ়ি যাব বিচাৰিলে এয়া সম্ভৱ নহয় । বৰ্তমান মই সংগীতৰ যাত্ৰা কিছু পৰিমাণে স্থবিৰ কৰি থৈছো । যেতিয়ালৈকে মই সক্ৰিয় ৰাজনীতিত আছোঁ । কিন্তু কণ্ঠ ভগৱানৰ দান । যি মই হেৰাই যাবলৈ দিব নোৱাৰো । সম্ভৱতঃ আগন্তুক সময়ত কিবা পৰিকল্পনা কৰিব পাৰোঁ । ইয়াৰোপৰি অসমৰ ৰাইজে কি বিচাৰে চাওঁ ।
প্ৰশ্ন- ৰাজনীতিৰ ক্ষেত্ৰত নে সংগীতৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বেছি?
সীমান্ত শেখৰ- ই এক কঠিন প্ৰশ্ন। সুৰৰ ক্ষেত্ৰত মন সদায় আছে, ৰাজনীতিতো মন নথকা হ’লে নগ’লোহেঁতেন । কিন্তু দুয়োটা বস্তু বেলেগ বেলেগ । আমি একাকাৰ কৰি দিওঁ বাবে আমাৰ চিন্তাধাৰা বেলেগ হ’ব ধৰে । ৰাজনীতি আৰু সংগীতৰ মাজত এক যোগসূত্ৰ আছে । আজিৰ তাৰিখত ভাৰতৰ লগতে বিশ্বৰ ৰাজনীতি চালে দেখিম যে বহু শিল্পী, সাহিত্যিক আৰু বেলেগ বেলেগ ক্ষেত্ৰৰ লোকসকলে ৰাজনীতিক হিচাপে নিজৰ কাম অব্যাহত ৰাখিছে । যেতিয়া আপুনি শিল্পৰ প্ৰতি ব্ৰতী হ’ব, ই এক নিচা । অন্তৰ্নিহিত সত্তা । ৰাজনীতি আপোনাৰ কাৰ্যপন্থা । গতিকে ৰাজনীতিৰ লগতে আপুনি গান গাব পাৰে, নাটক কৰিব পাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ এজন বিশিষ্ট ৰাজনীতিবিদ । কিন্তু তেখেত ভাল নিবন্ধকাৰ তথা লেখক । ইয়াৰোপৰি তেওঁ আইনজ্ঞ । তেওঁ ৰাজনীতিৰ লগতে নিবন্ধকাৰ হিচাপেও কাম কৰি গৈছে ।

শিক্ষামেলৰ বুক ষ্টল
- প্ৰশ্ন- আপুনি নিজকে গায়ক, সংগীত পৰিচালক নে এজন ৰাজনীতিক হিচাপে চিনাকী দি ভাল পায়।
সীমান্ত শেখৰ- চিনাকী আপুনি ক’ব নোৱাৰে। ৰাইজে যেতিয়া চিনাকী দিব বিচাৰিব তেতিয়াহে আপুনি ল’ব পাৰিব ।
- প্ৰশ্ন- ভাইমন দা চালেনে ? আপুনি ভাবেনে কেতিয়াবা টলীউডৰ দৰে অসমীয়া চলচ্চিত্ৰ জগতেও আধিপত্য বিস্তাৰ কৰিব ।
সীমান্ত শেখৰ- আমি যেতিয়া কাৰোবাৰ সৈতে তুলনা কৰো আমি সৰু হৈ যাম । বলীউডক আমাতকৈ আগবঢ়া বুলি কোনে কৈছে । তাতো ছবি ফ্লপ হয়, কেতিয়াবা হিট হয় । কিন্তু সেই উদ্যোগত বাজেট, কাৰিকৰী দিশ আদি পৃথক । ঘটনাক্ৰম, কাহিনী, চিত্ৰনাট্য সকলো পৃথক। দক্ষিণাত্যৰ কথা ক’বলৈ হলে তেওঁলোকে ছবিত নিজৰ সংস্কৃতি দেখুৱায়। সেইবোৰ মানুহে চায় । আমাৰ সংস্কৃতি দেখুৱালে আমাৰ চায় । কেৱল আমি যদি তেখেতসকলৰ সংস্কৃতি দেখাবলৈ যাওঁ তেতিয়া নাচায়। নিজৰ সংস্কৃতি ভালদৰে দেখাব লাগে ।
আমি অসমীয়া মানুহে বনোৱা তন্দুৰী ৰুটি সোৱাদ হ’ব নে এগৰাকী পঞ্জাৱীয়ে বনোৱা তন্দুৰী ৰুটীৰ সোৱাদ হ’ব? আমি যেতিয়া চুঙা চাউল বনাও আৰু দক্ষিণাত্যৰ মানুহে চুঙা চাউল বনাই খুৱাই তাত আমাৰ বেছি সোৱাদ থাকিব । আমি আমাৰটো এৰিব নালাগে ।
কিন্তু ধৰিও ৰাখিব নালাগে । ৰক্ষণশীলতাৰ বাবে ব্ৰিটিছ শেষ হৈ হ’ল । গতিকে আমি আনৰ ভালখিনি ল’ব লাগে । অসমীয়া বিবাহত মেহেন্দী অসমীয়াই বনোৱা তন্দুৰী ৰুটীৰ দৰে । আমি আমাৰ জোৰোণ ভালদৰে কৰিলে আমাৰটো বেলেগ ল’ব বিচাৰিব । আমি ভুল ৰক্ষণশীলতা আৰু বেলেগৰ লগত তুলনা কৰা স্বভাৱ এৰিব লাগিব ।

শিক্ষা মেলাৰ দৃশ্য
- প্ৰশ্ন- অসমত চিনেমা হলৰ সংখ্যা বহু কম । এতিয়াও বহু কেইখন জিলাত হল নাই । গতিকে ইয়াৰ ক্ষেত্ৰত আপুনি কি ভাবে বা কিবা পৰিকল্পনা আছেনে?
সীমান্ত শেখৰ- চিনেমা হলৰ সংখ্যা কভিডৰ সময়ত দৃষ্টান্তমূলকভাবে কমিছে । কভিডৰ পাছত অসমীয়া চিনেমা হলৰ সংখ্যা বাঢ়িছে। এতিয়া বহু নতুন চিনেমা হল আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ৫০ টা চিনেমা হলৰ যো-জা কৰা হৈছে । ইয়াৰোপৰি চলিত বৰ্ষত ৫ টা চিনেমা হল কমিচন হৈ যাব ।