শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zomato-Swiggy-ৰ কৰ্মচাৰীসকলে পাব স্বাস্থ্য-জীৱন বীমা

Zomato-Swiggy-ৰ কৰ্মচাৰীসকলে পাব স্বাস্থ্য-জীৱন বীমা

barasha-misra
Barasha Misra | Published: 03 Jan 2026 21:34 PM

শীতকালীন অধিবেশনত সামাজিক সুৰক্ষা সংহিতা (কেন্দ্ৰীয়) নিয়মাৱলী ২০২৫ গৃহীত হয়। ইয়াৰ অধীনত গিগ কৰ্মীৰ পঞ্জীয়ন আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ব।

নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডত কাম কৰা সকলৰ বাবে এটা ডাঙৰ পদক্ষেপ ল’বলৈ গৈ আছে। অৰ্থাৎ জোমাটো, ছুইগী বা আন যিকোনো ডেলিভাৰী বা আন ধৰণৰ কাম কৰাসকলৰ বাবে, যাৰ কোনো নিশ্চিত দৰমহা নাথাকে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে সামাজিক সুৰক্ষা সংহিতা (কেন্দ্ৰীয়) নিয়মাৱলী ২০২৫ৰ খচৰা নিয়ম।

উচ্চ কৰ্মবোজা, অস্বাভাৱিক সময়সীমা আৰু সামাজিক সুৰক্ষাৰ দাবীত অনলাইন ডেলিভাৰী এজেণ্ট আৰু গিগ কৰ্মীসকলে ২৫ আৰু ৩১ ডিচেম্বৰত দেশজুৰি ধৰ্মঘটৰ আহ্বান কৰিছিল। অৱশ্যে তেওঁলোকক সামাজিক সুৰক্ষা প্ৰদানৰ বাবে ইতিমধ্যে কেন্দ্রই পদক্ষেপ গ্রহণ কৰিছে। শীতকালীন অধিবেশনত সামাজিক সুৰক্ষা সংহিতা (কেন্দ্ৰীয়) নিয়মাৱলী ২০২৫ গৃহীত হয়। ইয়াৰ অধীনত গিগ কৰ্মীৰ পঞ্জীয়ন আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ব।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…