পুৱা কোনে নেমু পানী খাব নালাগে?

4 Jan 2026

TV9 ASSAM

 ওজন হ্ৰাস কৰাৰ বাবে বহু মানুহে খালী পেটত নেমু পানী খায়। কিন্তু সকলোৰে বাবে এয়া ভাল নহয়। ইয়াৰ কিছুমান অপকাৰী গুণো আছে। এই সন্দৰ্ভত জনা দৰকাৰ।

নেমু পানী

পুৱা খালী পেটত নেমু পানী খালে জ্বলা-পোৰা, এচিডিটি আদিৰ সমস্যা হ'ব পাৰে। যদি এনে হয়, তেন্তে পুৱা খালী পেটত নেমু পানী খোৱা পৰিহাৰ কৰক।

পেটৰ সমস্যা

যিসকল লোকৰ গেছ বা এচিড ৰিফ্লক্সৰ সমস্যা আছে তেন্তে লোকে খালী পেটত নেমু পানী খাব নালাগে। এনে লোকসকলৰ বেছি গেছৰ সমস্যা হোৱা দেখা যায়।

গেছ

নেমুৰ দৰে দাঁতৰ এনামেল দুৰ্বল কৰিব পাৰে। যাৰ ফলত দাঁতৰ জিনজিননি হ'ব পাৰে। যিসকলৰ দাঁত সংবেদনশীল সেইসকলৰ সমস্যা বেছি হোৱাৰ সম্ভাৱনা থাকে।

দাঁত

যিসকল লোকৰ প্ৰায়ে পেটৰ সমস্যা হৈ থাকে তেনে লোকে খাব নালাগে। এয়া খোৱাৰ ফলত পেটৰ বিষ, পেট কামোৰা আদি সমস্যা হোৱাৰ সম্ভাৱনা থাকে।

পেটৰ সমস্যা

যিসকল লোকৰ পেটৰ ঘাঁ বা গেষ্ট্ৰাইটিছৰ সমস্যা আছে তেনে লোকে পুৱা খালী পেটত নেমুৰ ৰস খাব নালাগে। এনে লোকৰ বাবে এয়া ভাল নহয়। সমস্যা বেছি হ'ব পাৰে।

আলচাৰ

নেমু বেছিকৈ খালে ডিহাইড্ৰেশ্যন আৰু শৰীৰত ইলেক্ট্ৰোলাইটৰ ভাৰসাম্যত সমস্যা আহিব পাৰে। গতিকে এনে লোকসকলে পুৱা খালী পেটত নেমু পানী খাব নালাগে।

ডিহাইড্ৰেশ্যন

পঢ়িবলৈ ক্লিক কৰক 

মানুহক দৰিদ্ৰ কৰা অভ্যাস