শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰক বিহুৰ এটা নিশাঃ ৰাজ্যৰ বিহু সমিতিসমূহলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ভাষণত ৰাজ্যৰ বিহুত সম্মিলন সমিতিসমূহলৈও এক বিশেষ আহ্বান জনায়। বিহু অনুষ্ঠানৰ উদযাপনৰ সময়ত কাৰ্যসূচীৰ এটা নিশা ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰক বিহুৰ এটা নিশাঃ ৰাজ্যৰ বিহু সমিতিসমূহলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 08 Sep 2025 12:45 PM

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উদযাপন কৰিছে সমগ্ৰ ৰাজ্যই। ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্মজয়ন্তী উপলক্ষে নানা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইফালে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰত উদ্যোগত উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জন্মজয়ন্তী। বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে উদযাপন কৰিবলৈ লোৱা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আজি আৰম্ভণি ঘটিছে। আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণাও কৰে। ভাষণত তেওঁ উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকাৰ নামত এটা সংগ্ৰহালয় স্থাপনৰ বাবে অনুমোদন জনাইছে।

এই সংগ্ৰহালয়টোৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে। ইফালে বিগত সময়ছোৱাত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম পৰিৱৰ্তনৰ বাবে বহুলোকে জনাই অহা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্য চৰকাৰে। সেই অনুসাৰে এতিয়া ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম এতিয়াৰ পৰা ভূপেন হাজৰিকা সমন্বয় তীৰ্থ হিচাপে নামাংকণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিজ ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায়। আজি ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক বিস্তৃত লেখা প্ৰকাশ কৰিছে। এই লেখাটোৰ বাবে তেওঁক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেখাটোৰ জৰিয়তে সমগ্ৰ দেশে আজি ভূপেন হাজৰিকাৰ বিষয়ে বিস্তৃত ৰূপত জানিব পাৰিলে বুলি উল্লেখ কৰে।

ইফালে অহা জানি ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত উপস্থিত থাকি ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ মুদ্ৰা মুকলি কৰিব বুলিও পুনৰবাৰ দোহাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সভাতেই অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ জীৱন আধাৰিত গ্ৰন্থ উন্মোচন কৰা হ’ব বুলিও তেওঁ লগতে কয়।

ভৱিষ্যতে এই গ্ৰন্থখন বহুকেইটা ভাষালৈ অনুবাদ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে অসমৰ বাহিৰে কেইবাখনো ৰাজ্যত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব বুলিও ঘোষণা কৰে। চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ লগতে মুম্বাই আৰু দিল্লীতো অনুষ্ঠান উদযাপন কৰা হ’ব বুলি তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ভাষণত ৰাজ্যৰ বিহুত সম্মিলন সমিতিসমূহলৈও এক বিশেষ আহ্বান জনায়। বিহু অনুষ্ঠানৰ উদযাপনৰ সময়ত কাৰ্যসূচীৰ এটা নিশা ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ এই এবছৰীয়া পৰিকল্পনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে।

তেওঁ কয়, “আমি কেৱল জন্ম শতবাৰ্ষিকী পালন কৰা নাই, আমি এক মহান আত্মাক স্মৰণ কৰিছো- যি আমাৰ শিপাডাল শক্তিশালী কৰি ৰাখিলে।” ভূপেন হাজৰিকাই সমাজখনক সমৃদ্ধিশালী কৰিলে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এনে ব্যক্তি ঘৰ, জিলা, সমাজ আৰু দেশৰ বাবে গৌৰৱ বুলি উল্লেখ কৰে। অসম চৰকাৰৰ বৰ্ষজোৰা শতবাৰ্ষিকী জন্মজয়ন্তী পালনে ভূপেন হাজৰিকাৰ প্ৰতি উচিত সন্মান প্ৰদান কৰিছে বুলি দোহাৰে ৰাজ্যপালগৰাকীয়ে।