ডিব্ৰুগড় বিমান বন্দৰক ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ, সুধাকণ্ঠ সন্দৰ্ভত কি কি সিদ্ধান্ত ল’লে চৰকাৰে,..
অহা ৮ ছেপ্টেম্বৰত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ড০ ভূপেন হাজৰিকাৰ ১০০তম জন্মজয়ন্তী পালন কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাত বিশেষ অধিৱেশন অনুষ্ঠিত হয়।

হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
সোমবাৰে অসম বিধানসভাত অনুষ্ঠিত হয় বিশেষ অধিৱেশন। এদিনীয়া এই অধিৱেশনত চৰকাৰে ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন কৰা সন্দৰ্ভত আলোচনা কৰে। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী অনুষ্ঠান। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এখন কমিটী গঠন কৰিছিল আৰু এই জন্মজয়ন্তী কেনেকৈ উদযাপন কৰিব পাৰি তাৰ যো- জা চলাইছিল। অহা ৮ ছেপ্টেম্বৰৰ পৰা এবছৰীয়া কাৰ্যক্ৰমেৰে পালন কৰা হ’ব ভূপেন হাজৰিকাৰ জন্মজয়ন্তী।
এনে পৰিপ্ৰেক্ষিতত হাজৰিকা সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
- ডিব্ৰুগড় বিমান বন্দৰ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা।
- ৮ ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ ১০০ তম জন্মজয়ন্তী গুৱাহাটীৰ খানাপাৰ ফিল্ডত অনুষ্ঠিত হ’ব।
- উক্ত দিনটোত ১ হাজাৰ যুৱক-যুৱতীয়ে ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটো পৰিৱেশন কৰিব।
- হাজৰিকাই অৰুণাচল প্ৰদেশ জন্মগ্ৰহণ কৰাৰ লগতে পাছৰ বহু সময় পশ্চিমবংগত কটাইছিল। গতিকে এই ৰাজ্য দুখনত স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।
- মহাৰাষ্ট্ৰ তথা মুম্বাইত হাজৰিকাৰ বহু অনুগামী আছে । তাত তেওঁ সংগীতৰ কামৰ বাবে বহু সময়ত কটাইছিল। গতিকে তাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।
- ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত এটা বছৰ সম্পূৰ্ণ কৰিলে নতুন দিল্লীত ভাৰত মণ্ডপমত ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব।
- বানাৰস হিন্দু বিশ্ব বিদ্যালয়ৰ লগত হাজৰিকা প্ৰত্যক্ষভাবে জড়িত আছিল। তেওঁৰ বাবে এই বিশ্ববিদ্যালয়ত এখন আসন ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ।
- হাজৰিকাৰ নামত পোষ্টেল ষ্টাম্প আছে। এই সময়ত তেওঁৰ নামত এটা মুদ্ৰা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
- হাজৰিকাৰ নামত এখন পুস্তিকা উলিওৱা হৈছে। আটাইকেইটা দিশ সামৰি অনুৰাধা শৰ্মা পূজাৰীয়ে পুথিখন লিখি উলিয়াইছে। বৰ্তমান ইয়াৰ পুনৰীক্ষণৰ কাম চলি আছে। তাৰ পাছত এই পুথিখন ২৩ টা ভাৰতীয় ভাষালৈ ৰূপান্তৰ কৰা হ’ব। পাছত ইয়াৰ ৪ লাখ কপি ভাৰতৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত যোগান ধৰা হ’ব।
- অসমৰ নৱ-প্ৰজন্মৰ মাজত ভূপেন হাজৰিকাক জীয়াই ৰাখিবলৈ ১০ ৰ পৰা ১২ লাখ প্ৰতিলিপি মানুহৰ ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰা হ’ব।
- আমেৰিকাত থকা প্ৰৱাসীসকলক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন কৰাৰ বাবে আহ্বান জনোৱা হ’ব।
অন্য খবৰ পঢ়কঃ Bhupen hazarika: ১৩টা বসন্ত পাৰ হ’ল! আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস…