শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

’২৬ৰ পূৰ্বে কংগ্ৰেছৰ শক্তি বৃদ্ধি! আজি ‘ঘৰ ৱাপচী’ ঘটিব দুই প্ৰাক্তন বিধায়কৰ, যোগ দিব অগপ ত্যাগী বিধায়কেও

শাসকীয় মিত্ৰজোঁটৰ প্ৰাক্তন বিধায়কৰ যোগদানেৰে শক্তি বৃদ্ধি কৰিবলৈ সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। সূত্ৰ অনুসৰি, আজি দিল্লীত কংগ্ৰেছত যোগদান কৰিব সদ্য দলত্যাগী তিনিগৰাকী প্ৰাক্তন বিধায়কে।

’২৬ৰ পূৰ্বে কংগ্ৰেছৰ শক্তি বৃদ্ধি! আজি ‘ঘৰ ৱাপচী’ ঘটিব দুই প্ৰাক্তন বিধায়কৰ, যোগ দিব অগপ ত্যাগী বিধায়কেও
আজি কংগ্ৰেছলৈ তিনি প্ৰাক্তন বিধায়ক
monjit-dutta
Monjit Dutta | Updated On: 08 Sep 2025 11:30 AM

আগন্তুক বৰ্ষত, অৰ্থাৎ ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বা বলিছে ৰাজ্যত। শাসক-বিৰোধী উভয় পক্ষৰ শিবিৰতে ক্ৰমাৎ স্পষ্ট হৈ পৰিছে নিৰ্বাচনী কুচ-কাৱাজ। ইতিমধ্যেই ৰাজনৈতিক দলসমূহৰ ভিতৰচৰাত বুৰবুৰণি উঠিছে টিকটকেন্দ্ৰিক সংঘাতৰ। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা-পালিনেতাৰ নিৰ্বাচনী ৰণকৌশল পৰিস্ফুট হৈ পৰিছে। তাৰ মাজতে ২৬ৰ এই নিৰ্বাচনী যুঁজলৈ শক্তি বৃদ্ধিত মনোনিৱেশ কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে।

ইতিপূৰ্বেই গৌৰৱ গগৈক সভাপতিৰ আসনত অধিষ্ঠিত কৰি ২৬ৰ বাবে নিৰ্বাচনী ৰণনীতি স্পষ্ট কৰি দিছিল কংগ্ৰেছে। এতিয়া শাসকীয় মিত্ৰজোঁটৰ প্ৰাক্তন বিধায়কৰ যোগদানেৰে শক্তি বৃদ্ধি কৰিবলৈ সাজু হৈছে বিৰোধী দলটো। সূত্ৰ অনুসৰি, আজি দিল্লীত কংগ্ৰেছত যোগদান কৰিব সদ্য দলত্যাগী তিনিগৰাকী প্ৰাক্তন বিধায়কে।

কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হোৱা এই তিনিগৰাকী প্ৰাক্তন বিধায়ক হৈছে ক্ৰমে অগপৰ দলত্যাগী নেতা সত্যব্ৰত কলিতা আৰু বিজেপি দুই দলত্যাগী নেতা বিনন্দ কুমাৰ শইকীয়া, ডাঃ মানচিং ৰংপী। ইতিমধ্যেই তিনিওগৰাকী প্ৰাক্তন বিধায়ক দিল্লীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিয়লি ৪.৩০ বজাত তিনি প্ৰাক্তন বিধায়কে দলটোত যোগ দিব। উল্লেখ্য যে তিনি বিধায়কৰ মাজতে দুজনৰ আজি ‘ঘৰ ৱাপচী’ ঘটিব কংগ্ৰেছলৈ। দুয়োগৰাকী নেতাই ইতিপূৰ্বে কংগ্ৰেছৰ পৰাও বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছিল।

ঘৰ ৱাপচী ঘটাবলৈ সাজু হোৱা এই দুই প্ৰাক্তন বিধায়ক হৈছে ক্ৰমে বিনন্দ কুমাৰ শইকীয়া আৰু ডাঃ মানচিং ৰংপী। ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই যোৱা বুধবাৰে শাসকীয় বিজেপি দল ত্যাগ কৰিছিল। তাৰ পিছদিনাই বিজেপিৰ মজিয়া এৰিছিল বৈঠালংছ’ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰংপীয়ে।

উল্লেখ্য যে বিনন্দ কুমাৰ শইকীয়াই ২০১১ চনত কংগ্ৰেছৰ টিকটত ছিপাঝাৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে অৱশ্যে ২০১৫ চনত তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে। বিজেপিৰ পৰাই ২০১৬ চনত তেওঁ পুনৰ ছিপাঝাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। কিন্তু ২০২১ চনত তেওঁ টিকটৰ পৰা বঞ্চিত হয়।

একেদৰে মানচিং ৰংপীয়েও ২০০৬ চনত কংগ্ৰেছৰ টিকটতে বৈঠালংছ’ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতো ক্ৰমে ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো ৰংপীয়ে কংগ্ৰেছৰ টিকটতে জয়লাভ কৰিছিল। কিন্তু ২০১৬ত বিধায়ক হিচাপে নিৰ্বাচন হোৱাৰ প্ৰায় ছয় মাহৰ পিছতে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়ে।

ইয়াৰ পিছতে উপ-নিৰ্বাচনত জয়লাভ কৰি পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰংপী। কিন্তু ২০২১ চনৰ নিৰ্বাচনত দলৰ পৰা টিকট লাভ নকৰিলে মানচিং ৰংপীয়ে। আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনতো দুয়োগৰাকী নেতাই টিকট লাভৰ সম্ভাৱনা তেনেই ক্ষীণ অনুমান হৈছিল। এনে পৰিস্থিতিতে দুয়ো এতিয়া যোগ দিবলৈ ওলাইছে কংগ্ৰেছত।

ইফালে শেহতীয়াকৈ অগপ দল ত্যাগ কৰা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো আজি আনুষ্ঠানিকভাৱে পিন্ধিব কংগ্ৰেছৰ পোছাক। কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টিৰ লগতে টিকট কেন্দ্ৰিক সংঘাতৰ পৰিপ্ৰেক্ষিততে দল ত্যাগ কৰিছিল আৰু আজি তেওঁ কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে।

সত্যব্ৰত কলিতাই ২০১৬ চনত অগপৰ টিকটত কমলপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। কিন্তু ২০২১ চনৰ নিৰ্বাচনত এই আসন অগপই মিত্ৰদল বিজেপিক এৰি দিয়ে আৰু দলটোৰ প্ৰাৰ্থী দিগন্ত কলিতাই জয়লাভ কৰে। এইবাৰো বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়েই কমলপুৰত টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলিব পাৰি।

এনে পৰিস্থিতিত পুনৰ এবাৰ টিকট বঞ্চিত হোৱাৰ ক্ষোভত অগপৰ মজিয়া এৰিছিল সত্যব্ৰত কলিতাই। দল ত্যাগৰ কিছুদিন পূৰ্বে তেওঁ আনকি আগন্তুক নিৰ্বাচনত কমলপুৰ আসন অগপে পাব লাগে বুলিও দাবী কৰিছিল। কিন্তু এই ক্ষেত্ৰত দলীয় নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট হৈ অগপ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল প্ৰাক্তন বিধায়কগৰাকীয়ে।