শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজিৰে পৰা আৰম্ভ পবিত্ৰ ভাদ মাহ, ৰাজ্যৰ সত্ৰ-নামঘৰত ভকত-বৈষ্ণৱৰ ভিৰ

এই ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে পালন কৰা হয় । ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী হিচাপে পালন কৰা হয় এই মাহত । আজি পৱিত্ৰ ভাদ মাহৰ পহিলা দিন। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ।

আজিৰে পৰা আৰম্ভ পবিত্ৰ ভাদ মাহ, ৰাজ্যৰ সত্ৰ-নামঘৰত ভকত-বৈষ্ণৱৰ ভিৰ
আজিৰে পৰা আৰম্ভ পবিত্ৰ ভাদ মাহ!
trishna-kalita
Trishna Kalita | Updated On: 18 Aug 2024 12:16 PM

অসমীয়া জনবিশ্বাস অনুসৰি ভাদ মাহটো অতি পৱিত্ৰ বুলি গণ্য কৰা হয় । এই ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি হিচাপে পালন কৰা হয় । ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী হিচাপে পালন কৰা হয় এই মাহত । আজি পৱিত্ৰ ভাদ মাহৰ পহিলা দিন। পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সমগ্ৰ ৰাজ্য। ভাদ মাহত দিনে-নিশাই নাম-কীৰ্তন চলে সত্ৰ-নামঘৰত।

সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই মাহটোৰ সুকীয়া মাদকতা, সুকীয়া তাৎপৰ্য আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “আমাৰ জাতীয় জীৱনৰ আছে সুকীয়া মাদকতা, আছে সুকীয়া তাৎপৰ্যও৷ ভাদ মাহটোৰো আছে এক সুকীয়া মাধুৰ্য৷ এই পৱিত্ৰ মাহটোতে ভগৱান শ্ৰীকৃষ্ণৰ যিদৰে জন্মাষ্টমী পালন কৰা হয়, একেদৰে এই মাহটোতে আমি পালন কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথিও৷ এই মাহ আমাৰ অতীৱ প্ৰিয় মাহ৷ সত্ৰ-নামঘৰ আদিত এই মাহত কিছু বিশেষভাৱে অনুৰণিত হয় শংখ-বৰকাঁহ-মৃদংগৰ অনুৰণন৷ আজি পহিলা ভাদৰ আটাইলৈ সভক্তিৰে মোৰ প্ৰণাম যাচিলোঁ৷ কুশলে থাকক সকলো৷”

 

 

আজি পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। এই পৱিত্ৰ ভাদ মাহৰ আজি পহিলা দিনটোৰ পৰা শেষৰ দিনলৈ এমাহজুৰি ভকত-বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ। পুৱাৰে পৰা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে।

সত্ৰ নগৰী মাজুলীতো আৰম্ভ হৈছে ভাদ মহীয়া নাম-প্ৰসংগ। মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু প্ৰায় ৩৫খন সত্ৰত আৰম্ভ হৈছে নাম-প্ৰসংগ । মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰকে ধৰি বিভিন্ন সত্ৰত আৰম্ভ হৈছে নাম প্ৰসংগ । পুৱা ভাগৰ পৰা নাম প্ৰসংগ আৰম্ভ হৈছে সত্ৰানুষ্ঠানসমূহৰ লগতে নামঘৰসমূহত ।

নাৰায়ণপুৰৰ লেটেকুপুখুৰীতো ভাদ মাহৰ নাম-প্ৰসংগ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত আজিৰ পৰা মাহজোৰা নাম সমাৰোহ। গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম।  বিহপুৰীয়া, গোলাঘাটতো নাম-কীৰ্ত্তনত ব্যস্ত ভকত, বৈষ্ণৱসকল। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।