অসমত হিন্দুৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে গো-মাংস: মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ
যোৱা সপ্তাহত ঈদৰ পিছত কটন বিশ্ববিদ্যালয়ৰ সন্মুখকে ধৰি বিভিন্ন ঠাইত গো-মাংস পেলোৱাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ দৃঢ়তাৰে কয়, "ঈদত কাৰোবাৰ ওচৰত সেয়া থাকিব পাৰে, কিন্তু ইয়াক আন মানুহৰ বিৰুদ্ধে অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে ।"

পুনৰ এবাৰ হিন্দুৰ অস্তিত্ব সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে ডঃ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । তেওঁ অভিযোগ কৰে যে এক বিশেষ মাংসক অসমত হিন্দুৰ বিৰুদ্ধে “অস্ত্র হিচাপে” ব্যৱহাৰ কৰা হৈছে । যোৱা সপ্তাহত ঈদ উদযাপনৰ পাছত কথিতভাৱে ৰাজহুৱা স্থানত মাংসৰ টুকুৰা নিক্ষেপ কৰাৰ উদাহৰণ দাঙি ধৰি তেওঁ এই অভিযোগ কৰে ।
অবৈধ বিদেশীক বিতাড়ন কৰিবলৈ অসমীয়া মানুহে “আপোচবিহীন” স্থিতি ল’ব লাগিব বুলি জোৰ দি তেওঁ কয় যে সমগ্ৰ বিশ্বতে “সহানুভূতি” থকা শক্তিৰ বিৰুদ্ধে অসমে সংগ্ৰাম চলাই আছে ।
গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মঙলবাৰে ডঃ শৰ্মাই কয়, “আগতে যদি হিন্দু চুবুৰীত দুটামান মুছলমান পৰিয়ালে বাস কৰিছিল তেন্তে হিন্দুসকলৰ বাবে যাতে কোনো সমস্যাৰ সৃষ্টি নহয়, তাৰ প্ৰতি তেওঁলোক সাৱধান আছিল । যদি তেওঁলোকে গো-মাংস খাব বিচাৰে তেন্তে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত বাস কৰা নিজৰ অঙহী-বঙহীসকলৰ ওচৰলৈ গৈছিল । কিন্তু এতিয়া, এনেকুৱা হৈ পৰিছে যে তেওঁলোকে সেই মাংসৰ বাকী থকা অংশ আৰু আৱৰ্জনাবোৰ ইফালে সিফালে পেলাই দিয়ে যাতে চুবুৰীটোৰ হিন্দুসকলে অৱশেষত সেই ঠাই এৰিবলৈ বাধ্য হয় ।”
যোৱা সপ্তাহত ঈদৰ পিছত কটন বিশ্ববিদ্যালয়ৰ সন্মুখকে ধৰি বিভিন্ন ঠাইত গো-মাংস পেলোৱাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ দৃঢ়তাৰে কয়, “ঈদত কাৰোবাৰ ওচৰত সেয়া থাকিব পাৰে, কিন্তু ইয়াক আন মানুহৰ বিৰুদ্ধে অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে ।”
এই কাৰ্যৰ বিৰুদ্ধে কোনো প্ৰতিবাদ নোহোৱাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰি কয় যে এনে কাণ্ডৰ বিৰোধিতা কৰা কণ্ঠৰ সংখ্যা কমি আহিছে । “ভাল মুছলমানে এনে কাৰ্যৰ বিৰোধিতা কৰে । তেওঁলোকে গো-মাংস হাতত লৈ ফেচবুকত ফটো পোষ্ট নকৰে ।” মুখ্যমন্ত্ৰীয়ে কয় ।
মুখ্যমন্ত্ৰীয়ে আশংকা প্ৰকাশ কৰে যে যদিহে এতিয়াৰ দৰে কথাবোৰ আগবাঢ়ি যায় তেন্তে “২০ বছৰৰ পাছত কামাখ্যা মন্দিৰৰ সন্মুখতো গো-মাংস পেলোৱা হ’ব”। এনে কাণ্ড হ্ৰাস কৰাত আৰক্ষীৰ ভূমিকা আছে যদিও বাহিনীটোৱে নিৰ্ণায়ক পদক্ষেপ ল’বলৈ বাহিনীটোৰ আঁৰৰ লোকসকলৰ সমৰ্থন প্ৰয়োজনীয় বুলিও শৰ্মাই লগতে কয় ।
তেওঁ দৃঢ়তাৰে কয় যে অসমীয়া জনসাধাৰণে “নিজৰ সুৰক্ষাৰ বাবে আপোচবিহীন স্থিতি” ল’ব লাগিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সকলো সহায় আগবঢ়াবলৈ ইচ্ছুক ।
“মোদী জীয়ে কৈছে উভতাই পঠিয়াওক (অবৈধ বিদেশীক), কিন্তু অসমীয়া মানুহে প্ৰশ্ন উত্থাপন কৰিছে যে উভতাই পঠিয়াবলৈ কিয় হৈছে । ইয়াৰ বেছিভাগ সমালোচনা অসমীয়া মানুহৰ পৰাই আহিছে… অকল মোদী জীয়ে আমাক সুৰক্ষা দিব নোৱাৰে।” ডঃ শৰ্মাই কয় ।
তেওঁ দাবী কৰে যে সকলো বিদেশীক গুজৰাটৰ পৰা মোদীয়ে ওভতাই পঠিয়াইছিল আৰু এজনো আদালতলৈ যোৱা নাছিল, আনহাতে অসমত অসমীয়া আৱেদনকাৰী আৰু অধিবক্তাই অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে দৈনিক গোচৰ ৰুজু কৰে ।
শৰ্মাই কয় যে সোমবাৰে বিধানসভাত কংগ্ৰেছ আৰু ইয়াৰ বিধায়িনী দলৰ মুৰব্বী দেৱব্ৰত শইকীয়াই বিদেশীক ওভতাই পঠিওৱাৰ বিৰোধিতা কৰিছিল যদিও কোনো সংগঠনে তেওঁলোকৰ স্থিতিৰ প্ৰতিবাদ কৰা নাই বা সংবাদ মাধ্যমে ইয়াৰ বাবে দলটোক সমালোচনা কৰা নাই ।
বিধানসভাত শইকীয়াৰ মন্তব্যৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিদেশীক চিনাক্ত কৰি আঁতৰাবলৈ জিলা উপায়ুক্তক ক্ষমতা প্ৰদান কৰা অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন ১৯৫০ৰ বিৰোধিতা কৰিছিল । ইয়াৰ পৰাই বুজা যায় যে নেহৰুৰ বিদেশী সমৰ্থক স্থিতি ১৯৫০ চনৰ পৰাই আছিল।
শৰ্মাই কয় যে আমাৰ সংগ্ৰাম এনে শক্তিৰ বিৰুদ্ধে যিবোৰৰ সমৰ্থক পৃথিৱীৰ সকলোতে আছে । তেওঁ কয় যে ইছলামাবাদ, ঢাকা আৰু ৰিয়াদৰ দৰে ঠাইৰ পৰা উৎপত্তি হোৱা ২৮৯৫টা ফেচবুক একাউণ্ট সক্ৰিয় হৈ আছে যিয়ে কেৱল পেলেষ্টাইন আৰু অসমৰ ওপৰত লিখে বা মন্তব্য কৰে ।
”আমি শত্ৰুৰে আগুৰি থকা এখন ৰাজ্য… আমি গৱেষণা কৰি এই সবিশেষ মোদীজীৰ হাতত তুলি দিব লাগিব, যাতে তেওঁ ইয়াক আৰু আগুৱাই লৈ গৈ ইন্টাৰপলৰ দৰে সংস্থাৰ সহায় ল’ব পাৰে।” ডঃ শৰ্মাই কয় । তেওঁ আৰু কয় যে অসমৰ প্ৰতি পাকিস্তান আৰু বাংলাদেশৰ “লোভ” স্বাধীনতাৰ সময়ৰ পৰাই আছিল কাৰণ ইয়াক পূৰ্বৰ পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল ।
মুখ্যমন্ত্ৰীয়ে কয়, “এয়া নতুন কথা নহয় । বাংলাদেশত যেতিয়া বন্ধুত্বপূৰ্ণ চৰকাৰ আছিল, তেতিয়া ভাৰত বিৰোধী আৱেগ কমি গৈছিল আৰু যেতিয়া ইউনুছ আহিছিল, তেতিয়া এই আৱেগ বৃদ্ধি পাইছিল । পাকিস্তানত ভাৰত বিৰোধী আৱেগ সদায় আছে ।” তেওঁ লগতে কয় যে যদি আমি উদ্যোগ লওঁ (এই শক্তিসমূহৰ বিৰুদ্ধে কাম কৰিবলৈ) তেন্তে কেন্দ্ৰীয় চৰকাৰে আমাক সহায় কৰিব ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে ৰাজ্য চৰকাৰ, আছু আদি ইয়াৰ ওপৰত “সন্তুষ্ট নহয়”। তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন শিতানৰ ২০-১০ শতাংশ নামৰ পুনৰ পৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে, আৰু যদিও উচ্চতম ন্যায়ালয়ে এতিয়াও এই কথাত সন্মতি দিয়া নাই, “আমি বিশ্বাস কৰোঁ যে আদালতে ইয়াক মানি ল’ব”। এন আৰ চি আৰু বিদেশী বিতাড়নৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰা উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ উদ্ধৃতি দি তেওঁ কয় ।
শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ১৯৫০ চনৰ আইনখন ৰাজ্যৰ পৰা বিদেশীক “আঁতৰোৱা”ৰ বাবে ব্যৱহাৰ কৰিব, বান পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৩৫ জন চিনাক্ত অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে সাজু হ’ব । তেওঁলোকক ঘূৰাই পঠিয়াই দিলে সমস্যাটো সম্পূৰ্ণৰূপে সমাধান নহ’ব বুলি স্বীকাৰ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা নতুন অনুপ্ৰৱেশকাৰীয়ে যাতে প্ৰৱেশ কৰিবলৈ চেষ্টা নকৰে সেয়া নিশ্চিত হ’ব ।
তেওঁ লগতে কয়, “অৰুণাচল প্ৰদেশে নিয়মিতভাৱে এই লোকসকলক ঘূৰাই পঠিয়াই দিয়ে আৰু সেয়েহে, তালৈ যাবলৈ ভয় কৰে । আমিও সেই ভয় জগাই তুলিব লাগিব ।”
শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ প্ৰশিক্ষিত অধিবক্তাৰ এটা অংশ আছে যিয়ে অযোগ্য লোকসকলক এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাত সহায় কৰিছিল । অৱশ্যে তেওঁ কোনো নাম লোৱা নাছিল । তেওঁ বিদেশী বিষয়ৰ গোচৰত উচ্চতম ন্যায়ালয়ত “ৰাজ্যৰ জনসাধাৰণ”ক প্ৰতিনিধিত্ব কৰা অধিবক্তাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কেৱল চৰকাৰী অধিবক্তাসকলেই যথেষ্ট নহয় ।
তেওঁ লগতে কয় যে আদালত ৰাইজৰ বাবে… যদিহে জনসাধাৰণৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰা অধিবক্তা থাকে তেন্তে ন্যায়পালিকাই জনসাধাৰণৰ সমস্যাৰ বিষয়ে ভালদৰে বুজিব পাৰিব । (PTI)