পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Morning Headline: ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিটো দিনত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। কিন্তু সকলোৰে বিষয়ে খবৰ ৰখা সহজ নহয়। যাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ ইয়াত উল্লেথ কৰা হ'ল।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- পুনৰ বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ। শিৱালী কাশ্যপ নামৰ এগৰাকী যুৱতীগৰাকীল আহমেদাবাদত মৃত্যু হয়।পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে যুৱতীগৰাকীৰ প্ৰেমিক সৌৰভ পুৰোহিতে এই ঘটনা সংঘটিত কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
- ডিফুত বাহনৰ ভিতৰত প্ৰবক্তাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ডিফু পলিটেকনিকৰ সমীপত বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো ডিফু কমাৰ্চ কলেজৰ প্ৰবক্তা ৰাজীৱ তিৱাৰীৰ বুলি চিনাক্ত।
- শীঘ্ৰেই সলনি হ’ব দুচকীয়া বাণিজ্যিক বাহনৰ নম্বৰ প্লেট। দুচকীয়া বাণিজ্যিক বাহনত এতিয়াৰে পৰা হ’ব হালধীয়া নম্বৰৰ প্লেট। ASSAM MOTOR VEHICLE AGGREGATOR RULES আইনৰ অধীনত এই সিদ্ধান্ত। ১জুলাইৰ পৰা কাৰ্যকৰী হ’ব নিয়ম।
- লখিমপুৰৰ লালুক থানাৰ OC মিল্টন বৰগোহাঁইক ৰিজাৰ্ভ ক্ল’জ। অভিযোগ অনুসৰি শিক্ষকক জেলত ভৰাই ১ লাখ টকাৰ দাবী কৰিছিল তেওঁ।
- ঐতিহাসিক লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৫ৰ অন্তিমখন খেল। মুখামুখি অষ্ট্ৰেলিয়া- দক্ষিণ আফ্ৰিকা। প্ৰথম দিনাই ১৪টা উইকেট যায়। প্ৰথম দিনৰ খেলৰ শেষলৈকে দক্ষিণ আফ্ৰিকাই ৪৩ ৰানত ৪ উইকেট হেৰুৱাইছে। প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ২১২ ৰান কৰিছে।
- অব্যাহত ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ চাঞ্চল্য। এই হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা ৫ জন লোকক আদালতে ৮ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে। ইতিমধ্যে আটাইকেইজনে হত্যাৰ কথা স্বীকাৰ কৰিছে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ বাক-বিতণ্ডা শেষ হোৱাৰ পিনে গতি কৰিছে। মাস্কে সামাজিক মাধ্যমত ট্ৰামক ক্ষমা বিচাৰিছে। তেওঁ কয় যে, যোৱা কেইটামান দিনত সামাজিক মাধ্যমত কৰা পোষ্টকলৈ তেওঁ অনুতপ্ত।
- আমেৰিকাৰ শীৰ্ষ সামৰিক বিষয়া জেনেৰেল মাইকেল কুৰিলাই কয় যে আমেৰিকাই ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিব লাগিব। তেওঁ স্পষ্ট কৰি দিয়ে যে, আমেৰিকাই এখনক এৰি আনখন দেশৰ পৰা দূৰত্ব বজাই ৰখাৰ দৰে কাম নকৰে।
অন্য খবৰ পঢ়কঃ আহমেদাবাদত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু! প্ৰেমিকৰ ওপৰত ডাঙৰ অভিযোগ…