আজৱ কাণ্ড! শৌচাগাৰত বহি উচ্চ ন্যায়ালয়ৰ শুনানিত অংশ ল’লে গোচৰীয়াই, তাৰ পিছত…
উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল এটা গোচৰৰ ভাৰ্চুৱেল শুনানি। পিছে শুনানিৰ সময়তে দেখিবলৈ পোৱা গ’ল এক আচৰিত কাৰ্য। এগৰাকী ব্যক্তিয়ে শুনানিৰ সময়ত শৌচাগাৰত বহিয়েই অংশ ল’লে শুনানিত। এই কাৰ্য দেখি চকু কপালত উঠিল সকলোৰে। সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

উচ্চ ন্যায়ালয়ত চলি আছে এক গোচৰ। এই গোচৰৰ বাবে উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল ভাৰ্চুৱেল শুনানি। পিছে শুনানিৰ সময়তে দেখিবলৈ পোৱা গ’ল এক আচৰিত কাৰ্য। শুনানিৰ সময়ত এগৰাকী ব্যক্তিয়ে শৌচাগাৰত বহিয়েই অংশ ল’লে শুনানিত। এই কাৰ্য দেখি চকু কপালত উঠিল সকলোৰে। সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। এই আজৱ ঘটনা সংঘটিত হৈছে গুজৰাটত। শৌচাগাৰত বহি এই ব্যক্তিজনে গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰ্চুৱেল শুনানিত অংশ লয়।
যোৱা ২০ জুনত ন্যায়াধীশ নিৰ্জাৰ এছ দেশাইৰ আদালতত দেখিবলৈ পোৱা যায় এই দৃশ্য। এই ঘটনাৰ ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ আৰম্ভণিতে ‘সমাদ বেটাৰী’ নামেৰে লগ ইন কৰা ব্যক্তিজনে ব্লুটুথ ইয়াৰফোন লগাই থোৱা দেখা গৈছে। অলপ পিছত তেওঁ ফোনটো হাতত লয় আৰু ফোনৰ কেমেৰাত শৌচাগাৰৰ ফ্লাছ স্পষ্টকৈ দেখা পোৱা যায় আৰু ইয়াৰ দ্বাৰা তেওঁ শৌচাগাৰত বহি থকাটো স্পষ্ট হৈ পৰে।
ভিডিঅ’টোত তেওঁক ফ্লাছ কৰা আৰু তাৰ পিছত বাথৰুমৰ পৰা ওলাই অহাও দেখিবলৈ পোৱা গৈছে। পিছত কিছু সময়ৰ বাবে এই লোকজন কেমেৰাৰ পৰা আঁতৰি যোৱা দেখা যায় আৰু তাৰ পিছত এটা কোঠাত পুনৰ কেমেৰাৰ আগত দেখা দিয়ে। আদালতৰ ৰেকৰ্ড অনুসৰি এই ব্যক্তিজন অপৰাধমূলক গোচৰৰ অভিযোগকাৰী আছিল আৰু এই শুনানিত এফআইআৰ বাতিল কৰাৰ আবেদনৰ ওপৰত যুক্তি দি আছিল।
দুয়োপক্ষৰ মাজত পাৰস্পৰিক চুক্তি হোৱাৰ পিছত আদালতে এফআইআৰ বাতিল কৰে। ভাৰ্চুৱেল শুনানিৰ সময়ত এনে ধৰণৰ ঘটনা চৰ্চালৈ অহাটো এয়াই প্ৰথম নহয়। চলিত বৰ্ষৰ এপ্ৰিল মাহত গুজৰাট উচ্চ ন্যায়ালয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত চিগাৰেট সেৱন কৰাৰ বাবে এজন ব্যক্তিক ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল। মাৰ্চ মাহত দিল্লীৰ আদালতেও ভিডিঅ’ কলৰ শুনানিত চিগাৰেট খোৱাৰ বাবে এজন ব্যক্তিলৈ চমন জাৰি কৰিছিল।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়তো এক চাঞ্চল্যকৰ ঘটনা দেখা গৈছিল। ভাৰ্চুৱেল শুনানিৰ সময়ত অনুশাসনহীনতাৰ এটা গোচৰ চৰ্চালৈ আহিল। এই শুনানিত এজন ব্যক্তিয়ে গেঞ্জী পৰিধান কৰি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত যোগদান কৰিছিল। এই দৃশ্য দেখি ন্যায়াধীশ বি ভি নাগাৰাত্নাই ক্ষোভ প্ৰকাশ কৰিছিল আৰু লগে লগে ব্যক্তিজনক ভাৰ্চুৱেল ক’ৰ্ট ৰুমৰ পৰা আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে।