শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মিঠাই খোৱাৰ পিছত পানী খায় নেকি? ইয়াৰ ফলত দেহত কেনে প্ৰভাৱ পৰিব পাৰে!

প্ৰিয় মিঠাইটো মুখত ভৰাই বহু সময়ত লগে লগে পানী খোৱাও দেখিবলৈ পোৱা যায়। এয়া আমাৰ প্ৰায় সকলোৰে অভ্যাস। কিন্তু মিঠাই খোৱাৰ পিছত এইদৰে পানী খোৱা উচিত হয় নে? এইদৰে মিঠাই খোৱাৰ পিছত পানী খালে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰে?

মিঠাই খোৱাৰ পিছত পানী খায় নেকি? ইয়াৰ ফলত দেহত কেনে প্ৰভাৱ পৰিব পাৰে!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 27 Jun 2025 21:30 PM

মিঠাই আমাৰ সকলোৰে প্ৰিয়। কেতিয়াবা কোনো স্বাস্থ্যজনিত সমস্যাৰ পিছতো আমি মিঠাইৰ প্ৰতি থকা লোভ সম্বৰণ কৰিব নোৱাৰো। ৰসগোল্লা, লালমোহন, জেলেপী ইত্যাদি নানা মিঠাই দেখিলে হয়তো আপোনাৰো জিভাৰ পানী পৰে। প্ৰিয় মিঠাইটো মুখত ভৰাই বহু সময়ত লগে লগে পানী খোৱাও দেখিবলৈ পোৱা যায়। এয়া আমাৰ প্ৰায় সকলোৰে অভ্যাস। কিন্তু মিঠাই খোৱাৰ পিছত এইদৰে পানী খোৱা উচিত হয় নে? এইদৰে মিঠাই খোৱাৰ পিছত পানী খালে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰে?

এই প্ৰশ্ন কেতিয়াবা আমাৰ মনত নিশ্চয় উদয় নোহোৱাকৈ থকা নাই। যদি হৈছেও সেয়া উচিত নে অনুচিত সেই বিষয়েও আমি প্ৰায় জ্ঞাত নহয়। বিশেষজ্ঞসকলে কয় যে মিঠাই খোৱাৰ পিছত পানী খোৱাটো আৱশ্যকীয়। এনে অভ্যাসৰ ফলত দেহৰ ক্ষতিতকৈ উপকাৰিতাই অধিক হয়।

বিশেষজ্ঞসকলে কয় যে মিঠাই খালে শৰীৰত চেনিৰ পৰিমাণ সোনকালে বৃদ্ধি পায়। ইয়াক চুগাৰ স্পাইক বোলা হয়। এই সমস্যা কেৱল ব্লাড চুগাৰৰ সমস্যাত ভুগি থকাসকলৰ বাবেই নহয়, সকলো লোকৰে লগত এনে সমস্যা হ’ব পাৰে। গতিকে মিঠাই খোৱাৰ পিছত পানী খালে এই চুগাৰ স্পাইক সমস্যাৰ সৃষ্টি নহয়।

পানীয়ে যিকোনো খাদ্য সহজে হজম কৰাত সহায় কৰে। গতিকে মিঠা খাদ্য সঠিকভাৱে হজম কৰিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়।

মিঠাই খালে দাঁতৰ বেক্টেৰিয়া অধিক সক্ৰিয় হৈ উঠিব পাৰে। সেয়ে পানী খালে দাঁত পৰিষ্কাৰ হয়। ইয়াৰ ফলত দাঁতৰ স্বাস্থ্যও ভাল হৈ থাকে।

যিসকল লোক দাঁতৰ আলুৰ বিষত ভুগি আছে, তেওঁলোকে মিঠাই খোৱাৰ পিছত পানী নিশ্চয়কৈ খাব লাগে। অন্যথা দাঁতৰ আলুৰ বিষ অধিক হ’ব পাৰে।