শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বোকাখাতৰ CRPF শিবিৰৰ গ্ৰেনেড বিস্ফোৰণত কোন জড়িত? কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

বোকাখাতৰ বিস্ফোৰণৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰে এই কাণ্ড কোনো বিদ্ৰোহী সংগঠনে সংঘটিত কৰা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।

বোকাখাতৰ CRPF শিবিৰৰ গ্ৰেনেড বিস্ফোৰণত কোন জড়িত? কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Published: 27 Jun 2025 21:32 PM

বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকা সকলো সন্দেহযুক্ত লোকক আটক কৰিছে আৰক্ষীয়ে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে এই দলটোৱে গুৱাহাটী, তেজপুৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিটা ডাঙৰ স্থানত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।

এক সংবাদমেলত মুখ্যমন্ত্রী শৰ্মাই কয়, “বোকাখাত, গুৱাহাটী, তেজপুৰ, আৰু লখিমপুৰত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা আছিল। বিস্ফোৰণ সংঘটিত কৰাৰ দায়িত্ব অৰ্পণ কৰা সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে।” তেওঁ লগতে কয় যে, অভিযুক্তৰ ঘৰৰ পৰা তিনিটা গ্ৰেনেড আৰু এটা পিষ্টল উদ্ধাৰ কৰা হৈছে।

যোৱা ২৪ জুনত বোকাখাতত সংঘটিত হোৱা এই বিস্ফোৰণত তিনিজন আৰক্ষী জোৱান আহত হয়। মটৰ চাইকেলত অহা দুজন লোকে বোকাখাত চি আৰ পি এফৰ এটা শিবিৰত নিক্ষেপ কৰিছিল গ্ৰেনেড।

বোকাখাত বিস্ফোৰণ সংঘটিত কৰা আৰু আন চাৰি ঠাইত বিস্ফোৰণৰ পৰিকল্পনা কৰা এই গোটৰ সকলোকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু মূল অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। “তেওঁ অসমত নাই, কিন্তু আমি তেওঁৰ স্থান অনুসৰণ কৰিছো আৰু অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “তেওঁলোক অপৰাধী মনোভাৱৰ ব্যক্তি যেন লাগে, কোনো সক্ৰিয় উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নহয়। ইয়াৰে এজনৰ আলফাৰ সৈতে পূৰ্বে সম্পৰ্ক আছিল আৰু কিছু দিন কাৰাগাৰত আছিল। ইয়াৰ বিপৰীতে আন কিছুমানে গৰু চুৰি আৰু ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধৰ সৈতে জড়িত হৈ আহিছে।”

তেওঁ স্পষ্টকৈ কয় যে, এই আক্ৰমণ কোনো বিদ্ৰোহৰ লক্ষণ নহয়। তেওঁ কয়,”এইবোৰ সংগঠিত উগ্ৰপন্থী আক্ৰমণ নহয়,বৰঞ্চ অপৰাধমূলক কাৰ্য। এতিয়াও তদন্ত কৰি থকা হৈছে।”

এনে বিস্ফোৰণে AFSPA পুনৰ ঘূৰাই আনিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে,”AFSPA অনিয়মীয়া এই ধৰণৰ কাণ্ডৰ সৈতে জড়িত নহয়। দীৰ্ঘদিনীয়া বিদ্ৰোহৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক ঘূৰাই অনাৰ কোনো উদ্দেশ্য নাই।” উল্লেখ্য যে, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ তিনিখন জিলাত সম্প্ৰতি বলবৎ হৈ আছে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত শান্তি-শৃংখলা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ সংকল্প পুনৰবাৰ উল্লেখ কৰি মাষ্টাৰমাইণ্ড আৰু যিকোনো সম্ভাৱ্য সহযোগীক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত থকা বুলি নিশ্চিত কৰি দিছে।