আদানী গোটে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ, বিকশিত হ’ব স্বাস্থ্য-শিক্ষাখণ্ড
আদানী গ্ৰুপৰ অংশ আদানী ফাউণ্ডেশ্যনে মহাৰাষ্ট্ৰৰ ‘দত্ত মেঘ ইনষ্টিটিউট অৱ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ’ (DMIHER)ৰ সৈতে সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰিছে। এই পদক্ষেপ আদানী গোটৰ অধ্যক্ষ গৌতম আদানীৰ ‘সেৱা হী সাধনা হ্যায়’ দৰ্শনৰ বহিঃ প্ৰকাশ বুলি আলোচিত হৈছে।
আদানী গ্ৰুপৰ অংশ আদানী ফাউণ্ডেশ্যনে মহাৰাষ্ট্ৰৰ ‘দত্ত মেঘ ইনষ্টিটিউট অৱ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ’ (DMIHER)ৰ সৈতে সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰিছে। DMIHERক সুলভ মূল্যৰ স্বাস্থ্য শিক্ষা আৰু সেৱা প্ৰদানৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ (CoE) হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আদানী ফাউণ্ডেশ্যনে এই পদক্ষেপ গ্ৰহণ কৰিছে। এনে কাৰ্যপ্ৰণালী আদানী গোটৰ অধ্যক্ষ গৌতম আদানীৰ ‘সেৱা হী সাধনা হ্যায়’ দৰ্শনৰ বহিঃ প্ৰকাশ বুলি আলোচিত হৈছে।
আদানী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডাঃ প্ৰীতি আদানীয়ে এই CoE- ৰ জৰিয়তে শৈক্ষিক উদ্ভাৱন, গৱেষণা আৰু কমিউনিটি কেয়াৰ একত্ৰিত হৈছে বুলি উল্লেখ কৰি গৌৰৱ প্ৰকাশ কৰে আৰু গুণগত স্বাস্থ্য তথা শিক্ষা সকলোৰে মৌলিক অধিকাৰ বুলিও দোহাৰে। একেদৰে এই সহযোগিতাই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে নতুন দিগন্ত মুকলি কৰিব বুলি মন্তব্য কৰে DMIHERৰ প্ৰতিষ্ঠাপক শ্ৰী দত্ত মেঘে।