শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ষ্টাৰলিংকক প্ৰত্যাহ্বান জনাবলৈ সাজু ৰিলায়েন্স জিঅ'...

ষ্টাৰলিংকক প্ৰত্যাহ্বান জনাবলৈ সাজু ৰিলায়েন্স জিঅ’…

barasha-sarma
Barasha Sarma | Published: 27 Jun 2025 21:48 PM

জিঅই মুকলি কৰিছে ৱাইফাই ছিক্স ৰাউটাৰ মুকলি কৰিছে।  Jio AX6000 Universal Router ৰ মূল্য প্ৰায় ৬ হাজাৰ টকা। ৱাইফাই ছিক্স ৰাউটাৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক ৰাউটাৰ।

শীঘ্ৰেই ভাৰতত ব্যৱসায় আৰম্ভ কৰিব ইলন মাস্কৰ ষ্টাৰলিংকে। কিন্তু এতিয়া ইলন মাস্কক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে মুকেশ আম্বানীৰ ৰিয়ালেন্স জিঅ’। শেহতীয়াকৈ জিঅই মুকলি কৰিছে ৱাইফাই ছিক্স ৰাউটাৰ মুকলি কৰিছে।  Jio AX6000 Universal Router ৰ মূল্য প্ৰায় ৬ হাজাৰ টকা। ৱাইফাই ছিক্স ৰাউটাৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক ৰাউটাৰ। ইয়াক ব্যৱহাৰ কৰি আপলোড আৰু ডাউনলোড দ্ৰুতভাৱে কৰিব পৰা যায়। ইয়াৰ বাহিৰেও এই ৰাউটাৰটো আন ৰাউটাৰতকৈ বহুত বেছি শক্তিশালী।

ষ্টাৰলিংকৰ দ্ৰুত ইন্টাৰনেট সেৱাক পৰাস্ত কৰিবলৈ জিঅ’ই মুকলি কৰিছে এই নতুন ৰাউটাৰ। ইয়াৰ উপৰিও জিঅ’ই এই ৰাউটাৰৰ সৈতে একেলগে ১০০টা ডিভাইচ সংযোগ কৰিব পৰা যাব বুলিও কৈছে। Jio ৰ দাবী ,প্ৰতিজন ব্যৱহাৰকাৰীয়ে এই ৰাউটাৰৰ জৰিয়তে বহু ডাটা ডাউনলোড কৰিব পাৰিব আৰু গতিৰ ক্ষেত্ৰত কাৰো কোনো সমস্যা নহয়।