শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…

আজি ৰাজ্যিক কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ বৈঠকত কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। ইয়াৰ লগতে পঢ়ক দিনটো ৯ টা গুৰুত্বপূৰ্ণ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
ৰাজ্যিক কেবিনেট বৈঠকImage Credit source: X Handle
manas-borah
Manas Borah | Published: 27 Jun 2025 20:34 PM

আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ বৈঠকত কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। ইফালে, আজিৰ দিনটোত কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ উপস্থিতিত গুৱাহাটীৰ সোণাপুৰত অনুষ্ঠিত হয় উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰ সামৰি প্ৰস্তুত কৰা এই প্ৰতিবেদনত পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

অসম চৰকাৰৰ কেবিনেট বৈঠক

আজি অনুস্থিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। তাৰোপৰি আন কেবাটাও সিদ্ধান্তত অনুমোদন কেবিনেটৰ।

সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীৰ সন্মিলন

কেন্দ্ৰীয় কয়লা আৰু খনিজ মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ উপস্থিতিত গুৱাহাটীৰ সোণাপুৰত অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চল খনি মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে পাহাৰীয়া জিলাসমূহত খনিজ সম্পদ অন্বেষণৰ বাবে ৰোড মেপ প্ৰস্তুত কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

বিতৰ্ক সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

বিজেপিত যোগদান কৰাৰ পাছত কোনো বেয়া কাম কৰা নাই বুলি শুকুৰবাৰে এক সংবাদমেলত কয় জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছত থকা সময়ত কৰা বেয়া কামৰ দায়িত্ব কংগ্ৰেছে লব লাগিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ভূমি বেদখল সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত পুনৰ কংগ্ৰেছৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক সন্তুষ্ট কৰি ৰখাৰ ফলত ৰাজ্যখনৰ ১৩ হাজাৰ বিঘাৰো অধিক মাটিত ব্যাপক বেদখল কৰা হৈছিল। কংগ্রেছ চৰকাৰে অনুপ্রৱেশকাৰীৰ ভোট বেংকৰ বাবে খিলঞ্জীয়া মানুহৰ অনুভূতিক উপেক্ষা কৰিছিল বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

জটিল হ’ব আধাৰ কাৰ্ড প্ৰদানৰ নিয়ম

এতিয়াৰ পৰা জটিল হ’ব পাৰে আধাৰ কাৰ্ড প্ৰদানৰ নিয়ম! শুকুবাৰে এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম চৰকাৰে প্ৰাপ্তবয়স্কৰ বাবে আধাৰ কাৰ্ড প্ৰদানৰ কঠোৰ নিয়মৰ ওপৰত চিন্তা-চৰ্চা কৰিছে। আধাৰ কাৰ্ড প্ৰদানৰ কঠোৰ নিয়মে অবৈধ বিদেশী ধৰা পেলোৱা আৰু বিতাড়নৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক আগুৱাই নিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

বন্ধ হ’ল ONGC ৰ ৰীগৰ গেছ নিৰ্গমন

অৱশেষত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ ONGC ৰ ৰীগৰ গেছ নিৰ্গমন। ১৬ দিন ধৰি শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা আৰ ডি এছ ১৪৭ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। বহু চেষ্টাৰ অন্ততো ONGC য়ে গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাছিল। যাৰ বাবে অঞ্চলটোৰ পৰা স্থানন্তৰ কৰা হৈছিল ৩০০ ৰো অধিক পৰিয়ালক। আজি এই নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় ONGC।

আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথ যাত্ৰা

আজিৰে পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা। এই উপলক্ষে ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰৰ লগতে দেশৰ আন প্ৰান্ততো দেখা গৈছে তীব্ৰ উতকণ্ঠা। জগন্নাথ মন্দিৰৰ পৰা বলোভদ্ৰ, জগন্নাথ আৰু সুভদ্ৰাক তিনিখন ৰথত বহুৱাই গুণ্ডিছাৰ মাহীয়েকৰ ঘৰলৈ যাত্ৰা কৰোৱা হৈছে।

কলকাতাত ছাত্ৰীক যৌন নিৰ্যাতন

কলকাতাত সংঘটিত হৈছে এক জঘন্য ঘটনা। দলবদ্ধ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী আইনৰ ছাত্ৰী। কলেজৰ শ্ৰেণী কোঠাত এজন প্ৰাক্তন ছাত্ৰ আৰু দুজন কৰ্মচাৰীয়ে সংঘটিত কৰে এই নিকৃষ্ট কাণ্ড। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি অভিযুক্তক।

ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব আমেৰিকাই

ভাৰত আৰু আমেৰিকাৰ মাজত শীঘ্ৰেই কোনো ডাঙৰ চুক্তি হোৱাৰ সম্ভাৱনা। এই ইংগিত প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ‘বিগ বিউটিফুল বিল’ কাৰ্যসূচীত ভাষণ দি ট্ৰাম্পে কয় যে, শীঘ্ৰেই ভাৰত আৰু আমেৰিকাৰ মাজত কোনো ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব। এই ঘোষণা কৰি ট্ৰাম্পে কয় যে, আমেৰিকাই চীনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতৰ সৈতেও শীঘ্ৰেই ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হ’ব।