Assam Panchayat Polls 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…
২ মে'ত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে ৭০.১৯ শতাংশ । প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ।

শুকুৰবাৰে অন্ত পৰে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ । ১৪ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৪.৩০ বজাত সামৰণি পৰে । দেখা যায় যে, ভোটগ্ৰহণৰ দিনটোত ৰাজ্যৰ কেইটাও ভোটগ্ৰহণ কেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইয়াৰ লগতে ভোটদান প্ৰক্ৰিয়াত বিসংগতি আৰু বাধা সৃষ্টি হোৱাৰ বাবে ৰাজ্যৰ ৪৩ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ ।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক বিবৃতি কোৱা হৈছে যে, শুকুৰবাৰৰ দিনটোত জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্য অনুসৰি আনুমানিক ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ । তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভুমি জিলাত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ।
Assam | 70.19 per cent voter turnout was recorded in the first phase of panchayat polls in Assam.
A fresh poll (Re-poll) will be held in 43 polling stations pic.twitter.com/d1sBqRLZmr
— ANI (@ANI) May 3, 2025
কেইটামান ভোটকেন্দ্ৰত অশুভ ঘটনা সংঘটিত হোৱা বাহিৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় বুলি দাবী কৰিছে নিৰ্বাচন আয়োগে । বিক্ষিপ্ত ঘটনা আৰু বিসংগতিৰ বাবে প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিছে নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে সদৰী কৰা মতে, হাইলাকান্দিৰ ৩১ টা, শ্ৰীভূমি – ৮ টা, লখিমপুৰত ২ টা, গোলাঘাটত ১ টা আৰু মাজুলীৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১২,৯১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ৪৪.৬৬ লাখ পুৰুষ আৰু ৪৪.৯৩ জন মহিলাকে ধৰি ৮৯.৫৯ লাখৰো অধিক লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰে।
লগতে পঢ়ক : পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…