শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰ্বাচনৰ দিনা ঘৰত বহি থকাতো পাপ, আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটনাৰ দিনঃ ভূপেন বৰা

আজি ৰাজ্যত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। নিজা সমষ্টিৰ পৰা ভোটদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, নিৰ্বাচনৰ দিনা ঘৰত বহি থকা পাপ।

নিৰ্বাচনৰ দিনা ঘৰত বহি থকাতো পাপ, আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটনাৰ দিনঃ ভূপেন বৰা
ভূপেন বৰাImage Credit source: Facebook (Bhupen borah)
barasha-sarma
Barasha Sarma | Updated On: 02 May 2025 10:43 AM

শুকুৰবাৰ ৰাজ্যত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। উজনি অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ইতিমধ্যে বহু ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। বিভিন্ন ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। সাধাৰণ ভোটাৰৰ লগতে নিজা সমষ্টিৰ পৰা ভোটদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। কংগ্ৰেছ নেতাগৰাকীয়ে সকলো ৰাইজক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

ভোটদান কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৰাই কয় যে, মই ভোট দিব আহিছো। মই ১৪ খন জিলাৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে।  এয়া আমাৰ নৈতিক দায়িত্ব। আমি অত্যন্ত আশাবাদী। ৰাইজে যোৱা সময়চোৱাত মনৰ ভিতৰত যি ক্ষোভ লৈ আছিল তাৰ আজি বহি প্ৰকাশ ঘটিব। বৰাই লগতে কয় যে, নিৰ্বাচনৰ দিনা ঘৰত বহি থকাতো পাপ।

বৰাই কয়, আমি কেৱল অধিকাৰৰ কথা ক’লেই নহয়, প্ৰতিনিধিক চিনাক্ত কৰা আমাৰ দায়িত্ব। গতিকে যিয়ে অধিকাৰৰ কথা কয়, সেইসকলে ভোটাৰৰ দায়িত্ব পালন কৰিব লাগে। এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদৰ্শন সন্দৰ্ভত বৰাই কয় যে, মহাত্মা গান্ধীৰ সপোন আছিল গ্ৰাম্য স্বৰাজ। পৰৱৰ্তী সময়ত ইয়াক সংবিধান প্ৰদত্ত আইনৰ ব্যৱস্থা কৰে ৰাজীৱ গান্ধীয়ে।

বিজেপি ওপৰত অভিযোগ উত্থাপন কৰি বৰাই কয় যে, এইবাৰ বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাছিল।  আমি যেতিয়া উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম বুলি ভাবুকি দিছিলো তেতিয়া হেঁচাত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল। যদি নিৰ্বাচন অনুষ্ঠিত নহ’লহেতেন, তেতিয়া পঞ্চায়তৰ নামত অহা ১,১০০ কোটি টকা অথলে গ’লহেতেন। নিৰ্বাচনৰ বাবে এতিয়া পুঁজি পাব পঞ্চায়তে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিৰ্বাচন ১৩ মাহ পৰ্যন্ত পিছুৱাই দিলে।

বিজেপিৰ প্ৰতি ৰাইজৰ ক্ষোভ থকা বুলি উল্লেখ কৰি বৰাই কয় যে, ৰাজ্যত নিবনুৱা সমস্য, মূল্যবৃদ্ধি সমস্যা আদিৰ বাবে জনতা ক্ষোভত আছে। গতিকে এই নিৰ্বাচনত জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ হ’ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতা নাছিল বাবে বাৰে বাৰে পিছুৱাই দিছিল। কিন্তু গণতান্ত্ৰিক দেশত ৰাইজে সকলো আৰু ৰাইজে নিৰ্বাচন কৰিব সকলো বুলি কয় বৰাই।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা  ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৬৪ গৰাকী। ইয়াৰ পাছতে অহা ৭ মেত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হব ১১ মে’ত।

 

অন্য খবৰ পঢ়কঃ Assam Panchayat election: আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৪ জিলাত মুঠ ভোটাৰ ৮৯,৬০,৫৭৭ গৰাকী