শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহাৰৰ নিৰ্বাচনী ফলাফলক লৈ অশোক সিংহলৰ ‘ফুলকবি’ পোষ্ট, সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া, ক্ষোভিত বিৰোধী…

অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে বিয়লি এক্সত এটা পোষ্টত ফুলকবি খেতিৰ ফটো শ্বেয়াৰ কৰে আৰু কেপচনত লিখে যে, "ফুলকবি খেতিৰ অনুমোদন বিহাৰৰ"। এই লেখাটোৰ পাছতে সমাজিক মাধ্যমত এক বিতৰ্ক সৃষ্টি হৈছে।

বিহাৰৰ নিৰ্বাচনী ফলাফলক লৈ অশোক সিংহলৰ ‘ফুলকবি’ পোষ্ট, সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া, ক্ষোভিত বিৰোধী…
manas-borah
Manas Borah | Updated On: 16 Nov 2025 17:19 PM

অসম কেবিনেট মন্ত্ৰী অশোক সিংহলৰ এটা সামাজিক মাধ্যমৰ পোষ্টে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই পোষ্টটোক কেন্দ্ৰ কৰি এক প্ৰকাৰে শাসকীয় দলক সমালোচনা লক্ষ্য কৰি লৈছে বিৰোধীয়ে। অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে বিয়লি এক্সত এটা পোষ্টত ফুলকবি খেতিৰ ফটো শ্বেয়াৰ কৰে আৰু কেপচনত লিখে যে, “ফুলকবি খেতিৰ অনুমোদন বিহাৰৰ”। এই লেখাটোৰ পাছতে সমাজিক মাধ্যমত এক বিতৰ্ক সৃষ্টি হৈছে।

কেবিনেট মন্ত্ৰীগৰাকীৰ এই পোষ্টটোক সমালোচনা কৰিছে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে, অশোক সিংহলৰ এই পোষ্টটোৱে ভাগলপুৰৰ সাম্প্ৰদায়িক হিংসাক স্বাভাৱিক পৰিঘটনালৈ ৰূপান্তৰিত কৰিছে। মন্ত্ৰী সিংহলক লক্ষ্য কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে লিখিছে,”বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত অসমৰ এজন কেবিনেট মন্ত্ৰীয়ে যিদৰে বিহাৰৰ ‘ফুলকবি খেতি’ৰ পথাৰৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত এক ইংগিতধৰ্মী আপডেট দিছে, ই ৰাজনৈতিক নৈতিকতাৰ বাবে দূৰ্ভাগ্যজনক। ই এক নিন্দনীয় আৰু লজ্জাজনক ঘটনা।”

তেওঁ কয়, “১৯৮৯ চনত ভাগলপুৰ হিংসাত ১১৬ গৰাকী মুছলমানক হত্যা কৰি তাৰ প্ৰমাণ লুকুৱাবলৈ তেওঁলোকৰ কবৰৰ ওপৰত ফুলকবিৰ খেতি কৰি ঢাকি দিয়া ঘটনাটোৰ বাবে এই ফটোখন বহুলভাবে চৰ্চিত। এনে দুঃখজনক ঘটনাক এনে ধৰণে দাঙি ধৰাটোৱে এইটোৱেই বুজাই যে, ‍কিছুমান মানুহে ৰাজনৈতিক জীৱনত কিমান নিম্নস্তৰলৈ নামিব পাৰে।”

মন্ত্ৰীগৰাকীৰ এই মানসিকতা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰদ্বাৰা প্ৰভাৱিত বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ কথা আৰু কৰ্মকাণ্ডৰ পৰা প্ৰমাণ হয় যে, তেওঁৰ মনত ভাৰতীয় সংখ্যালঘু জনগণৰ প্রতি ঘৃণাভাৱ আছে। কিন্তু এইয়া অসমৰ প্ৰকৃত মূল্যবোধৰ ছবি নহয়।”

“অসম হৈছে মহাপুৰুষ শংকৰদেৱ, লাচিত বৰফুকন আৰু আজান পীৰৰ পবিত্ৰ ভূমি। মোৰ বিশ্বাস, অহা বছৰত অসমবাসীয়ে ঘৃণা আৰু প্ৰলোভনৰ শাসন শেষ কৰিব।” এইদৰে সামাজিক মাধ্যমত লিখিছে গৌৰৱ গগৈয়ে।

ইফালে, অসমৰ মন্ত্ৰী অশোক সিংহলৰ পোষ্টটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মূল পোষ্টটোৰ উত্তৰত এজন ব্যৱহাৰকাৰীয়ে তেওঁক টেগ কৰিছিল। এক্সত @isaifpatel নামৰ এজন ব্যৱহাৰকাৰীয়ে সিংহলৰ এই পোষ্টৰ উত্তৰত কয় যে, “এজন কেবিনেট মন্ত্ৰীয়ে নিৰ্বাচনী জয় উদযাপন কৰিবলৈ ১১৬ জন মুছলমানৰ গণহত্যাক গ্লৰিফাইিং কৰিছে।”

তেওঁ থাৰুৰক টেগ কৰি প্ৰশ্ন কৰে যে, বিহাৰী মুছলমানৰ বিৰুদ্ধে হোৱা অন্যতম ভয়াৱহ হত্যাকাণ্ডৰ এই স্বাভাৱিককৰণক নিন্দা কৰিবলৈ কিছুমান প্ৰভাৱশালী হিন্দু নেতাক অনুপ্ৰাণিত কৰিব পাৰিবনে?

ইয়াৰ পিছতে কংগ্ৰেছৰ সাংসদগৰাকীয়ে এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই পৰোক্ষভাৱে অসম নেতাগৰাকীৰ পোষ্টৰ প্ৰতি সঁহাৰি জনায়। থাৰুৰে কয়, “মই কোনো সম্প্ৰদায় সংগঠক নহয়, গতিকে যৌথ বিবৃতি দিয়াটো মোৰ কাম নহয়। কিন্তু একত্ৰিত ভাৰতৰ এজন আবেগিক সমৰ্থক আৰু এজন গৌৰৱান্বিত হিন্দু হিচাপে মই নিজৰ পক্ষত কথা ক’ব পাৰো আৰু মই জনা বেছিভাগ হিন্দুৰ বাবে এই কথা ক’ব পাৰো যে, আমাৰ বিশ্বাস বা আমাৰ জাতীয়তাবাদেও এনে হত্যাকাণ্ডৰ প্ৰয়োজনীয়তা, ন্যায্যতা বা সহ্য নকৰে, হাত চাপৰি বজোৱাটো দূৰৰ কথা।