গুৱাহাটীৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা লালকিল্লাৰ গেট মুকলিলৈ, দিনটোৰ খবৰ…
Top9 News: আজি গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কন্যাৰ জন্মদিন উপলক্ষে খাদ্য বনাই আছিল পিতৃ-মাতৃয়ে। কিন্তু সেই সময়তে অগ্নিকাণ্ড সংঘটিত হয়।
টপ৯
আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোত এই দিৱস পালন কৰা হয়। এই দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল, যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা প্ৰভান্বিত নহয়। ১৯৯৭ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।
- গুৱাহাটীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। খাদ্য বনাই থাকোতে দুৰ্ভাগ্যবশতঃ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত নিহত দুই স্বামী-স্ত্ৰী দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। কথমপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ কন্যা শিশুটিৰ। জানিব পৰা মতে, শিশুটিৰ জন্মদিন উপলক্ষে খাদ্য বনাই আছিল দুয়ো। গেছ লিক হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
- শীঘ্ৰে অসম আৰক্ষীত ওলাব ৪ হাজাৰ নতুন চাকৰি। এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে-১ লাখ নিযুক্তিৰ লক্ষ্যক অতিক্রম কৰি অসমৰ যুৱ সমাজৰ বাবে ২ লক্ষাধিক সুযোগ সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ দিশে আমি আগবাঢ়িছোঁ। অসমৰ যুৱক-যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বার্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত ৪,০০০ নতুন চাকৰি।
- নগাঁও জিলাৰ বাইপাছত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ধাবাত এতিয়া চলিছে নাৰী দেহ ব্যৱসায়। শনিবাৰে বাইপাছৰ বিন্দাচ ধাবাৰ পৰা নগাঁও সদৰ আৰক্ষীয়ে অসংযত অৱস্থাত আটক কৰে তিনি গৰাকী যুৱতীসহ চাৰি যুৱকক।কেৱল সেয়াই নহয় ধাবা খনৰ পৰা আৰক্ষী সুৰা বটলসহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আপত্তিজনক সামগ্ৰী। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
- লামডিঙত বন্ধ কৰা হ’ল কথিত অবৈধ মাদ্ৰাছাৰ কাৰ্যকলাপ। জানিব পৰা মতে, দেওবাৰে লামডিঙৰ জাহকু আলীৰ বাসগৃহত চলি থকা অবৈধ মাদ্ৰাছাত স্থানীয় আৰক্ষীয়ে অভিযান চলায়। এই সময়চোৱাত বজৰংগ দলৰ একাংশ সদস্যও আৰক্ষীক সহযোগ কৰে। অভিযোগ অনুসৰি আলীয়ে চৰকাৰী অনুমতি অবিহনে আৰু মাদ্ৰাছা নিয়ন্ত্ৰণৰ সৈতে জড়িত ৰাজ্যিক নিৰ্দেশনা উলংঘা কৰি এই শিক্ষামূলক কাম-কাজ চলাই আছিল। অভিযানৰ সময়ত চেলিম উদ্দিন নামৰ এজনে শিক্ষকতা কৰি আছিল।
- সলনি হ’ব দিল্লীৰ তিনিটা মেট্ৰ’ ষ্টেচনৰ নাম। এই ঘোষণা মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ। আজি ৰাজ কলহ যাত্ৰাত অংশগ্ৰহণ কৰি গুপ্তাই কয় যে, এতিয়াৰ পৰা পিতামপুৰা মেট্ৰ’ ষ্টেচনক মধুবন চৌক, প্ৰশান্ত বিহাৰ মেট্ৰ’ ষ্টেচনক উত্তৰী পীতমপুৰা বা প্ৰশান্ত বিহাৰ, আৰু হেদৰপুৰ বাদলী মোৰ ষ্টেচনক হেদৰপুৰ গাঁও বুলি জনা যাব।
- পৰ্যটকৰ বাবে পুনৰ মুকলি দিল্লীৰ লালকিল্লা। আজি মুকলি কৰি দিয়া হয় গেট। উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত প্ৰায় ১৩ জন লোক নিহত আৰু কেইবাজনো আহত হৈছিল। তাৰ পাছতে বন্ধ কৰি দিয়া হৈছিল দিল্লীৰ লালকিল্লা।
- ইডেনত লজ্জাজনক আত্মসমৰ্পণ ভাৰতৰ। যোৱা ১৪ নৱেম্বৰৰ পৰা কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা ভাৰত–দক্ষিণ আফ্ৰিকাৰ প্ৰথম টেষ্ট মাত্ৰ আঢ়ৈ দিনতে অন্ত পৰে। দুৰন্ত প্ৰদৰ্শনেৰে এই মেচখনত ভাৰতীয় দলক ৩০ ৰানত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই।
- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ফোনযোগে বাৰ্তালাপ কৰে। এই সময়চোৱাত দুয়ো গাজা, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, ছিৰিয়াৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে দুয়োগৰাকী নেতা মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই তথ্য সদৰি কৰে।
অন্য খবৰ পঢ়কঃ ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…