শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জন্মদিনৰ দিনাই পিতৃ-মাতৃক হেৰুৱালে কণমানি কন্যাই! প্ৰকৃততে কেনেদৰে সংঘটিত হ’ল ভৰলুমুখৰ অগ্নিকাণ্ড?

তেওঁলোকে অট্টালিকাৰ তৃতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল। কন্যাৰ জন্মদিন উপলক্ষে পৰিয়ালটোৱে অনুষ্ঠানৰ যো-জা কৰিছিল। তেনেতে হঠাৎ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

জন্মদিনৰ দিনাই পিতৃ-মাতৃক হেৰুৱালে কণমানি কন্যাই! প্ৰকৃততে কেনেদৰে সংঘটিত হ’ল ভৰলুমুখৰ অগ্নিকাণ্ড?
প্ৰকৃততে কেনেদৰে সংঘটিত হ'ল ভৰলুমুখৰ অগ্নিকাণ্ড?
barasha-misra
Barasha Misra | Updated On: 16 Nov 2025 16:29 PM

মৃত্যু কাৰোবাবে সহজ নহয়! আজি গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে। কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। ভৰলুমুখৰ ৮ নং গেটত থকা অট্টালিকাত সংঘটিত হয় এই ঘটনাটো।

তেওঁলোকে অট্টালিকাৰ তৃতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল। কন্যাৰ জন্মদিন উপলক্ষে পৰিয়ালটোৱে অনুষ্ঠানৰ যো-জা কৰি আছিল। তেনেতে হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ডটো। তথ্য়নুসৰি গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

এই অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত DCP West অমিতাভ বসুমতাৰীয়ে জনোৱা মতে, ‘আজি তেওঁলোকৰ ছোৱালীগৰাকীৰ জন্মদিন আছিল বুলি শুনা গৈছে। তেওঁলোকে জন্মদিনৰ বাবে খানা প্ৰস্তুত কৰি আছিল আৰু তেনেতেই দুৰ্ঘটনাবশতঃ জুই লাগিল। সম্ভৱতঃ গেছ লিক হোৱাৰ বাবে এই ঘটনা সংঘটিত হ’ল। এই ঘটনাত স্বামী-স্ত্ৰী দুয়োগৰাকী নিহত হয় কিন্তু তেওঁলোকৰ কন্যা সন্তানগৰাকী সুৰক্ষিত আছে বুলি আমি গম পাইছোঁ।’