শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আফ্রিকান ছোৱাইন ফিভাৰৰ ফলত ব্যাপক হাৰত গাহৰিৰ মৃত্যু, এই সংক্ৰমণ ৰোধ কৰাৰ উপায়…

জনস্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰা আৰু পশুধনৰ মাজত সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰভাৱিত প্ৰতিখন জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে আপুনিও কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন।

আফ্রিকান ছোৱাইন ফিভাৰৰ ফলত ব্যাপক হাৰত গাহৰিৰ মৃত্যু, এই সংক্ৰমণ ৰোধ কৰাৰ উপায়…
manas-borah
Manas Borah | Published: 16 Nov 2025 11:05 AM

আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত অসমৰ কেইবাখনো জিলাত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। যাৰ ফলত সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। ইফালে, আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে।

কোনো কোনো অঞ্চলক সংক্ৰমিত অঞ্চল হিচাপে চিনাক্ত কৰি অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰা আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰস্তুতি, নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণৰ একচন প্লেন অনুসৰি গাহৰি নিধন কাৰ্য আৰম্ভ কৰিছে। একে সময়তে নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বহু অঞ্চলত “Surveillance Zone” হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

জনস্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰা আৰু পশুধনৰ মাজত সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰভাৱিত প্ৰতিখন জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে আপুনিও কিছু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন।

আফ্ৰিকান ছোৱাইন ফিভাৰ কেনেকৈ প্ৰতিৰোধ কৰিব?

প্ৰথমে আপোনাৰ গাহৰি পামখন এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ জৈৱ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগিব। এই সময়ত গাহৰিৰ মাংস বেচা-কিনাৰ পৰা একেবাৰে আঁতৰি থাকিব লাগিব ।

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ আবদ্ধ পদ্ধতি গ্ৰহণ কৰিব লাগে । যদি বিজ্ঞানসন্মতভাৱে আবদ্ধ পদ্ধতিত গাহৰি পালন কৰে, তেন্তে এই সংক্ৰমণ ৰোধ কৰিব পৰা যায়।

পামখনৰ চাৰিওফালে ৩ মিটাৰ দূৰত্বত বেৰ দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ লগতে অন্য জীৱ-জন্তুৰ লগতে বাহিৰৰ পৰা অহা লোক যাতে আপোনাৰ পামখনত প্ৰৱেশ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব।

গাহৰিৰ পামখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব । লেতেৰা পৰিৱেশত এই ধৰণৰ সংক্ৰমণ বৃদ্ধি পায় । পামখন পৰিষ্কাৰ কৰিবলৈ আপুনি ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰিব পাৰে ।

পামখনৰ বাবে আছুতীয়া পোছাকৰ ব্যৱস্থা কৰিব । এই পোছাক পৰিধান কৰিহে পামত প্রৱেশ কৰিব লাগে । ইয়াৰ লগতে সময়ে সময়ে পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।

যদি ওচৰৰ কোনো অঞ্চলত গাহৰি আক্ৰান্ত হৈছে, তেন্তে সেই অঞ্চলৰ গাহৰি আক্রান্ত নোহোৱা গাহৰি পামৰ ওচৰলৈ আহিব যাতে নোৱাৰে সেয়া নিশ্চিত কৰিব লাগে । যদি গাহৰিৰ শৰীৰত কোনো ধৰণৰ লক্ষণে দেখা দিয়ে, তেন্তে অতি সোনকালে পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

একে সময়তে কোনো কাৰণত যদি গাহৰিৰ মৃত্যু হয়, তেন্তে প্ৰায় ছয় ফুট দকৈ গাঁত খান্দি তাত পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ গাহৰিজনি আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত মৃত্যু হ’ব পাৰে।