শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘লাভ জিহাদ’ আৰু বহুবিবাহৰ বিৰুদ্ধে আগন্তুক বিধানসভা অধিৱেশত উত্থাপন হ’ব বিধেয়ক

এইবাৰ বহুবিবাহ আৰু লাভ জিহাদ ৰোধৰ বাবে বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িছে বিজেপি চৰকাৰ। আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰা হ'ব এই বিধেয়ক। আজি মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

‘লাভ জিহাদ’ আৰু বহুবিবাহৰ বিৰুদ্ধে আগন্তুক বিধানসভা অধিৱেশত উত্থাপন হ’ব বিধেয়ক
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 22 Oct 2025 16:57 PM

বহুবিবাহ আৰু লাভ জিহাদৰ বিৰুদ্ধে সুদীৰ্ঘ সময় ধৰি সৰৱ হৈ আহিছে বিজেপি চৰকাৰ। ইতিপূৰ্বে বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যত কঠোৰ আইন প্ৰণয়ন কৰিছিল চৰকাৰে। এইবাৰ বহুবিবাহ আৰু লাভ জিহাদ ৰোধৰ বাবে বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়িছে বিজেপি চৰকাৰ।

আজি নগাঁৱত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়, “এই বছৰ, বিধানসভা লাভ জিহাদ, বহুবিবাদ আৰু বৈষ্ণৱপীঠ সত্ৰসমূহৰ সৈতে সম্পৰ্কিত কেবাখনো ঐতিহাসিক বিধেয়কৰ সাক্ষী হ’ব। এই প্ৰস্তাৱসমূহ সদনত আলোচনা কৰা হ’ব। এই বিধেয়কসমূহ প্ৰণয়ন হ’লে আমি সংবাদমাধ্যমক সবিশেষ জনাম।”

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমানৰ মাজত জনসংখ্যাৰ ভাৰসাম্য হ্ৰাস পোৱাৰ বাবে ৰাজ্যখনৰ ভৱিষ্যত “সুৰক্ষিত নহয়” বুলি উল্লেখ কৰিছিল। স্বাধীনতা দিৱস উদযাপনৰ সময়ত শৰ্মাই উল্লেখ কৰে যে খিলঞ্জীয়া লোকসকল ১২-১৩খন জিলাত সংখ্যালঘু হোৱাৰ উপক্ৰম হৈ পৰিছে।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি শৰ্মাই লগতে কয় যে অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে খিলঞ্জীয়া লোকসকল “১২-১৩খন জিলাত সংখ্যালঘু” হোৱাৰ বাবে প্ৰতিৰক্ষামূলক অৱস্থাৰে আগবাঢ়িছে।

“অসমৰ ভৱিষ্যত আমাৰ বাবে সুৰক্ষিত নহয়। হিন্দু-মুছলমান জনসংখ্যাৰ ভাৰসাম্য দ্ৰুতগতিত হ্ৰাস পাইছে। ২০২১ চনত মুছলমান জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি পালে, আনহাতে হিন্দুসকলৰ সংখ্যা ৫৭ শতাংশলৈ হ্ৰাস পাইছে। বাকীখিনি খ্ৰীষ্টান আৰু অন্যান্য সম্প্ৰদায়ৰ লোক আছে।”

তেওঁ আলোকপাত কৰে যে ২০২১ চনত মুছলমান জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দু জনসংখ্যা ৫৭ শতাংশলৈ হ্ৰাস পাইছে, বাকীসকল খ্ৰীষ্টান আৰু অন্যান্য সম্প্ৰদায়ৰ লোক।