শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 news: গুৱাহাটীত যুৱকৰ মৃতদেহ উদ্ধাৰৰ পৰা মাছুদ আজহাৰৰ পৰিকল্পনালৈ, দিনটোৰ খবৰ…

Top9 News: আজিৰ দিনটোৰ ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক চেক বিতৰণ কৰাৰ লগতে নতুন বিধেয়ক সন্দৰ্ভতো মত প্ৰকাশ কৰে।

Top9 news: গুৱাহাটীত যুৱকৰ মৃতদেহ উদ্ধাৰৰ পৰা মাছুদ আজহাৰৰ পৰিকল্পনালৈ, দিনটোৰ খবৰ…
টপ৯
barasha-sarma
Barasha Sarma | Updated On: 22 Oct 2025 18:46 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ-

১)নগাঁও-বটদ্ৰৱা সমষ্টিৰ সৰ্বমুঠ ২৬,৫৮৫ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান। ইয়াৰে ১৯,৬২৮গৰাকী হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু ৬,৯৫৭গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।এক বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক চেক বিতৰণ কৰে। ইয়াৰ অধীনত মহিলাসকলে ১০ হাজাৰ টকাকৈ লাভ কৰে।

২)অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত সংঘৰ্ষ। এই ঘটনাত নিহত হয় আলফা (স্বা)ৰ এজন কেডাৰ।নিহত কেডাৰজন আইৱান অসম বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ তিনিচুকীয়াৰ কৰদৈগুৰীৰ জকাইচুকত। মৃত আলফা (স্বা)ৰ সদস্যগৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

৩)জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে এক বিশেষ প্ৰতিবাদ। নলবাৰীৰ পৰা আৰম্ভ কৰা হৈছে এই কাৰ্যসূচী।  “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শীৰ্ষক কাৰ্যসূচীত আজি নলবাৰীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ লগতে হাজাৰ হাজাৰ জনতা।

৪)লাভ জিহাদৰ বিৰুদ্ধে বিধানসভাত উত্থাপন হ’ব নতুন বিধেয়ক। আজি নগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবছৰ বিধানসভাত লাভ জিহাদ, বহুবিবাদ আৰু বৈষ্ণৱপীঠ সত্ৰসমূহৰ সৈতে সম্পৰ্কিত কেবাখনো ঐতিহাসিক বিধেয়ক উত্থাপন হ’ব। এই প্ৰস্তাৱসমূহ সদনত আলোচনা কৰা হ’ব। এই বিধেয়কসমূহ প্ৰণয়ন হ’লে আমি সংবাদমাধ্যমক সবিশেষ জনাম বুলি কয় শৰ্মাই।

৫)মহানগৰীৰ বেলতলাত ৰহস্যজনক মৃত্যুৰ ঘটনা। বেলতলাৰ লাষ্টগেটত থকা সূৰ্য এনক্লেভৰ বি ব্লকৰ চাৰি ই ত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ নাম জেমছ বৰুৱা বুলি জানিব পৰা গৈছে। নিশা প্ৰেয়সীৰ লগত আছিল জেমছ। তাৰ পাছতে আজি পুৱা উদ্ধাৰ হয় মৃতদেহ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

৬)মাছুদ আজহাৰে আৰম্ভ কৰিছে নতুন পৰিকল্পনা। জৈছ-ই-মহম্মদে পাকিস্তানত মহিলা সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছে। জৈছৰ মুৰব্বী মাছুদে নিজৰ ভগ্নীক ইয়াৰ দায়িত্ব অৰ্পন কৰিছে। ইতিমধ্যে ভগ্নীয়ে টুফাত আল মুমিনাত নামৰ জেহাদী পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পাঠ্যক্ৰমৰ দ্বাৰা মহিলাসকলক সন্ত্ৰাসবাদত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হ’ব।

৭)ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদত অহা ২৩ নৱেম্বৰত এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ অধ্যক্ষতা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই সময়চোৱাত সেনাবাহিনীৰ বাবে ৰকেট লঞ্চাৰ, নৌসেনা আৰু বায়ুসেনাৰ বাবে পৃষ্ঠৰ পৰা বায়ুলৈ মিছাইল (MR-SAM) আৰু চাৰিখন থলুৱা লেণ্ডিং প্লেটফৰ্ম ডক (এল পি ডি) জাহাজৰ বাবে ৩৩,০০০ কোটি টকাৰ বৃহৎ চুক্তি স্বাক্ষৰ কৰা হ’ব পাৰে।

৮)জুবিন গাৰ্গৰ মৃত্যুক ৰাজনীতিকৰণ কৰি ৰাজ্যত উত্তেজনা সৃষ্টি কৰিবলৈ একাংশ লোকে। কণ্ঠশিল্পীগৰাকীৰ প্ৰকৃত অনুৰাগীৰ ৰূপ লৈ ৰাজ্যত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে এক শক্তিয়ে। এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে বিজেপিয়ে জুবিনৰ সকলো “প্ৰকৃত অনুৰাগী”ক একত্ৰিত কৰি ৰাজ্যখনক “ভুৱা অনুগামী”ৰ যিকোনো অশান্তিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে।

৯)উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। উমৰাংছুৰ এগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। অৱশ্যে এই দাবী অস্বীকাৰ কৰিছে গাৰ্লোচাই।