শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২০২৬ চনৰ পৰা সলনি হ’ব বেংকিং আইন, লকাৰত চুৰি হ’লে ১০০ গুণ ক্ষতিপূৰণ

নতুন নিয়মসমূহে KYC (Know Your Customer) প্ৰক্ৰিয়াটোক আৰু অধিক সৰল কৰি তুলিছে। সাধাৰণ একাউণ্টৰ বাবে কেৱাইচি প্ৰতি ১০ বছৰৰ মূৰে মূৰে এবাৰ, মধ্যমীয়া বিপদজনক একাউণ্টৰ বাবে প্ৰতি ৮ বছৰৰ মূৰে মূৰে, আৰু উচ্চ বিপদজনক গ্ৰাহকৰ বাবে প্ৰতি ২ বছৰৰ মূৰে মূৰে সম্পূৰ্ণ কৰা হ’ব।

২০২৬ চনৰ পৰা সলনি হ’ব বেংকিং আইন, লকাৰত চুৰি হ’লে ১০০ গুণ ক্ষতিপূৰণ
২০২৬ চনৰ পৰা সলনি হ’ব বেংকিং আইন
barasha-misra
Barasha Misra | Updated On: 22 Oct 2025 18:27 PM

ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকিং ব্যৱস্থাত বৃহৎ সংস্কাৰ ৰূপায়ণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আৰ বি আইয়ে ২৩৮টা নতুন বেংকিং নিয়মৰ খচৰা জনসাধাৰণৰ আগত প্ৰকাশ কৰি ১০ নৱেম্বৰলৈকে মন্তব্য বিচাৰিছে। এই নিয়মসমূহ ২০২৬ চনৰ আৰম্ভণিতে কাৰ্যকৰী কৰিব পৰা যাব জনমত আৰু বেংকিং প্ৰতিষ্ঠানসমূহৰ পৰা পোৱা মতামতৰ ভিত্তিত। এই প্ৰস্তাৱিত পৰিৱৰ্তনসমূহৰ লক্ষ্য হৈছে গ্ৰাহকৰ সুৰক্ষা বৃদ্ধি কৰা, বেংকিং সেৱাসমূহ সৰল কৰা, আৰু বেংকসমূহৰ বাবে জবাবদিহিতা নিশ্চিত কৰা।

চাইবাৰ জালিয়াতিৰ ওপৰত কঠোৰ

আৰ বি আইয়ে উল্লেখ কৰিছে যে যদি কোনো গ্ৰাহকৰ একাউণ্ট চাইবাৰ জালিয়াতিৰ বলি হয় আৰু তেওঁলোকে তিনিদিনৰ ভিতৰত বেংকক খবৰ দিয়ে, তেন্তে তেওঁৰ জবাবদেহি শূন্য হ’ব, অৰ্থাৎ গ্ৰাহকৰ কোনো লোকচান নহ’ব। তদুপৰি যদি এনে ক্ষেত্ৰত বেংকে সময়মতে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ইয়াৰ বাবে বেংকসমূহে চাইবাৰ সুৰক্ষাৰ প্ৰতি আৰু অধিক সজাগ হ’ব লাগিব।

লকাৰ বিবাদত গ্ৰাহকক সকাহ

লকাৰ সম্পৰ্কীয় বিবাদতো গ্ৰাহকৰ স্বাৰ্থত এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে। যদি কোনো গ্ৰাহকৰ লকাৰ চুৰি হয় বা বেংকৰ গাফিলতিৰ বাবে বা ক্ষতিগ্ৰস্ত হয়, তেন্তে বেংকে লকাৰৰ ভাড়াৰ ১০০ গুণ পৰ্যন্ত ক্ষতিপূৰণ দিব লাগিব।

সৰল কে ৱাই চি প্ৰক্ৰিয়া

নতুন নিয়মসমূহে KYC (Know Your Customer) প্ৰক্ৰিয়াটোক আৰু অধিক সৰল কৰি তুলিছে। সাধাৰণ একাউণ্টৰ বাবে কেৱাইচি প্ৰতি ১০ বছৰৰ মূৰে মূৰে এবাৰ, মধ্যমীয়া বিপদজনক একাউণ্টৰ বাবে প্ৰতি ৮ বছৰৰ মূৰে মূৰে, আৰু উচ্চ বিপদজনক গ্ৰাহকৰ বাবে প্ৰতি ২ বছৰৰ মূৰে মূৰে সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ ফলত গ্ৰাহকে বাৰে বাৰে নথি-পত্ৰ জমা দিয়াৰ হেঁচাত পৰা মুক্ত হ’ব।

ঋণৰ নিয়মৰ উন্নতি

ঋণ সম্পৰ্কীয় বিষয়তো গ্ৰাহকক যথেষ্ট সকাহ দিয়া হৈছে। এতিয়া সকলো বেংকে সুতৰ হাৰ নিৰ্ধাৰণৰ বাবে একেধৰণৰ সূত্ৰ মানি চলিব লাগিব, স্বচ্ছতা নিশ্চিত কৰিব লাগিব। তদুপৰি সকলো ঋণৰ প্ৰিপেমেণ্ট পেনাল্টী সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ’ব। ইয়াৰ দ্বাৰা গ্ৰাহকে কোনো অতিৰিক্ত মাচুল নোহোৱাকৈ সময়সীমাৰ আগতেই ঋণ পৰিশোধ কৰিব পাৰিব।

জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ সুবিধা

ইয়াৰ উপৰিও ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ গ্ৰাহকক দুৱাৰমুখতে বেংকিং সেৱা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছে। অৰ্থাৎ তেওঁলোকে বেংকৰ শাখালৈ যোৱাৰ প্ৰয়োজন নহ’ব; বেংকৰ বিষয়াসকলে তেওঁলোকৰ দুৱাৰমুখতে অত্যাৱশ্যকীয় সেৱা আগবঢ়াব।

কেতিয়া কাৰ্যকৰী হ’ব নতুন নিয়ম?

আৰ বি আইয়ে উল্লেখ কৰিছে যে জনসাধাৰণ আৰু বেংকৰ পৰামৰ্শ বিবেচনা কৰাৰ পিছত এই নতুন নিয়মসমূহ পৰ্যায়ক্ৰমে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৬ চনৰ ১ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব। এই পৰিৱৰ্তনে বেংকিং খণ্ডত স্বচ্ছতা বৃদ্ধি কৰিব, গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিব, আৰু বেংকিং ব্যৱস্থাক অধিক জবাবদিহি কৰিব।